প্ৰাচীন পৰম্পৰা অনুসৰি শিশুক তিয়াই থোৱা কাঠবাদাম খুৱালে তেওঁলোকৰ মগজু খুবেই চোকা হয় বুলি কোৱা হৈছিল ৷ যদিও আজিও মানুহে এইকথা অনুসৰণ কৰি আহিছে ৷ কাঠবাদাম এনেকুৱা এবিধ শুকান ফল, যাৰ সেৱনে স্বাস্থ্যৰ বাবে অগণন উপকাৰ দিয়ে ৷ ইয়াৰ লগতে বহু প্ৰকাৰৰ ৰোগতো সকাহ পোৱা যায় ৷ মিঠাইৰ ওপৰত সজ্জাৰ বাবেও কাঠবাদাম ব্যৱহাৰ কৰা হয় ৷ কাঠবাদাম পুষ্টিকৰ উপাদানৰে ভৰপূৰ ৷ অধিকাংশ লোকে তিয়াই থোৱা কাঠবাদাম খায় কেৱল এই কাৰণেই যে ইয়াৰ দ্বাৰা স্বাস্থ্যৰ সৰ্বাধিক উপকাৰিতা পোৱা যায় ৷
কিন্তু আজি আমি কাঠবাদামৰ এটা বেলেগ কথাৰ সত্যতা জানিব পাৰিম যে কাঠবাদামৰ বাকলি উলিয়াই তিয়াই খোৱাৰ পিছত খাব লাগে নে নাই ? আচলতে কাঠবাদাম তিয়াই দিলে ইয়াত থকা পুষ্টিকৰ উপাদান বৃদ্ধি পায় ৷ উল্লেখ্য়, কাঠবাদামৰ বাকলিত টেনিন নামৰ এবিধ পদাৰ্থ থাকে ৷ ইয়াৰ ফলত কাঠবাদামৰ পুষ্টিকৰ উপাদান শোষণ হোৱাত বাধাৰ সৃষ্টি কৰে ৷ সেইবাবেই কিছুমান মানুহে কাঠবাদামৰ বাকলি আঁতৰাই নাখায় কাৰণ ইয়াৰ দ্বাৰা কাঠবাদামৰ গোটেই পুষ্টিকৰ উপাদানসমূহ শৰীৰত সহজে শোষিত হ’ব পাৰে ৷ কিন্তু কাঠবাদামৰ বাকলি আঁতৰাই খোৱাৰ অন্য উপকাৰিতাও আছে ৷
কাঠবাদামৰ বাকলি অলপ শুকান আৰু সোৱাদত তিঁতা যেন অনুভৱ হয় ৷ বাকলিটো আঁতৰাই দিলে কাঠবাদামৰ মিঠা সোৱাদ বৃদ্ধি পায় ৷ লগতে যদি আপুনি কাঠবাদামৰ বাকলি আঁতৰোৱাৰ পিছত খায়, তেন্তে ইয়াত থকা কীটনাশক আৰু ৰাসায়নিক পদাৰ্থবোৰো আপোনাৰ পেটলৈ যোৱাৰ পৰা বিৰত থাকে ৷ কাঠবাদামৰ বাকলি স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে ৷ সেইবাবেই কাঠবাদামৰ বাকলি আঁতৰোৱাৰ পিছত হে কাঠবাদাম ১০০ শতাংশ বিশুদ্ধ আৰু স্বাস্থ্যকৰ ৷