অসম

assam

ETV Bharat / sukhibhava

Weight Loss Spices: ক্ষীপ্ৰতাৰে ওজন হ্ৰাস কৰিবলৈ খাওক এইসমূহ মছলা - জালুক

ওজন কমাবলৈ বিপাকীয় ক্ৰিয়া উন্নত কৰাটো অতি প্ৰয়োজনীয় । সেয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰিবলৈ খাদ্যত কিছু মছলাও অন্তৰ্ভুক্ত কৰিব পাৰে ।

If you want to speed up your metabolism, then eat these spices, it will help in weight loss
ক্ষীপ্ৰতাৰে ওজন হ্ৰাস কৰিবলৈ খাওক এইসমূহ মছলা

By

Published : Jul 5, 2023, 8:20 PM IST

ওজন কমাবলৈ বিপাকীয় ক্ৰিয়া ভাল হোৱাটো অতি গুৰুত্বপূৰ্ণ । কিন্তু দুৰ্বল জীৱনশৈলীৰ বাবে মানুহৰ বিপাকীয় ক্ৰিয়া দুৰ্বল হৈ পৰে । যদি আপুনি বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰিব বিচাৰে তেন্তে খাদ্যত কিছু মছলাও অন্তৰ্ভুক্ত কৰিব পাৰে । এই মছলাবোৰেও দ্ৰুত ওজন কমাবলৈ সহায় কৰিব । এই মছলাবোৰ আপুনি আপোনাৰ খাদ্য তালিকাত বহু ধৰণে অন্তৰ্ভুক্ত কৰিব পাৰে ।

  • ডালচেনী

ডালচেনিত এন্টি-ইনফ্লেমেটৰীৰ লগতে এন্টিঅক্সিডেন্ট গুণ আছে । ডালচেনি খোৱাটোৱে আপোনাৰ ওজন দ্ৰুতভাৱে কমোৱাত সহায় কৰিব। ডালচেনে আপোনাৰ বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰে ।

  • ৰঙা জলকীয়া

ৰঙা জলকীয়াত কেপচাইচিন থাকে । ইয়াৰ তাপজনিত গুণ আছে । ইয়াৰ ফলত কেলৰি দ্ৰুতভাৱে বাৰ্ন হয় । ৰঙা জলকীয়া খালে বেয়া কলেষ্টেৰল কমাব পাৰি । ইয়াৰ লগে লগে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যও ভাল হয় ।

  • চফ

চফ এবিধ হৈছে শীতল মছলা । চফত প্ৰচুৰ পৰিমাণে ভিটামিন A, C আৰু D থাকে । ইয়াৰ এন্টিঅক্সিডেন্ট গুণ আছে । ই পাচনতন্ত্ৰ উন্নত কৰাৰ লগতে ই দ্ৰুতগতিত ওজন হ্ৰাস কৰাত সহায় কৰে ।

  • মেথি

মেথিত আঁহ থাকে । ইয়াৰ ফলত অধিক খাদ্য খোৱাৰ হেঁপাহ কমি যায় । পেটত থকা আঁহৰ বাবে পেটটো ভৰি থকা অনুভৱ হয় ৷

  • ইলাচি

ইলাচিয়ে আপোনাক পেট ফুলা আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে । ই আপোনাক দ্ৰুত ওজন কমাবলৈ সহায় কৰে ।

  • জালুক

জালুকত পেপেৰিন থাকে । ইয়াৰ ফলত আপোনাৰ বিপাকীয় ক্ৰিয়া দ্ৰুতগতিত বৃদ্ধি পায় । ই দ্ৰুতগতিত ওজন কমাবলৈ সহায় কৰে ।

  • হালধি

হালধিত কাৰকুমিন থাকে । হালধিত থকা গুণে আপোনাক দ্ৰুত ওজন হ্ৰাস কৰাত সহায় কৰে । ইয়াৰ ফলত আপোনাৰ পাচনতন্ত্ৰও সুস্থ হৈ থাকে । হালধি দি স্বাস্থ্যসন্মত পানীয় আৰু ব্যঞ্জন প্ৰস্তুত কৰিব পাৰে ।

লগতে পঢ়ক:Benefits of Oil in Navel: নাভিত লগাবলৈ আৰম্ভ কৰক এই তেল, দূৰ হ’ব আপোনাৰ বিভিন্ন সমস্যা

ABOUT THE AUTHOR

...view details