চিটাৰা ডেস্ক, 28 মে’: বৰ্তমান সময়ত সকলোৰে ক্ষেত্ৰত দেখা দিয়া এটা সাধাৰণ সমস্যা হৈছে, এচিডিটিৰ সমস্যা ৷ কিবা খালে বা পান কৰিলে এচিডিটিৰ সমস্যা হ’বলৈ আৰম্ভ কৰে । কিন্তু ইয়াৰ কাৰণে পেটত বহুতো সমস্যাই দেখা দিব পাৰে । ইয়াৰ ভিতৰত আলচাৰ, গেষ্ট্ৰিক ইনফ্লেমেচন, হাৰ্টবাৰ্ণ আৰু বদহজম আদি উল্লেখযোগ্য ।
অনিয়মিত খাদ্যাভ্যাস, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, মদ-চিগাৰেট খোৱা, টেনচন, চৰ্বিযুক্ত খাদ্য, পেটত টিউমাৰ, গেষ্ট্ৰ’ইছ’ফেজিয়াল ৰিফ্লাক্স ৰোগ আৰু পেপটিক আলচাৰ আদি সমস্যাৰ বাবে এই সমস্যাবোৰ প্ৰায়ে দেখা দিয়ে। এচিডিটি হ’লে প্ৰায় মানুহে ফাৰ্মাচীত পোৱা এচিডিটিৰ ঔষধ সেৱন কৰে (Acidity Tablets Side Effects) ৷ কিন্তু আপুনি জানানে ই আপোনাৰ শৰীৰৰ বাবে কিমান বিপজ্জনক হ’ব পাৰে (Side effects of antacids overuse)।
এচিডিক ঔষধ আজিৰে পৰা পৰিহাৰ কৰক
কিছুমানে এচিডিটিৰ পৰা হাত সাৰিবলৈ ঔষধ খাবলৈ আৰম্ভ কৰে । এই ঔষধ কেইদিনমানৰ বাবে উপকাৰী হ’ব পাৰে, কিন্তু সেৱন বন্ধ কৰাৰ লগে লগে পুনৰ এচিডিটিৰ সমস্যা আৰম্ভ হয় । তেতিয়া এই ঔষধবোৰ খোৱাৰ অভ্যাস হৈ পৰে । স্বাস্থ্য বিশেষজ্ঞৰ মতে, এচিডিক ঔষধ সৰ্বাধিক ৪ সপ্তাহলৈকে সেৱন কৰিব পাৰি (Is it safe to take antacids everyday)। এই ঔষধবোৰ অতিৰিক্তভাৱে সেৱন কৰিলেও বৃক্কৰ ক্ষতি হ’ব পাৰে ।
এচিডিটিৰ ঔষধ গ্ৰহণৰ পাৰ্শ্বক্ৰিয়া
১) গেছৰ বাবে অধিক ঔষধ খালে আপোনাৰ স্মৃতিশক্তিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে । এই ঔষধবোৰ অতিমাত্ৰা সেৱন কৰিলে ডিমেনচিয়াৰ সমস্যা বৃদ্ধি পাব পাৰে । যদি আপুনি এই ঔষধবোৰ দীৰ্ঘদিন ধৰি খায় তেন্তে স্মৃতিভ্ৰংশ ৰোগ হ’ব পাৰে ।
২) এক গৱেষণাৰ মতে পেটৰ ঔষধ অবিৰত ব্যৱহাৰ কৰিলে পেটত বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় ।