অসম

assam

By

Published : Jul 3, 2023, 1:56 PM IST

ETV Bharat / sukhibhava

Sleeplessness: নিশা বাৰম্বাৰ টোপনি ভাগে নেকি ? তেন্তে আজিয়েই দূৰ কৰক এইসমূহ অভ্যাস

যদি আপুনি নিশা ৭ৰ পৰা ৮ ঘণ্টা ধৰি অবিৰতভাৱে টোপনি সম্পূৰ্ণ কৰিব নোৱাৰে, তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বহু ক্ষতি কৰিব পাৰে, জানো আহক আপুনি কেনেকৈ এই সমস্যাৰ পৰা হাত সাৰিব পাৰে ।

Insomnia: Suddenly wakes up at night? So repent from these mistakes today itself
নিশা বাৰম্বাৰ টোপনি ভাগে নেকি ? তেন্তে আজিয়েই দূৰ কৰক এইসমূহ অভ্যাস

কোনে নিবিচাৰে যে দিনটোৰ কাম-কাজৰ পিছত যেতিয়া ৰাতি শুবলৈ যোৱা হয় তেতিয়া তৎক্ষণাত যাতে টোপনি আহে আৰু পুৱা ভালদৰে উঠি পুনৰ নিজৰ কাম-কাজত লাগিব পাৰি । অধিকাংশ স্বাস্থ্য বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে, এজন সুস্থ প্ৰাপ্তবয়স্কই দিনটোত ৭ৰ পৰা ৮ ঘণ্টা টোপনি ল’ব লাগে, কিন্তু কিছুমান লোকে পৰ্যাপ্ত পৰিমাণে টোপনি লাভ কৰিব নোৱাৰে কাৰণ তেওঁলোকে নিশা বাৰে বাৰে টোপনিৰ পৰা সাৰ পায় আৰু তাৰ পিছত পুনৰ টোপনি আহিবলৈ বহু সময় লাগে যাৰ ফলত বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় । এই সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক-

সঘনাই টোপনি ভগাৰ কাৰণ

আমি প্ৰায়ে এই কথাত গুৰুত্ব নিদিওঁ, কিন্তু অনিদ্ৰাৰ ক্ষেত্ৰত আমাৰ খাদ্যাভ্যাসো বহুলাংশে দায়ী । শান্তিপূৰ্ণ টোপনি পাবলৈ আমি কি কি বস্তুৰ ক্ষেত্ৰত যত্ন লব লাগে জানো আহক ।

১/ ৰাতি কাৰ্ব নাখাব

ৰাতি শুবলৈ যোৱাৰ পূৰ্বে যিবোৰ বস্তুত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, সেইবোৰ খাদ্য খাব নালাগে, যেনে চাউল, চিপচ, আলু, কল আৰু পাস্তা আদি । কাৰ্বহাইড্ৰেটযুক্ত বস্তুৱে টোপনিত ব্যাঘাত জন্মায় আৰু নিশা বাৰে বাৰে টোপনি ভাগে ।

২/ ৰাতি চাহ আৰু কফি খোৱাৰ পৰা বিৰত থাকিব লাগে

ভাৰতত চাহ-কফি খোৱা লোকৰ অভাৱ নাই যদিও এই চখটোৱে আপোনাৰ টোপনি বিঘ্নিত কৰিব পাৰে কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে কেফেইন থাকে । প্ৰায়ে আমি টোপনিৰ পৰা মুক্তি পাবলৈ আৰু সতেজ অনুভৱ কৰিবলৈ চাহ-কফি খাওঁ, কিন্তু শুবলৈ যোৱাৰ ২-৩ ঘণ্টা পূৰ্বে ইয়াক গ্ৰহণ নকৰাটোৱেই ভাল ।

৩/ অধিক টেনচন ল’ব নালাগে

বৰ্তমানৰ ব্যস্ততাৰে ভৰা এই জীৱনত টেনচন থকাটো তেনেই সাধাৰণ কথা, কিন্তু যদি আপুনি ইয়াক অত্যধিকভাৱে আধিপত্য বিস্তাৰ কৰিবলৈ দিয়ে, তেন্তে ই আপোনাৰ মানসিক স্বাস্থ্যত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে, যিটো টোপনিত ব্যাঘাত জন্মোৱাৰ এটা প্ৰধান কাৰণ ।

লগতে পঢ়ক: Health Tips: আপুনিও আপোনাৰ শিশুৰ ওপৰত কাজল প্ৰয়োগ কৰে নেকি ? তেন্তে ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ জানি লওক

ABOUT THE AUTHOR

...view details