কন্যাক শক্তিশালী কৰাৰ লগতে কণ্ঠস্বৰ শক্তিশালী কৰা উদ্দেশ্যে প্ৰতি বছৰে ১১ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয় । ই কিশোৰীসকলৰ বাবে অধিক সুযোগৰ বাবে উৎসাহিত কৰিবলৈ তেওঁলোকৰ গুৰুত্ব, শক্তি আৰু সম্ভাৱনাক স্বীকাৰ কৰে । এই দিৱসে বিশেষ তাৎপৰ্য বহন কৰে কাৰণ ইয়াত বিশ্বজুৰি কন্যাসকলে বাল্য বিবাহ, বৈষম্য, হিংসাকে ধৰি সন্মুখীন হোৱা লিংগভিত্তিক প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰি আহিছে(International Day of Girl Child 2022) ।
২০১১ চনৰ ১৯ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৬৬/১৭০ নং প্ৰস্তাৱ গ্ৰহণ কৰি ১১ অক্টোবৰক আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস হিচাপে ঘোষণা কৰে,যাতে কন্যাসকলে তেওঁলোকৰ অধিকাৰ আৰু বিশ্বজুৰি সন্মুখীন হোৱা অনন্য প্ৰত্যাহ্বানসমূহে স্বীকৃতি লাভ কৰে ।
শিশুৰ দেহত থাকে ঈশ্বৰ । কিয়নো এটি শিশুৱে কোনো লোভ, স্বাৰ্থপৰতা, ষড়যন্ত্ৰ, চক্ৰান্ত একো বুজি নাপয় । এটি কণমানি শিশুৰ মুখৰ সেই সৰল আৰু সৎ হাঁহিটিয়ে যিকোনো লোকৰ মন মোহিব পাৰে । শিশু হৈছে ঈশ্বৰৰ এক সুন্দৰ উপহাৰ । প্ৰতিটো শিশু একো একোটা অমূল্য সম্পদ ।
ল'ৰাই হওক বা ছোৱালীয়েই হওক, প্ৰতিটো শিশুৱেই পাব লাগে সমান অধিকাৰ আৰু সমান মৰম-ভালপোৱা । কিন্তু বিভিন্ন ৰাজ্যত কন্যা শিশুৰ প্ৰতি বহু সময়ত অৱহেলিত মনোভাৱ পৰিলক্ষিত হয় । লিংগ বৈষম্যমূলক নেতিবাচক চিন্তাধাৰা দূৰ কৰাৰ উদ্দেশ্যেই বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰি অহা হৈছে ।
ইতিহাস:
১৯৯৫ চনত বেইজিঙত অনুষ্ঠিত হোৱা নাৰী সম্পৰ্কীয় বিশ্ব সন্মিলনত পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ঘোষণা কৰা হৈছিল । বিশ্বজুৰি কন্যা শিশুসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধানৰ প্ৰয়োজনীয়তা চিনাক্ত কৰাটোৱেই আছিল এই অনুষ্ঠানৰ মূল উদ্দেশ্য । বেচৰকাৰী, আন্তঃৰাষ্ট্ৰীয় সংগঠন পৰিকল্পনাৰ অংশ হিচাপেও আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস আৰম্ভ হৈছিল ।
বিশেষকৈ উন্নয়নশীল দেশসমূহত কন্যা শিশুসকলৰ অধিকাৰৰ প্ৰসাৰ আৰু দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ বাবে এই অভিযানৰ ৰচনা কৰা হৈছিল ।
তাৎপৰ্য্য:
কন্যাসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ লগতে কন্যাসকলৰ সবলীকৰণ আৰু তেওঁলোকৰ মানৱ অধিকাৰ পূৰণৰ ক্ষেত্ৰত প্ৰসাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত এই দিৱসত গুৰুত্ব আৰোপ কৰা হয় । কন্যা শিশুসকলৰো এক নিৰাপদ, শিক্ষিত আৰু সুস্থ জীৱনৰ অধিকাৰ আছে, কেৱল এই জটিল প্ৰাৰম্ভিক বছৰবোৰতে নহয়, তেওঁলোক নাৰীলৈ পৰিপক্ক হোৱাৰ লগে লগে । কৈশোৰ কালত যদি তেওঁলোকক ফলপ্ৰসূভাৱে সমৰ্থন কৰা হয় তেন্তে কন্যাসকলেও পৃথিৱীখন সলনি কৰিব পাৰে ।