অসম

assam

ETV Bharat / sukhibhava

গৰ্ভাৱস্থাত খাদ্যৰ তালিকাত ভাত অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নে ক্ষতিকাৰক! - latest health news

এগৰাকী মহিলাৰ বাবে গৰ্ভাৱস্থা এক অতি মূল্যৱান মুহূৰ্ত । এই সময়ত মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লগা হয় । ইয়াৰ বাবেই কেৱল মাকেই নহয়, শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সঠিকভাৱে হয়(Benefits of eating rice during pregnancy) ।

Is eating rice during pregnancy good or bad for health
গৰ্ভাৱস্থাত খাদ্যৰ তালিকাত ভাত অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নে ক্ষতিকাৰক!

By

Published : Oct 10, 2022, 1:14 PM IST

এগৰাকী মহিলাৰ বাবে গৰ্ভাৱস্থা এক অতি মূল্যৱান মুহূৰ্ত । এই সময়ত মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লগা হয় । ইয়াৰ বাবেই কেৱল মাকেই নহয়, শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সঠিকভাৱে হয়(Benefits of eating rice during pregnancy) ।

গৰ্ভাৱস্থাত মহিলাসকলে বহু সমস্যাৰ মাজেৰে পাৰ হ’বলগীয়া হয় । ইয়াৰ বাবে মহিলাসকল খাদ্য আৰু জীৱনশৈলীৰ প্ৰতি সচেতন হ’ব লাগে । একে সময়তে গৰ্ভাৱস্থাত ভাত খালে কিমান কিমান উপকাৰী এই বিষয়টোক লৈ মানুহৰ মনত বিভিন্ন প্ৰশ্নৰ উদয় হয়, আহকচোন ইয়াৰ বিষয়ে সঠিকভাৱে জানো-

গৰ্ভাৱস্থাত খাদ্যৰ তালিকাত ভাত অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নে ক্ষতিকাৰক!

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, গৰ্ভাৱস্থাত ভাত খোৱাটো একেবাৰে নিৰাপদ । অৱশ্যে কিমান ভাত খায় ? ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । অত্যধিক পৰিমাণৰ ভাত খালে তেতিয়া ওজন বৃদ্ধি হ’ব পাৰে । ভাতৰ পৰা মেগনেছিয়াম অত্যধিক পৰিমাণে পোৱা যায়, যিয়ে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত সহায় কৰে । লগতে মাতৃগৰাকীও সুস্থ হৈ থাকে ।

গৰ্ভাৱস্থাত খাদ্যৰ তালিকাত ভাত অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নে ক্ষতিকাৰক!

White rice আৰু Brown rice দুয়োবিধেই গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী । ইয়াত কেলচিয়াম, ফাইবাৰ, ৰাইব’ফ্লেভিন, থাইয়ামিন আৰু ভিটামিন ডি থাকে । যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰে । লগতে চাউলত প্ৰচুৰ পৰিমাণে পোৱা কাৰ্বহাইড্ৰেটে শৰীৰক শক্তি প্ৰদান কৰে ।

গৰ্ভাৱস্থাত খাদ্যৰ তালিকাত ভাত অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নে ক্ষতিকাৰক!

একে সময়তে Brown rice খালে গৰ্ভাৱস্থাত পেটৰ সৈতে জড়িত বিকাৰসমূহৰ পৰা গৰ্ভৱতী মহিলাক সকাহ দিয়ে । তদুপৰি এই ক্ষেত্ৰত পাচনতন্ত্ৰও শক্তিশালী হয় । লগতে Brown riceত গ্লাইচেমিক ইনডেক্স অতি কম । ইয়াৰ ফলত চুগাৰ নিয়ন্ত্ৰণত থাকে । ইয়াৰ বাবে গৰ্ভৱতী মহিলাই চাউল গ্ৰহণ কৰিব লাগে ।

গৰ্ভাৱস্থাত খাদ্যৰ তালিকাত ভাত অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নে ক্ষতিকাৰক!

ইয়াৰ বাবে Salmon মাছৰ লগত খাব পাৰি (Pregnancy food Salmon) । Salmon মাছত ওমেগা-৩ ফেটি এচিড প্ৰচুৰ পৰিমাণে পোৱা যায় । ইয়াৰ ফলত শিশুৰ মানসিক বিকাশ সঠিকভাৱে হয়(Salmon fish with rice) । ইয়াৰ উপৰিও ইয়াত এন্টি-ইনফ্লেমেটৰী, এন্টি-অক্সিডেটিভ, এন্টি-কাৰ্চিনোজেনিক গুণ আছে । এই গুণবোৰে মগজুক সকলো ধৰণৰ ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখে । ইয়াৰ বাবে ভাতৰ সৈতে Salmon মাছ আৰু গ্ৰহণ কৰিব পাৰে ।

লগতে পঢ়ক:Irregular periods: কিয় হয় অনিয়মিত মাহেকীয়া ? জানক ইয়াৰ কাৰণ আৰু উপায়

ABOUT THE AUTHOR

...view details