শুকান ফলত অত্যাৱশ্যকীয় পুষ্টি আৰু এন্টিঅক্সিডেন্ট গুণ পোৱা যায় বুলি সকলোৱে জানে ৷ আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰাৰ লগতে ই আপোনাক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰাও ৰক্ষা কৰে ৷ কিন্তু আপুনি জানেনে যে কিছুমান শুকান ফল আছে যিয়ে আপোনাক কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা উপশম দিয়ে ৷ বহু সময়ত অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পিছত বদহজম আৰু কোষ্ঠকাঠিন্য আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷
ইয়াৰ বাবেই আপুনিও অস্বস্তি অনুভৱ কৰে ৷ এনে পৰিস্থিতিত কিছুমান শুকান ফলো খাব পাৰে ৷ এই শুকান ফলবোৰে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা পৰিত্ৰাণ কৰাত সহায় কৰিব ৷
শুকান প্লাম
প্লাম এবিধ অতি সুস্বাদু টেঙা-মিঠা সোৱাদৰ ফল ৷ ই কোষ্ঠকাঠিন্য নিৰাময়ত সহায় কৰে ৷ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে ৷ কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি খাদ্য তালিকাত শুকান প্লামো অন্তৰ্ভুক্ত কৰিব পাৰে ৷
শুকান ডিমৰু
শুকান ডিমৰু খাব পাৰে ৷ শুকান ডিমৰুত খাদ্য আঁহ থাকে ৷ শুকান ডিমৰুত প্ৰ’টিন, কেলচিয়াম, জিংক, আইৰণ আৰু মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান থাকে ৷ ই আপোনাক কোষ্ঠকাঠিন্যৰ লগতে আন বহুতো ৰোগৰ পৰাও ৰক্ষা কৰে ৷