অসম

assam

উচ্চ ৰক্তচাপ/অতিচিন্তা গৰ্ভৱতী মহিলাৰ বাবে বিপদজনক নেকি ?

By

Published : Sep 9, 2020, 10:36 PM IST

গৰ্ভাৱস্থাত অতিচিন্তা সন্দৰ্ভত চিকিৎসক ডাঃ পূৰ্ভা সাহাকাৰীয়ে ইটিভি ভাৰতৰ বাৰ্তালাপ ৷

উচ্চ ৰক্তচাপ/অতিচিন্তা গৰ্ভৱতী মহিলাৰ বাবে বিপদজনক নেকি
উচ্চ ৰক্তচাপ/অতিচিন্তা গৰ্ভৱতী মহিলাৰ বাবে বিপদজনক নেকি

অতিচিন্তাই সমগ্ৰ বিশ্বৰে প্ৰায় 2-10 শতাংশ গৰ্ভৱতী মহিলাক প্ৰভাৱিত কৰে ৷ গৰ্ভাৱস্থাত বিভিন্ন কাৰণৰ ফলত অতিচিন্তাৰ উদ্ভৱ হয় আৰু ইয়াৰ পৰা মাতৃ আৰু সন্তান উভয়কে ৰক্ষা কৰাটো অতিকে প্ৰয়োজনীয় ৷ এই সন্দৰ্ভত চিকিৎসক ডাঃ পূৰ্ভা সাহাকাৰীয়ে ইটিভি ভাৰতৰ আগত বহুখিনি গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰে ৷

গৰ্ভাৱস্থাত চাৰিটা দিশত অতিচিন্তাৰ উদ্ভৱ হয় :

1. যেতিয়া এগৰাকী গৰ্ভৱতী মহিলাই গৰ্ভাৱস্থাৰ আৰম্ভনি আৰু 20 সপ্তাহ (পাঁচ মাহ)ত উচ্চ ৰক্তচাপৰ বলি হয় ৷

2. প্ৰস্ৰাৱৰ পৰীক্ষণৰ সময়ত প্ৰটিনৰ লগতে যেতিয়া গৰ্ভাৱস্থাৰ 20 সপ্তাহত উচ্চ ৰক্তচাপৰ বিষয়ে ধৰা পৰে ৷

3. প্ৰস্ৰাৱৰ পৰীক্ষণৰ সময়ত প্ৰটিনৰ নাটনিৰ লগতে যেতিয়া গৰ্ভাৱস্থাৰ 20 সপ্তাহত অতিচিন্তাৰ উদ্ভৱ হয় ৷

4. প্ৰথম আৰু দ্বিতীয়টো দিশৰ উভয়তে অতিচিন্তাৰ উদ্ভৱ হয় ৷

গৰ্ভাৱস্থাৰ প্ৰাৰম্ভিক পৰীক্ষণৰ সময়তে অতিচিন্তাৰ বিষয়ে ধৰা পৰে, যেতিয়াই 6ঘন্টাৰ অন্তৰালত দুবাৰ পৰীক্ষণত ৰক্ত প্ৰবাহ 140/90ৰ অধিক হিচাপে ধৰা পৰে ৷

অতিচিন্তাৰ ফলত অধিক ক্ষতি কাৰ ?

1. প্ৰথমবাৰ গৰ্ভধাৰণ কৰা মহিলাৰ

2. মহিলাগৰাকী 40 বছৰ বয়স বা তাতোকৈ অধিক বয়সৰ

3. পূৰ্বৰ গৰ্ভাৱস্থাত মহিলাগৰাকীৰ উচ্চ ৰক্তচাপৰ প্ৰমাণ থাকিলে

4. মধুমেহ, মেদবহুলতা, ধুম্ৰপান, বৃক্কৰ সমস্যা ধৰা মহিলাৰ গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপ থকা

5. যমজ অথবা বহুবাৰ গৰ্ভধাৰণ কৰা

গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপ চিনাক্ত কৰা :

গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপ চিনাক্ত কৰিবলৈ কেইটামান লক্ষণ আছে আৰু সেইসমূহৰ বিষয়ে জানিলেই মহিলাগৰাকীৰ শাৰিৰীক অৱস্থাৰ বিষয়ে জ্ঞাত হ'ব পাৰি ৷ এইক্ষেত্ৰত ফুলি উঠা ভৰি, হাত আৰু মুখমণ্ডল অন্যতম ৷ ইয়াৰ লগতে মুৰৰ বিষ, মুৰ ঘুৰাই পৰি যোৱা, দেখিবলৈ অস্পষ্ট হোৱা, পেটৰ অত্যধিক বিষ, বমি বমি ভাৱ হোৱা আৰু সঘনাই বমি হোৱা আদি অন্যতম ৷

