অসম

assam

Jaggery Tea: চেনি দিয়া চাহৰ পৰিৱৰ্তে খাওক গুড়ৰ চাহ আৰু পাওক এই উপকাৰিতা

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 5:26 PM IST

চেনি স্বাস্থ্যৰ পক্ষে অতি হানিকাৰক ৷ কিন্তু গুড় খুব স্বাস্থ্য উপকাৰী ৷ গুড়ত যথেষ্ট পৰিমাণে প্ৰ'টিন, ভিটামিন বি ১২, কেলচিয়াম, আইৰণ, ভিটামিন চি থাকে, যিয়ে শৰীৰ স্বাস্থ্যৱান ৰখাত সহায় কৰে ৷আজি গুড় চাহ খোৱাৰ লাভালাভৰ বিষয়ে জানো আহক-

Is drinking jaggery tea good for your health?
চেনি দিয়া চাহৰ পৰিৱৰ্তে খাওক গুড়ৰ চাহ আৰু পাওক এই উপকাৰিতা

পৰিৱৰ্তনশীল ঋতুত বিভিন্ন স্বাস্থ্য সমস্যাই দেখা দিয়ে ৷ ইয়াৰ ভিতৰত চৰ্দি- কাহ আৰু ফ্লু অন্যতম ৷ এই দিনকেইটাত নিজকে নিৰোগী কৰি ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো খুবেই জৰুৰী ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ আমি আমাৰ খাদ্যভাস কিছু সলনি কৰাৰ প্ৰয়োজন ৷ হয়, এই দিনকেইটাত পাৰিলে চাহৰ সৈতে চেনিৰ সলনি গুড় খাব ৷ চেনি স্বাস্থ্যৰ পক্ষে অতি হানিকাৰক ৷ কিন্তু গুড় খুব স্বাস্থ্য উপকাৰী ৷ গুড়ত যথেষ্ট পৰিমাণে প্ৰ'টিন, ভিটামিন B12, কেলচিয়াম, আইৰণ, ভিটামিন C থাকে, যিয়ে শৰীৰ স্বাস্থ্যৱান ৰখাত সহায় কৰে ৷ আজি গুড় চাহ খোৱাৰ লাভালাভৰ বিষয়ে জানো আহক-

ৰক্তহীনতা

গুড় চাহ খোৱাটো অত্যন্ত উপকাৰী ৷ বিশেষকৈ ৰক্তহীনতাৰ সমস্যাত ভুগিলে গুড়ৰ চাহ খাব লাগে ৷ ই শৰীৰত তেজৰ অভাৱ দূৰ কৰে ৷ গুড়ৰ চাহত আইৰণ থাকে, যিয়ে লোহিত ৰক্ত কণিকা গঠনত সহায় কৰাৰ লগতে হিম’গ্লবিনৰ স্তৰ বৃদ্ধি কৰে আৰু শৰীৰত তেজৰ অভাৱ দূৰ কৰে ৷

ওজন হ্ৰাস

ওজন হ্ৰাস কৰিবলৈও আপুনি গুড়ৰ চাহ খাব পাৰে ৷ চেনি চাহ খালে শৰীৰত চৰ্বি বৃদ্ধি হয় ৷ কিন্তু গুড়ৰ চাহ খোৱাটোৱেও ওজন নিয়ন্ত্ৰণত সহায় কৰে ৷

পাচন শক্তিশালী

পাচন তন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰখাতো গুড় চাহ খুব উপকাৰী ৷ যদি আপুনি নিয়মীয়াকৈ গুড়ৰ চাহ খায়, ই পাচন তন্ত্ৰ শক্তিশালী কৰাৰ লগতে কোষ্ঠকাঠিন্য, এচিডিটি, বদহজম আদিৰ দৰে সমস্যাৰ পৰাও সকাহ দিয়ে ৷

এইদৰে বনাব গুড়ৰ চাহ

গুড়ৰ চাহ তৈয়াৰ কৰিবলৈ এটা পেনত অলপ বেছিকৈ পানী উতলাব ৷

যেতিয়া পানী ভালদৰে উতলে, ইয়াত ইলাচী, আদা, ডালচেনি আৰু চাহপাত দি পুনৰ পানীখিনি উতলিবলৈ দিব ৷

পানীখিনি উতলিলে তাত গাখীৰ দিব ৷

এইদৰে কিছুসময় চাহখিনি উতলিলে আপোনাৰ জোখমতে গুড় দিব আৰু চাহখিনি ছেকনীৰে ছেকি পেলাব ৷

মনত ৰাখিব যাতে গুড় দিয়াৰ পিছত চাহ উতলাব নালাগে, অন্যথা চাহ ফাটি যাব ৷

লগতে পঢ়ক:Dhanteras Ritual: ধনতেৰচত কি নিয়ম পালন কৰিলে শুভফল লাভ কৰিব আপুনি ?

ABOUT THE AUTHOR

...view details