অসম

assam

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 6:53 PM IST

ETV Bharat / sukhibhava

Jackfruit Seeds Benefits: স্বাস্থ্যৰ বাবে কঁঠালৰ গুটি কিমান উপকাৰী ?

বহু পুষ্টিকৰ গুণাগুণেৰে সমৃদ্ধ কঁঠালৰ গুটি ৷ ইয়াৰ গুটিবোৰত জিংক, আইৰণ, কেলচিয়াম, তাম, পটাছিয়াম আৰু মেগনেছিয়ামো থাকে ৷ আজি কঁঠালৰ গুটিৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

Is eating jackfruit seed good for health?
স্বাস্থ্যৰ বাবে কঁঠালৰ গুটি কিমান উপকাৰী ?

কঁঠাল পৃথিৱীৰ আটাইতকৈ ডাঙৰ গছত হোৱা ফল ৷ ই প্ৰ'টিন, ভিটামিন বি আৰু পটাছিয়ামৰ দৰে পুষ্টিৰে সমৃদ্ধ ৷ কঁঠালটোৰ দৰেই ইয়াৰ গুটিবোৰো স্বাস্থ্যৰ বাবে খুবেই উপকাৰী ৷ কঁঠালৰ গুটি থিয়ামিন আৰু ৰিবোফ্লেভিনত সমৃদ্ধ ৷ যিয়ে আপুনি খোৱা খাদ্যক শক্তিলৈ পৰিৱৰ্তন কৰা আৰু চকু, ছাল আৰু চুলি স্বাস্থ্যৱান ৰখাত সহায় কৰে ৷ গুটিবোৰত জিংক, আইৰণ, কেলচিয়াম, তাম, পটাছিয়াম আৰু মেগনেছিয়ামো থাকে ৷ আজি কঁঠালৰ গুটিৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

বয়সৰ চাপৰ পৰা ছালক সুৰক্ষিত কৰে

ছাল কোঁচ খোৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কঁঠালৰ গুটি ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ বাবে আপুনি কঁঠালৰ গুটি এটা ভালদৰে গুৰি কৰি গাখীৰৰ সৈতে এটা পেষ্ট তৈয়াৰ কৰিব ৷ ছালৰ পৰা সূক্ষ্ম ৰেখাবোৰ আঁতৰাই ৰাখিবলৈ এই পেষ্টটো নিয়মীয়াকৈ আপোনাৰ মুখত প্ৰয়োগ কৰক ৷ কঁঠালৰ গুটিয়ে ছালখন সতেজ কৰি ৰখাত যথেষ্ট সহায় কৰিব পাৰে ৷ছালৰ পৰা বয়সৰ চাপ নাইকিয়া কৰিবলৈ আপুনি কঁঠালৰ গুটি পিছি লৈ তাত মৌ মিহলি কৰি ছালত লগাব পাৰে ৷

মানসিক চাপ, ছালৰ ৰোগ নিৰাময়ত সহায় কৰে

কঁঠালৰ গুটিত প্ৰ'টিন আৰু অন্যান্য মাইক্ৰ'নিউট্ৰিয়েণ্ট অধিক থাকে ৷ যিবোৰে মানসিক চাপৰ স্তৰ আৰু ছালৰ অন্যান্য ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ ছালৰ আৰ্দ্ৰতাৰ স্তৰ উচ্চ আৰু আপোনাৰ চুলি স্বাস্থ্যৱান কৰি ৰাখিবলৈও কঁঠালৰ গুটি খাব পাৰে ৷

ৰক্তহীনতা প্ৰতিৰোধ কৰে

কঁঠালৰ গুটি খালে শৰীৰত আইৰণৰ পৰিমাণ বৃদ্ধি হয় ৷ কঁঠালৰ গুটি হৈছে আইৰণৰ এক উৎকৃষ্ট উৎস ৷ আইৰণ সমৃদ্ধ আহাৰে ৰক্তহীনতা আৰু অন্যান্য তেজৰ বিকাৰৰ আশংকা নাইকিয়া কৰে ৷

চুলি, চকুৰ বাবে উপকাৰী

স্বাস্থ্যৱান চুলি আৰু ভাল দৃষ্টিশক্তি লাভ কৰিবৰ বাবে আপুনি কঁঠালৰ গুটি খাব পাৰে ৷ ইয়াত ভিটামিন এ প্ৰচুৰ পৰিমাণে থাকে, যিয়ে দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰিব পাৰে ৷ ভিটামিন এ য়ে চুলিও শক্তিশালী কৰে ৷

বদহজম প্ৰতিৰোধ কৰে

গুৰি কৰা কঁঠালৰ গুটি খালে বদহজমৰ পৰা আপুনি তাৎক্ষণিক সকাহ পাব পাৰে ৷ ভাল ৰ'দত গুটিবোৰ শুকুৱাই সেইবোৰ গুৰি কৰি ল’ব ৷ বদহজমৰ সমস্যা হলে আপুনি এই পাউদাৰ খাই খুব সোনকালে আৰোগ্য লাভ কৰিব পাৰে ৷ কোষ্ঠকাঠিন্যৰ বাবেও আপুনি কঁঠালৰ গুটি খাব পাৰে ৷ কিয়নো ই যথেষ্ট আঁহ সমৃদ্ধ ৷

পেশী শক্তিশালী কৰে

কঁঠালৰ গুটিত বহু পৰিমাণে প্ৰ'টিন থাকে, যিয়ে পেশী নিৰ্মাণত সহায় কৰে ৷ কঁঠালৰ গুটিত থকা প্ৰ'টিনবোৰ কলেষ্টেৰল মুক্ত ৷

লগতে পঢ়ক:Dental Care: সঁচাকৈ দাঁত পোকে খায়নে ? এই সন্দৰ্ভত কি কয় চিকিৎসকে ?

For All Latest Updates

ABOUT THE AUTHOR

...view details