অসম

assam

ETV Bharat / sukhibhava

Health Tips: উৎসৱ-পাৰ্বণৰ পিছত শৰীৰক ৰোগমুক্ত কৰি ৰাখিবলৈ কি কি কৰা উচিত ? - উৎসৱৰ সময়ত খাদ্যাভ্যাস

উৎসৱৰ সময়ত খাদ্যাভ্যাস বা ৰুটিনত অসাৱধানতাই বহুবাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় । উৎসৱ-পাৰ্বণৰ পিছত হজম সম্পৰ্কীয় আৰু বহুতো ধৰণৰ সমস্যা প্ৰায়বোৰ মানুহৰ মাজত দেখা যায় । একে সময়তে এনে লোক যিসকলৰ ইতিমধ্যে কোনো ৰোগ বা শাৰীৰিক সমস্যা আছে, তেওঁলোকৰ ৰোগ উৎসৱৰ পিছত কিছু সমস্যাৰ সন্মূখীন হয় । এইবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ উৎসৱৰ পিছত শৰীৰক ডিটক্স কৰিলে অতি উপকাৰী হ’ব পাৰে ।

If you want to avoid diseases after the festival then detox the body
উৎসৱ-পাৰ্বণৰ পিছত শৰীৰক ৰোগমুক্ত কৰি ৰাখিবলৈ কি কি কৰা উচিত ?

By

Published : Oct 26, 2022, 5:06 AM IST

উৎসৱৰ সময়ত খাদ্যাভ্যাস বা ৰুটিনত অসাৱধানতাই বহুবাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়(Diwali 2022) । উৎসৱ-পাৰ্বণৰ পিছত হজম সম্পৰ্কীয় আৰু বহুতো ধৰণৰ সমস্যা প্ৰায়বোৰ মানুহৰ মাজত দেখা যায় । একে সময়তে এনে লোক যিসকলৰ ইতিমধ্যে কোনো ৰোগ বা শাৰীৰিক সমস্যা আছে, তেওঁলোকৰ ৰোগ উৎসৱৰ পিছত কিছু সমস্যাৰ সন্মূখীন হয় । এইবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ উৎসৱৰ পিছত শৰীৰক ডিটক্স কৰিলে অতি উপকাৰী হ’ব পাৰে ।

দশেৰাৰ পিছত আৰম্ভ হোৱা উৎসৱ সমূহে মানুহৰ মনক অত্যন্ত সুখী কৰাই নহয় বৰঞ্চ জিভাকো আনন্দ দিয়ে । দৈনন্দিন খাদ্যত ইটোৰ পিছত সিটো ব্যঞ্জন আৰু বিভিন্ন ধৰণৰ মিঠাই অধিকাংশ লোকেই উপভোগ কৰে । কিন্তু উৎসৱৰ পাছত এই আনন্দ কেতিয়াবা তেওঁলোকৰ বাবে বহুবাৰ অসুবিধাৰ কাৰণ হৈ পৰে(Safety and Health Tips) ।

দিল্লীস্থিত ডায়েটিচিয়ান ডাঃ দিব্যা শৰ্মাই কৈছে যে, এই উৎসৱৰ সময়ছোৱাত মানুহে বেছিকৈ এনে খাদ্য গ্ৰহণ কৰে যিটো কেৱল পাচনতন্ত্ৰ আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰাই নহয়, যাৰ ফলত আমাৰ শৰীৰত ক্ষতিকাৰক পদাৰ্থ বা বিষাক্ত পদাৰ্থও জমা হ’বলৈ আৰম্ভ কৰে । যিয়ে কেৱল পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰাই নহয় শৰীৰত আন বহুতো সমস্যাৰ সৃষ্টি কৰিব পাৰে । যেনে- বদহজম, ডায়েৰিয়া, কোষ্ঠকাঠিন্য, পেটত জ্বলা-পোৰা, গেছ বা পেট ফুলা, অধিক ভাগৰুৱা বা এলেহুৱা অনুভৱ কৰা, ৰক্তচাপ বৃদ্ধি হোৱা, তেজত কলেষ্টেৰল বা ব্লাড চুগাৰ, অত্যধিক টোপনি অহা ইত্যাদি ।

উৎসৱ-পাৰ্বণৰ হুলস্থুলৰ মাজতে এই সময়ছোৱাত অধিকাংশ লোকেই নিজৰ ব্যায়ামৰ নিয়ম মানি চলিব নোৱাৰে আৰু এই সময়ছোৱাত তেওঁলোকৰ টোপনিতো প্ৰভাৱিত হয় । যাৰ সংযুক্ত প্ৰভাৱ ব্যক্তিজনৰ স্বাস্থ্যৰ ওপৰত দৃশ্যমান হয় ।

চিকিৎসকগৰাকীয়ে কয় যে, আনন্দৰে ভৰা দীপাৱলীৰ পিছত আপোনাৰ শৰীৰটো যাতে সুস্থ হৈ থাকে সেয়ে উৎসৱৰ বতৰ শেষ হোৱাৰ লগে লগে শৰীৰটোক ডিটক্স কৰিবলৈ চেষ্টা কৰক । তেওঁ কয় যে, শৰীৰটোক ডিটক্স কৰি ৰাখিবলৈ কিছুমান নিয়ম মানি চলাৰ লগতে কিছু সাৱধানতা অৱলম্বন কৰাটো স্বাস্থ্যৰ পক্ষে লাভদায়ক ।

