ভাৰতত প্ৰতি বছৰে প্ৰায় ২.৫ কোটি শিশুৰ জন্ম হয় আৰু প্ৰতি মিনিটতে এটি শিশুৰ মৃত্যুও হয় ৷ প্ৰসৱৰ সময়ত বা জন্মৰ পিছত প্ৰথম ২৪ ঘণ্টাৰ ভিতৰত প্ৰায় ৪৬ শতাংশ মাতৃৰ মৃত্যু আৰু ৪০ শতাংশ নৱজাতকৰ মৃত্যু হয় ৷ এই মৃত্যুৰ আঁৰত বহু কাৰণ আছে ৷ শিশুৰ মৃত্যুৰ আঁৰৰ মূল কাৰণসমূহ হ’ল ক্ৰমে- অকাল জন্ম, জন্মৰ পিছত সংক্ৰমণ আৰু জন্মগত বিকৃতি আদি ৷ শিশুৰ মৃত্যুৰ বিষয়ে মানুহক সজাগ কৰাৰ লগতে নীতি নিৰ্ধাৰকসকলক ইয়াক প্ৰতিৰোধৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিয়াৰ উদ্দেশ্যে প্ৰতি বছৰে ৭ নৱেম্বৰৰ দিনা শিশু সুৰক্ষা দিৱস পালন কৰা হয় ৷
ইতিহাস
তথ্য অনুসৰি, ১৯৯০ চনত বিশ্বজুৰি ৫০ লাখতকৈ অধিক নৱজাতকৰ মৃত্যু হৈছিল ৷ এই মৃত্যুৰ আঁৰত দৰিদ্ৰতা, নিৰক্ষৰতা, সময়ৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা, ১০০ শতাংশ প্ৰতিষ্ঠানিক প্ৰসৱৰ অভাৱ, মাতৃ-শিশুৰ উপযুক্ত পুষ্টিৰ অভাৱ, নিয়মীয়াকৈ টিকাকৰণ নকৰা আদি বহু কাৰণ পোৱা গৈছিল ৷ ভাৰতত শিশুৰ মৃত্যুৰ হাৰ অন্য দেশতকৈ বহু বেছি ৷ ইয়াৰ পিছত নব্বৈৰ দশকত বিশ্বৰ বহু দেশে সামূহিকভাৱে শিশুৰ স্বাস্থ্যৰ যত্ন উন্নত কৰাৰ লগতে শিশুৰ মৃত্যুৰ হাৰ (IMR) হ্ৰাস কৰাৰ সংকল্প লয় ৷ এই উদ্দেশ্য পূৰণৰ বাবে ইউৰোপীয় দেশসমূহে প্ৰথমে শিশু সুৰক্ষা দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইয়াৰ পিছতে আমেৰিকাকে ধৰি অন্যান্য দেশতো ৭ নৱেম্বৰত শিশু সুৰক্ষা দিৱস পালন কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ ইয়াৰ লক্ষ্য হৈছে নৱজাত শিশু আৰু তেওঁলোকৰ মাতৃক ৰোগমুক্ত কৰি ৰাখিবলৈ সুস্থ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাকে ধৰি অন্যান্য পদক্ষেপ গ্ৰহণ কৰা ৷
আই এম আৰ কি ?
