14 অক্টোবৰৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ মহালয়াৰ লগে লগে ইতিমধ্যে দেৱী পক্ষৰ আৰম্ভণি হৈছে ৷ ঠায়ে ঠায়ে পূজা উদযাপনৰ প্ৰস্তুতিও আৰম্ভ হৈছে । উপবাস আৰু পূজাৰ উপৰিও সাজ-পোছাক আৰু মেকআপ কেনেকৈ পৰিধান কৰিব সেই বিষয়েও হয়তো মহিলাসকলে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । ষষ্ঠীৰ পৰাই মহানগৰৰ বিভিন্ন ঠাইত পূজাৰ উন্মাদন দেখিবলৈ পোৱা যায় ৷ ভিন্ন সাজ-পোচাকত মহিলাসকলে পূজা মণ্ডপত ভিৰ কৰা পৰিলক্ষিত হয় ৷ দেখা যায় যে বহু মহিলাই পূজাৰ পূৰ্বে কিদৰে নিজৰ ছালখনৰ যত্ন ল’ব তাৰ বাবে খেলিমেলিত পৰে ৷
সেয়ে আজি আমি আপোনালোকৰ বাবে তাৰকাসকলৰ কিছু সৌন্দৰ্যৰ টিপছ লৈ আহিছো যাৰ সহায়ত আপুনিও এইবাৰ দুৰ্গাপূজাত নিজক এক আকৰ্ষণীয় ৰূপ দিব পাৰে ৷
এই প্ৰতিবেদনত আমি আপোনালোকক আলিয়া ভাটৰ কিছু ছালৰ যতনৰ টিপছৰ বিষয়ে ক’বলৈ ওলাইছো যি আলিয়া ভাটে নিজেও তেওঁৰ দৈনন্দিন জীৱনত মানি আহিছে ৷
অভিনেত্ৰীগৰাকীয়ে এটি ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত তেওঁ কিদৰে নিজৰ ছালৰ যত্ন লয় সেই বিষয়ে ষ্টেপ বাই ষ্টেপ উল্লেখ কৰিছে ৷
ছালৰ ধৰণৰ যত্ন লওক
আলিয়াই শ্বেয়াৰ কৰা ভিডিঅ’টোত কয় যে, ছালৰ যত্ন লোৱাৰ পূৰ্বে ছালৰ ধৰণৰ বিষয়ে জনাটো খুবেই গুৰুত্বপূৰ্ণ । ব্ৰণৰ সমস্যাই আলিয়াক বহুত অসুবিধা দিয়ে । সেয়ে 'আলিয়া'ৰ পৰামৰ্শ দিয়া শ্ৰেষ্ঠ ছালৰ যত্নৰ ৰুটিনৰ বিষয়ে তলত উল্লেখ কৰা হ’ল
পদ্ধতি 1: পৰিষ্কাৰ কৰা
অভিনেত্ৰীগৰাকীৰ মতে, পুৱা সাৰ পোৱাৰ লগে লগে আমি প্ৰথমে মুখখন ভালদৰে পৰিষ্কাৰ কৰাটো উচিত । ইয়াৰ বাবে ফেচ ৱাছ ব্যৱহাৰ কৰাটোৱেই উত্তম । বজাৰত মুখ পৰিষ্কাৰ কৰাৰ বাবে বহুতো উত্তম বিকল্প আছে ৷ সেয়াও আপুনি আপোনাৰ ছালৰ ধৰণ অনুসৰি ব্যৱহাৰ কৰিব পাৰে ।
পদ্ধতি 2: টোনিং