আয়ুৰ্বেদত এনে বহু কথা আছে, যাৰ বিষয়ে মানুহে অধিক নাজানে আৰু যাৰ সেৱনে শৰীৰৰ লগত জড়িত বহুতো সৰু-ডাঙৰ সমস্যা নিৰাময় কৰিব পাৰে ৷ ইয়াৰে এটা হ’ল তুলসীৰ বীজ বা সবজা বীজ ৷ এই নামটো আগতে শুনিছেনে ? যদি নাই, তেন্তে আজি আমি আপোনালোকক এই ক’লা ৰঙৰ বীজৰ আচৰিত উপকাৰিতাৰ বিষয়ে ক’বলৈ ওলাইছো ৷ আচলতে তুলসীৰ বীজ গুটি আমাৰ স্বাস্থ্যৰ বাবে এক আশীৰ্বাদৰ দৰে ৷ বিভিন্ন সমস্যাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় ৷ তুলসীৰ গুটিক ইংৰাজীত basil seeds বুলি কোৱা হয় ৷ এই ক’লা গুটিবোৰ পুষ্টিকৰ উপাদানৰ ভঁৰাল ৷ এই বীজবোৰ কেৱল ডায়েবেটিছ নিয়ন্ত্ৰণত সহায়ক হোৱাই নহয়, ওজন কমাবলৈও ফলপ্ৰসূ ৷
উল্লেখ্য যে, তুলসীৰ গুটিক মিঠা তুলসী, ফালুদা গুটি বা টুকমৰীয়া গুটি বুলিও কোৱা হয় ৷ কিছুমানে তুলসীৰ গুটিক চিয়া গুটি বুলি ভুলকৈ ভাবে, কিন্তু সেইবোৰ বেলেগ ৷ সাবজা বীজ, তুলসী প্ৰজাতিৰ উদ্ভিদৰ পৰা পোৱা যায় আৰু ইয়াত প্ৰ’টিন, কাৰ্ব আৰু অত্যাৱশ্যকীয় চৰ্বি প্ৰচুৰ পৰিমাণে থাকে ৷ লগতে এই বীজবোৰত প্ৰচুৰ পৰিমাণে আঁহ থাকে ৷ আজি এই প্ৰতিবেদনত আমি আপোনালোকক ক'ম যে ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে আৰু আপোনাৰ ছালৰ বাবে সাবজা গুটি কেনেদৰে উপকাৰী ৷
তুলসীৰ গুটি খোৱাৰ উপকাৰিতা-
১) ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰে-
যদি আপোনাৰ বি পিৰ সমস্যা আছে তেন্তে তুলসীৰ গুটি খোৱা আৰম্ভ কৰক ৷ এইবিধ ক’লা বীজে টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী ৷ আচলতে এই বীজবোৰৰ এনে গুণ আছে যিয়ে ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে ৷ এইবোৰে আপোনাৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া কৰে ৷ যাৰ বাবে কাৰ্বহাইড্ৰেটক গ্লুক’জলৈ ৰূপান্তৰিত কৰাৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰিত হৈ থাকে ৷ ব্ৰেকফাষ্টত এগিলাচ গাখীৰত ১ চামুচ তুলসীৰ গুটি মিহলাই খাব লাগে ৷