গণপতিৰ ভক্তসকলৰ বাবে গণেশ চতুৰ্থী উৎসৱ অতি বিশেষ ৷ এইবাৰ ১৯ ছেপ্টেম্বৰত বাপ্পা প্ৰত্যেক ঘৰতে উপস্থিত থাকিব ৷ গণপতি উৎসৱৰ দহ দিনত বাপ্পাক সন্তুষ্ট কৰিবলৈ ভক্তসকলে বিভিন্ন বস্তু আগবঢ়ায় যদিও আটাইতকৈ প্ৰিয় প্ৰসাদ মোদক বুলিয়েই গণ্য কৰা হয় ৷ মোদক অবিহনে ভগৱান গণেশক পূজা অসম্পূৰ্ণ ৰৈ যায় বুলি গণ্য কৰা হয় ৷ সেয়ে এইবাৰ ঘৰতে এই মোদকসমূহ প্ৰস্তুত কৰি গণপতিক ভোগ হিচাপে আগবঢ়াওক ৷ জানো আহক এই মোদকসমূহ নো কি ৷
মোদক ভিন্ন সোৱাদত তৈয়াৰ কৰিব পাৰি ৷ ভগৱান গণেশক আগবঢ়াবলৈ সহজ পদ্ধতিৰে ঘৰতে সুস্বাদু মোদকও প্ৰস্তুত কৰিব পৰা যায় ৷ গতিকে পাঁচ প্ৰকাৰৰ মোদকৰ ৰেচিপি জানি লওক ৷
নাৰিকল আৰু চাউলৰ সৈতে পৰম্পৰাগত মোদক ৰেচিপি
পৰম্পৰাগত মোদক বনাবলৈ ঘিউ গৰম কৰি তাত পপি গুটি ভাজি তাত ৰুকি লোৱা নাৰিকল আৰু গুৰ দি কম জুইত ভাজি ষ্টাফিং প্ৰস্তুত কৰি লওক ৷ মোদকৰ বাবে পিঠাগুৰি প্ৰস্তুত কৰিবলৈ প্ৰথমে কেৰাহীত পানী ঢালি ৰুচি অনুসৰি অলপ ঘিউ আৰু নিমখ দি উতলিবলৈ দিব ৷ ইয়াৰ পিছত চাউলৰ আটা দি লৰাই থাকোঁতে পিঠাগুৰিখিনি প্ৰস্তুত কৰি লওক ৷ এতিয়া কেৰাহীৰ পৰা উলিয়াই পিঠাগুৰি ভালদৰে মঠি সৰু সৰু বল বনাই মোদকৰ আকৃতিত ষ্টাফিং ভৰাই ১০-১৫ মিনিট ভাপত দিয়াৰ পিছত আপোনাৰ ভাপত দিয়া নাৰিকল আৰু চাউলৰ মোদকবোৰ সাজু হৈ উঠিছে ৷
শুকান ফলৰ মোদক
শুকান ফলৰ পৰা তৈয়াৰী মোদকৰ সোৱাদ অতি সোৱাদযুক্ত ৷ ইয়াৰ বাবে খোয়া আৰু নাৰিকলত শুকান ফল মিহলাই ষ্টাফিং প্ৰস্তুত কৰা হয় ৷ চেনিৰ সলনি মিঠাৰ বাবে খেজুৰ ব্যৱহাৰ কৰক ৷
বেচনৰ মোদক
বেচনৰ মোদক অতি সহজে তৈয়াৰ কৰা হয় ৷ ইয়াৰ বাবে লোকেল ঘিউত বেচন ভালদৰে ভাজি তাত চেনি গুড়ি ভালদৰে মিহলাই লওক ৷ ইচ্ছা কৰিলে মিহিকৈ কটা শুকান ফলো দিব পাৰে ৷ ইয়াৰ পিছত মোদকৰ আকৃতি দিব ৷