উৎসৱৰ পিছত কেনেধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত

ডাঃ দিব্যই কয় যে, উৎসৱৰ পিছত শৰীৰত জমা হোৱা ক্ষতিকাৰক বিষাক্ত পদাৰ্থবোৰ ছাফা কৰা আৰু বিপাকীয় ক্ৰিয়া পুনৰ সুস্থ কৰাৰ বাবে কিছুমান বিশেষ ধৰণৰ খাদ্য আৰু পানীয় অতি সহায়ক(Temped by sweets during diwali) ।

তেওঁ কয় যে, এই সময়ত খাদ্যত চালাড আৰু এনে শাক-পাচলিৰ পৰিমাণ বৃদ্ধি কৰাটো অতি উপকাৰী, য’ত আঁহ, এন্টিঅক্সিডেন্ট, ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায় । ইয়াৰ বাহিৰেও খাদ্যত ঋতুভিত্তিক ফল-মূল অন্তৰ্ভুক্ত কৰাটোও অতি উপকাৰী ।

দৰাচলতে য’ত আঁহযুক্ত খাদ্যৰে পেট পৰিষ্কাৰ কৰা হয়, তাত এন্টিঅক্সিডেন্ট আৰু ভিটামিনযুক্ত ফল-মূল আৰু শাক-পাচলি গ্ৰহণ কৰিলে, শৰীৰত জমা হৈ থকা বিষাক্ত পদাৰ্থবোৰ পৰিষ্কাৰ কৰাত সহায় কৰে(Fiber for your health) ।

ইয়াৰ বাহিৰেও খাদ্যত নহৰু অন্তৰ্ভুক্ত কৰাটোও অতি উপকাৰী হ’ব পাৰে । দৰাচলতে এলিচিন নামৰ এবিধ অক্সিডেন্ট নহৰুত পোৱা যায়, নহৰু থেতেলিয়াই দিলে ইয়াৰ ভিতৰৰ এলিচিন অধিক সক্ৰিয় হৈ পৰে । ই কেৱল শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰাই নহয় বৰঞ্চ ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিও যথেষ্ট পৰিমাণে হ্ৰাস কৰে ।

তেওঁ পৰামৰ্শ দিয়ে যে, উৎসৱৰ পিছত যিমান পাৰি আপোনাৰ খাদ্যত নিমখ আৰু চেনিৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস কৰিব লাগে তথা মাইদা আৰু চেচুৰেটেড ফেটৰ পৰা তৈয়াৰী খাদ্যও পৰিহাৰ কৰিব লাগে । একে সময়তে যিমান পাৰি কম পৰিমাণে সুৰা সেৱন কৰিব লাগে ।

শৰীৰটোক হাইড্ৰেটেড কৰি ৰাখক

চিকিৎসক দিব্যাই কৈছে যে, শৰীৰটোক ডিটক্স কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ কৰা, যাৰ ফলত আমাৰ শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ স্বয়ংক্ৰিয়ভাৱে ওলাই আহে(Keep your body hydrated) । আনহাতে, যেতিয়া আমাৰ শৰীৰ হাইড্ৰেটেড হৈ থাকে, তেতিয়া ইয়াৰ পাচনতন্ত্ৰ সুস্থ হৈ থকাই নহয়, শৰীৰৰ অন্যান্য তন্ত্ৰবোৰো সক্ৰিয় হৈ থাকে আৰু ভালদৰে কাম কৰে । একে সময়তে আমাৰ ছাল আৰু চুলিও সুস্থ আৰু সুন্দৰ হৈ থাকে ।

তেওঁ কয় যে, গোটেই দিনটোত কমেও ৮ৰ পৰা ১০ গিলাচ পানী খোৱাৰ উপৰিও ৰাতিপুৱা খালী পেটত কুহুমীয়া পানীত নেমু মৌ গ্ৰহণ কৰা, দিনত লেমনেড, নাৰিকলৰ পানী, দৈ, মাখন, লাচ্চী আৰু গ্ৰীণ টি সেৱন কৰিলে শৰীৰটোক ডিটক্স কৰাত সহায় কৰে ।

দৈনিক ৰুটিন কেনেকুৱা হোৱা উচিত

ডাঃ দিব্যই কয় যে, কেৱল ডায়েটেই নহয়, শৰীৰক ডিটক্স কৰিবলৈ এক অনুশাসিত ৰুটিন মানি চলাটো অতি প্ৰয়োজনীয় । ইয়াৰ বাবে পুৱা সময়মতে সাৰ পাই, ৰাতি সময়মতে শুই, সময়মতে খাদ্য খোৱা, নিয়মীয়া ব্যায়াম কৰা আৰু সক্ৰিয় ৰুটিন মানি চলাটো প্ৰয়োজনীয় । চিকিৎসকগৰাকীয়ে কয় যে, এই প্ৰাকৃতিক পদ্ধতিসমূহ গ্ৰহণ কৰাৰ পিছতো যদি সমস্যাসমূহ কমা নাই আৰু স্বাস্থ্যৰ ওপৰত অধিক গুৰুতৰ প্ৰভাৱ দেখা গৈছে, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো প্ৰয়োজনীয় ।

লগতে পঢ়ক:Diwali festival 2022: চিকিৎসকৰ এইসমূহ পৰামৰ্শৰ সৈতে উদযাপন কৰক এইবাৰৰ দীপাৱলী

ABOUT THE AUTHOR

...view details