ইয়াক শিশুৰ মৃত্যুৰ হাৰ-আই এম আৰ বোলা হয় ৷ জন্মৰ এবছৰৰ ভিতৰত প্ৰতি ১০০০ শিশুৰ মৃত্যুৰ সংখ্যাক শিশুৰ মৃত্যুৰ হাৰ বোলে ৷
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ ২০১৯-২১ (এন এফ এইচ এছ-৫)
- ১৮ বছৰৰ তলৰ বিবাহিত মহিলাৰ শতকৰা হাৰ ২৩.৩ শতাংশ ৷
- ১৫-৪৯ বছৰ বয়সৰ মহিলাৰ সাক্ষৰতাৰ শতকৰা হাৰ ৭১.৫ ৷
- মহিলাৰ মাজত প্ৰতিটো সন্তানৰ প্ৰজননৰ হাৰ ২.০ শতাংশ ৷
- প্ৰতি ১০০০ শিশুৰ ভিতৰত নৱজাতকৰ মৃত্যুৰ হাৰ ২৪.৯ শতাংশ ৷
- প্ৰতি ১০০০ শিশুৰ বিপৰীতে শিশুৰ মৃত্যুৰ হাৰ ৩৫.২ শতাংশ ৷
- ৫ বছৰৰ তলৰ প্ৰতি ১০০০ শিশুৰ বিপৰীতে পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ ৪১.৯ শতাংশ ৷
- সমীক্ষাৰ ৫ বছৰ আগতে শিশুৰ প্ৰতিষ্ঠানিক জন্মৰ শতকৰা হাৰ ৮৮.৬ ৷
- অস্ত্ৰোপচাৰৰ জৰিয়তে জন্ম হোৱা শিশুৰ শতকৰা হাৰ ২১.৫ শতাংশ ৷
ইউনিচেফ ইণ্ডিয়াৰ তথ্য অনুসৰি
- ভাৰতত প্ৰতিদিনে জন্ম হয় ৬৭৩৮৫ টা সন্তান ৷
- এই সংখ্যা সমগ্ৰ বিশ্বতে জন্ম হোৱা সন্তানৰ এক ষষ্ঠাংশ ৷
- ভাৰতত প্ৰতি মিনিটত এটি শিশুৰ মৃত্যু হয় ৷
- ল’ৰাতকৈ ছোৱালীৰ মৃত্যুৰ হাৰ বিশ্বৰ একমাত্ৰ দেশ ভাৰত ৷
- ভাৰতত শিশুৰ মৃত্যুৰ হাৰত লিংগ বৈষম্য ১১ শতাংশৰ ওচৰ চাপিছে ৷
- ল’ৰাৰ তুলনাত উন্নত চিকিৎসা সুবিধাৰ বাবে ছোৱালীক কম চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷
- ২০১৭ চনৰ তথ্য অনুসৰি ল’ৰাৰ অনুপাত হিচাপে ১ লাখ ৫০ হাজাৰ ছোৱালীক এছ এন চি ইউত ভৰ্তি কৰা হৈছিল ৷
- ভাৰতত মাতৃৰ মৃত্যুৰ হাৰ ৬ শতাংশ হ্ৰাস পাইছে ৷
- ২০১৪-১৬ চনত এক লাখ মহিলাৰ ভিতৰত ১৩০ গৰাকীৰ প্ৰসৱৰ সময়ত মৃত্যু হৈছিল, এই সংখ্যা ২০১৫-১৭ চনত ১২২ গৰাকী হৈছেগৈ ৷
- গৰ্ভাৱস্থাত মহিলাৰ মৃত্যুৰ পৰিসংখ্যা হ্ৰাস পোৱা গৈছে ৷ ২০১৭ চনৰ তুলনাত ২০০০ চনত ৫৫ শতাংশ হ্ৰাস পাইছে ৷
শিশুক কেনেকৈ সুৰক্ষা আৰু যত্ন ল’ব লাগে:
- নিৰাপদে জীয়াই থকাৰ পৰিৱেশ
- উন্নত খাদ্যৰ ব্যৱস্থা
- পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱা
- নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰক
- শিশুৰ শৰীৰৰ উষ্ণতাৰ প্ৰতি গুৰুত্ব দিব
- শিশুটিৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক
- শিশুটিৰ প্ৰতিক্ৰিয়াৰ প্ৰতি মনোযোগ দিয়ক
- শিশুৰ ওচৰত কেতিয়াও ধূমপান নকৰিব
লগতে পঢ়ক:Stomach Cancer Awareness Month: কিয় প্ৰতি বছৰে পালন কৰা হয় পেটৰ কৰ্কট ৰোগৰ সজাগতা মাহ