দেশত প্ৰদূষণৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ বিশেষকৈ দিল্লী, নয়ডা, গাজিয়াবাদৰ দৰে চহৰৰ লগতে অসমতো পৰিস্থিতি অতি বেয়াৰ দিশলৈ গতি কৰিছে ৷ মানুহে এই বিষাক্ত বতাহ উশাহ ল’বলৈ বাধ্য হৈছে ৷ আহক আমি আপোনালোকক জনাই দিও যে, দীপাৱলীত জ্বলোৱা ফটকাবোৰৰ বাবে প্ৰদূষণৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে ৷
এনে অৱস্থাত ইয়াত উশাহ ল’লে হাওঁফাওঁৰ ক্ষতি হয় ৷ এই সময়ছোৱাত যদি আপুনি ভাল খাদ্য গ্ৰহণ কৰে আৰু ভাপ গ্ৰহণ কৰে তেন্তে ইয়াৰ প্ৰভাৱ কম কৰিব পৰা যায় ৷ হয়, ভাপ ল’লে প্ৰদূষণৰ কণাবোৰ পৰিষ্কাৰ কৰাত সহায় কৰে ৷ ভাপ গ্ৰহণ কৰিলে কেনেধৰণৰ উপকাৰিতা সাধন হয় জানো আহক ৷
প্ৰদূষণৰ সময়ত ভাপ গ্ৰহণৰ উপকাৰিতা-
ডিঙিৰ বিষৰ পৰা সকাহ দিয়ে-
অধিকাংশ লোকেই প্ৰদূষণৰ বাবে ডিঙিত হোৱা কাহ, কফ আদি সমস্যাত ভুগিবলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত ভাপ লোৱাটো উপকাৰী হ’ব পাৰে ৷ হয়, দৈনিক ভাপ ল’লে ডিঙিত হোৱা কাহ, কফৰ পৰা সকাহ পোৱা যায় আৰু ডিঙিৰ বিষৰ পৰাও উপশম লাভ কৰিব পৰা যায় ৷ গতিকে দৈনিক ভাপ লোৱাটো খুবেই জৰুৰী৷