অতিচিন্তাই গৰ্ভৱস্থাত মাতৃ আৰু সন্তান উভয়ৰ বাবেই মাৰাত্মক :

মাতৃৰ দেহত দেখা দিয়া অধিক জটিলতাৰ ভিতৰত উচ্চ ৰক্তচাপে মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়াও হৈ পৰে ৷ কেতিয়াবা জৰুৰীকালীন অৱস্থাত প্ৰসৱ কৰাবলগীয়া হয় ৷ এনে অৱস্থাত মহিলাগৰাকীয়ে আপেক্ষিকভাৱে পাকস্থলীৰ লগতে তেজৰ চেকুৰা মৰাৰ সম্ভাৱনা দেখা দিয়াৰ লগতে মগজুৰ জটিলতা আৰু ষ্ট্ৰোক দেখা দিব পাৰে ৷ অতিচিন্তাৰ বলি হোৱা এগৰাকী মহিলাৰ গৰ্ভাশয়ত থকা সন্তানটোৰ বিকাশতো সমস্যাই দেখা দিব পাৰে আৰু এই সমস্যাই অপৈনত সন্তান অথবা কেতিয়াবা সন্তানৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে ৷

ল'বলগীয়া পৰিচৰ্যাৰ স্তৰ :

এনেকুৱা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত তেওঁ নিয়মীয়াকৈ নিজৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰাৰ লগতে তেজৰ ক্ষেত্ৰত অধিক পৰীক্ষা আৰু বিশেষ অতিশব্দ পৰীক্ষণ কৰাটো প্ৰয়োজনীয় ৷ ৰক্তচাপ নিয়মীয়াকৈ পৰীক্ষণ কৰা আৰু এইক্ষেত্ৰত নিয়মীয়া ৰুটিন পালন কৰা, নিৰ্দিষ্ট পৰিমানৰ টোপনি, জিৰণী, খোজকঢ়া, ধ্যান কৰা আদি দিশত গুৰুত্ব প্ৰদান কৰিব লাগে ৷

সাধাৰণ প্ৰসৱ নে অস্ত্ৰোপচাৰ :

এইটো বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ৷ এইক্ষেত্ৰত চিকিৎসকসকলে অৱস্থাৰ নিৰীক্ষণ কৰি কি ব্যৱস্থাৰে প্ৰসৱ সম্পন্ন কৰিব তাক নিৰ্ধাৰণ কৰে ৷ বিশেষ কাৰণতহে অস্ত্ৰোপচাৰৰ সহায় লোৱা হয় ৷

উচ্চ ৰক্তচাপ প্ৰসৱৰ পিচত ঠিক হয়নে :

বহুক্ষেত্ৰত এইটো ঠিক হয় ৷ অৱশ্যে কিছুমানে তেওঁলোকৰ স্বাস্থ্যগত দিশটোত অধিক গুৰুত্ব দিবলগীয়া হয় ৷ ইয়াৰ ঘটনা অনুসৰিয়ে চিনাক্ত কৰিবলগীয়া হয় ৷ কিছুমানৰ ক্ষেত্ৰত গৰ্ভাৱস্থাৰ পিচটো উচ্চ ৰক্তচাপৰ প্ৰৱণতাই দেখা দিয়ে ৷ সেয়ে এক নিৰ্ধাৰিত সুস্বাস্থ্যবান, নিৰ্ধাৰিত ওজন আৰু স্বাস্থ্যগত খাদ্যাভ্যাস বৰ্তাই ৰখাটো এইক্ষেত্ৰত অধিক গুৰুত্বপূৰ্ণ ৷

নিয়মীয়া পৰীক্ষণ আৰু সক্ৰিয় মানসিক স্বাস্থ্য অব্যাহত ৰখা, পৰিয়াল আৰু স্বাস্থ্যকৰ্মীৰ সৈতে নিয়মীয়া সংযোগত থাকিলে এনেকুৱা ক্ষেত্ৰত মহিলাসকলৰ স্বাস্থ্যগত দিশটো ঠিকে থাকিব বুলি ক'ব পাৰি ৷

ABOUT THE AUTHOR

...view details