সুখীভৱ, 2 চেপ্তেম্বৰ: COVID-19 সম্প্ৰতি বন জুইৰ দৰে হৈ পৰিছে ৷ যাক নিয়ন্ত্ৰণ কৰাতো অত্যন্ত কঠিন হৈ পৰিছে ৷ বিশ্বজুৰি ভিন্ন দেশত লক্ ডাউন জাৰি কৰা স্বত্বেও এই মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পৰা নাই ৷ তাৰ সমান্তৰাকৈ এতিয়া সলনি হ'বলৈ ধৰিছে ভাৰতৰ জলবায়ু ৷ বৰ্ষাৰ আৰম্ভণিৰ লগে লগে এতিয়া অন্যান্য সংক্ৰমণাকত্মক ৰোগৰো উদ্ভৱ হৈছে ৷
ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ মতে, 2018 বৰ্ষত সমগ্ৰ ভাৰততে মৌচুমীৰ আগমনৰ লগে লগে ইনফ্লুয়েঞ্জা A (H1N1) ৰ সংখ্যা 28,798 গৰাকী লোকলৈ অতিক্ৰম কৰাৰ লগতে, ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই হৈছিলগৈ 1218 গৰাকী ৷
এই বিষয়ত ইটিভি ভাৰতৰ সুখীভৱৰ এটা দলে হায়দৰাবাদৰ Institute of Preventive Medicine ৰ সঞ্চালক ডাঃ কে. শংকৰৰ সৈতে আলোচনা কৰিছিল ৷ তেওঁ কয়, “এয়া দেংগু, ছোৱাইল ফ্লু আৰু অন্যান্য সংক্ৰমণাত্মক ৰোগৰ লগতে পানী সম্বন্ধীয় ৰোগৰ উদ্ভৱৰ সময় ৷ যি অক্টোবৰ মাহ তথা এই মাহত আশে-পাশে থকা মাহসমূহলৈ অব্যাহত থাকিব পাৰে ৷ তথাপিও COVID-19 ৰ প্ৰাদুৰ্ভাৱ অব্যাহত থাকিব পাৰে, যেতিয়ালৈ ৰাইজে প্ৰতিৰক্ষা শক্তি বিকশিত নকৰে ৷ সেয়েহে এতিয়াও সকলো ৰোগ নিবাৰণৰ কিছুমান উপায় কঠোৰভাৱে পালন কৰাতো দৰকাৰ ৷ লগতে অন্যান্য সংক্ৰমণাত্মক ৰোগ সংক্ৰমণৰ ক্ষেত্ৰত অধিক তৎপৰতা অবলম্বন কৰোতো দৰকাৰ ৷”
বৰষুণে কেনেকৈ COVID-19 ভাইৰাছত প্ৰভাৱ পেলায় ?
জলবায়ুৰ সলনিৰ লগে লগে হোৱা ৰোগ বিশেষকৈ মৌচুমীৰ সময়ত আটাইতককৈ অধিক সংক্ৰমণ হয় ৷ কিন্তু জলবায়ুক প্ৰভাৱ নভেল কৰ'ণা ভাইৰাছৰ ক্ষেত্ৰতো পৰে নেকি ? ইন্দোৰৰ এপল হাস্পতালৰ মেডিচিন বিশেষজ্ঞ ডাঃ সঞ্জয় কে. জৈনে এই ক্ষেত্ৰত কয়, “আমি আজিলৈ দেখি অহা মতে, বৰষুণে COVID-19 ৰ প্ৰসাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ পেলোৱা নাই ৷ ই হৈছে অন্যান্য ভাইৰাছৰ লগত COVID-19 ৰ পাৰ্থক্য ৷ অন্যান্য ভাইৰাছৰ ক্ষেত্ৰত বৰষুণে প্ৰভাৱ পেলালেও COVID-19 ৰ ক্ষেত্ৰত এনে নহয় ৷ এই ক্ষেত্ৰত আমি এক স্থিৰ অৱস্থা প্ৰত্যক্ষ কৰিছো ৷”
“উচ্চ আৰ্দ্ৰতাৰ ক্ষেত্ৰত ভাইৰাছবিধ বহু সময়লৈ বতাহত থাকে ৷ যদি কোনো লোকে হাঁচিয়াই বা কাঁহে তেন্তে টোপলবোৰ 6 ঘণ্টা পৰ্যন্ত বতাহত থাকিব পাৰে ৷ সেয়েহে তাপমানে এটা ভাইৰাছৰ অস্তিত্বৰ ক্ষেত্ৰত বিশেষ ভূমিকা অৱলম্বন কৰে ৷ এয়াই কাৰণ যে, কিছুমান ভাইৰেল সংক্ৰমণ অধিক বিয়পে তাপমান অনুযায়ী ৷” ডাঃ শংকৰে প্ৰকাশ কৰে এই কথা ৷
কেনেদৰে ভাইৰেল সংক্ৰমণবোৰ বিয়পে ?
জলবায়ু এগৰাকী ব্যক্তিৰ ভাইৰেল জ্বৰৰ মুখ্য কাৰণ হ'ব পাৰে ৷ ভাইৰেল সংক্ৰমণ এগৰাকী লোক হাঁচি, কাঁহ আদিৰ জৰিয়তে অধিক লোকলৈ বিয়পিব পাৰে ৷ ইয়াৰ বাহিৰেও যদি কোনো লোকে বৰষুণত তিতে তেন্তে তেওঁলৈয়ো বিয়পিব পাৰে ৷ ডাঃ সঞ্জয়ে কয়, যেতিয়া কোনো লোক বৰষুণত তিতে তেন্তে তেওঁৰ শৰীৰৰ তাপমানত হঠাতে কিছুমান সাল-সলনি ঘটিব পাৰে ৷ যাৰ বাবে লোকগৰাকীৰ চৰ্দি, জ্বৰ আদিৰ দৰে বেমাৰ হ'ব পাৰে ৷ ইয়াৰ বাহিৰেও আমাৰ শৰীৰত বহু বীজাণু থাকে, যাক Commensals বুলি কোৱা হয়, যিয়ে শৰীৰক লোকচান নকৰে ৷ কিন্তু তাপমান পৰিৱৰ্তনৰ লগে লগে সেই বীজাণু সমূহ সক্ৰিয় হৈ যায় আৰু সংক্ৰমণৰ কাৰণ হৈ পৰে ৷
কেনেদৰে প্ৰতিৰোধ কৰিব ?
অন্যান্য ভাইৰাছৰ সমান্তৰালকৈ COVID-19 মহামাৰীও উচ্চ হাৰত বৃদ্ধি হ'বলৈ ধৰিছে ৷ এই ক্ষেত্ৰত সকলোৱে পূৰ্বৰ তুলনাত আৰু অধিক সতৰ্ক হোৱাটো আৱশ্যক ৷ ডাঃ সঞ্জয়ৰ দ্বাৰা দিয়া কিছুমান নিবাৰক উপায় এনে ধৰণৰ:
1. আপোনাৰ হাত চাবুন আৰু পানীৰে 20 চেকেণ্ড পৰ্যন্ত সঘনাই ধোৱক বা এলকহল থকা হেণ্ড ৰাবেৰে পৰিস্কাৰ কৰক ৷