নিউজ ডেস্ক,5 আগষ্টঃ মাতৃ আৰু নৱজাতক দুয়োৰে বাবে মাতৃদুগ্ধ অতিকৈ উপকাৰী । মাতৃদুগ্ধই শিশুটিৰ বিকাশত সহায় কৰাৰ লগতে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । তদুপৰি ইয়াৰ জৰিয়তে শিশুটিৰ সৈতে মাতৃগৰাকীৰ নৈকট্য বৃদ্ধি পায় । আয়ুৰ্বেদেও শিশুক মাতৃদুগ্ধ পান কৰোৱাত গুৰুত্ব দি আহিছে । হায়দৰাবাদৰ ডা৹ বি আৰ কে আৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ বি.এ.এম.এছ.এম.ডি আয়ুৰ্বেদ ডা৹ শ্ৰীকান্ত পেৰুগুৱে এনেদৰে কয়—“আৰম্ভণিৰে পৰা দুগ্ধপান কৰাবলৈ আয়ুৰ্বেদে পৰামৰ্শ দিয়ে । সাধাৰণতে জন্ম দিয়া মাতৃগৰাকীয়ে শিশুটিক দুগ্ধপান কৰায় । কিন্তু মাকগৰাকীয়ে যদি নিৰ্দিষ্ট কিছুমান অসুস্থতাত ভুগি থাকে তেতিয়া আন এগৰাকী মহিলাই নৱজাতকটিক দুগ্ধপান কৰাব পাৰে । তেওঁক ধাত্ৰী বুলি কোৱা হয় ।"
প্ৰয়োজনীয় দিশসমূহ (স্তন সম্পদ)ঃ
গতিকে মাতৃদুগ্ধ শিশুটিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । অন্ততঃ জন্মৰ ছমাহলৈকে শিশুটি ইয়াৰ পৰা বঞ্চিত হ'ব নালাগে । মাতৃদুগ্ধত থাকিব লগা গুণাগুণবোৰৰ বিষয়ে ডা৹ শ্ৰীকান্তই তলত দিয়া ধৰণে ব্যাখ্যা কৰিছে ।
- ইয়াৰ ৰং স্বাভাৱিক হ’ব লাগে ।
- গোন্ধ স্বাভাৱিক হ’ব লাগে ।
- গাঢ়তা স্বাভাৱিক অৱস্থাত থকা উচিত ।
- অলপ মিঠা আৰু শিশুটিৰ বাবে সোৱাদযুক্ত হ’ব লাগে ।
- যেতিয়া এটা কাপত গাখীৰখিনি থোৱা হয় তেতিয়া ই সহজে আৰু সম্পূৰ্ণভাৱে গলি যাব লাগে । এইসমূহ গুণ থাকিলে মাকৰ গাখীৰে শিশুটিৰ সঠিক পুষ্টি আৰু বিকাশত সহায় কৰে।
অন্যান্য প্ৰয়োজনীয়তা (স্তন লক্ষণ)ঃ
অত্যধিক গাখীৰ আৰু অপৰ্যাপ্ত গাখীৰৰ লগত জড়িত এই দুটা দিশ আয়ুৰ্বেদে বৰ্ণনা কৰিছে ।
১. স্তন বৃদ্ধি লক্ষণ
ই মাকৰ অত্যধিক গাখীৰ থকাটো বুজায় । এই ক্ষেত্ৰত সঘনে মাতৃদুগ্ধ বাহিৰ হয় আৰু স্তনৰ আকাৰ ডাঙৰ হয় ।
২.স্তন ক্ষয় লক্ষণ
ই মাকৰ অপৰ্যাপ্ত গাখীৰৰ কথা বুজায় । ইয়াৰ ফলত কমকৈ মাতৃদুগ্ধ ওলায় আপু স্তনত অধিক গেছ থাকে । ইয়াৰ ফলত স্তনত চাপ বৃদ্ধি পায় ।
উপকাৰিতা (স্তন গুণ-কৰ্ম)