ছালৰ স্বাস্থ্যৰ যত্ন লোৱাটো কেতিয়াবা কঠিন কাম যেন লাগে ৷ কাৰণ ছাল এটা সংবেদনশীল অংগ আৰু ইয়াৰ লগত অলপ ল’ৰা-ধেমালী কৰিলে আপোনাৰ বহু সমস্যা বৃদ্ধি হ’ব পাৰে ৷ এনে পৰিস্থিতিত মানুহে পাৰ্লাৰলৈ গৈ নিয়মীয়াকৈ মালিচ আৰু ফেচিয়েল কৰে ৷
আনহাতে, আয়ুৰ্বেদত কিছুমান কথা আছে যিয়ে আপোনাৰ ছালৰ উন্নতি আৰু ইয়াৰ গ্লো বৃদ্ধি কৰাত সহায় কৰিব পাৰে ৷ যেনে অইল টানি বা অইল ৰিন্সিং আপোনাৰ ছালৰ ছিদ্ৰবোৰ ভিতৰৰ পৰা মুকলি কৰি ইয়াৰ টেক্সচাৰ উন্নত কৰিব পাৰে ৷ ইয়াৰ বাহিৰেও ইয়াৰ বহু উপকাৰ আছে, ইয়াৰ বিষয়ে বিতংভাৱে জানি লওক ৷
ব্ৰাছ কৰাৰ পিছত নাৰিকল তেলেৰে কুলিকুলি কৰক
- ব্ৰাছ কৰাৰ পিছত এচামুচ নাৰিকল তেল লওক ৷ সকলো মুখত ভৰাই থওক ৷
- পৰৱৰ্তী ১৫ৰ পৰা ২০ মিনিটলৈকে কুলিকুলি কৰি থাকক ৷
- তাৰ পিছত তেলখিনি মুখৰ বিভিন্ন অংশলৈ লৈ যাব ৷
- তেলখিনি এতিয়া মুখৰ পৰা উলিয়াই পেলাওক ৷ ইয়াক গিলিব নালাগে কাৰণ ই বিষাক্ত পদাৰ্থৰে ভৰপূৰ ৷
- ইয়াৰ পিছত আকৌ এবাৰ দাঁত ব্ৰাছ কৰক বা মাউথৱাছেৰে গাৰ্গল কৰক ৷
ছালৰ বাবে নাৰিকল তেলেৰে কুলিকুলি কৰাৰ উপকাৰিতা