অসম

assam

ETV Bharat / sukhibhava

Sabudana: যদি আপোনাৰো আছে এইবোৰ ৰোগ, তেন্তে কেতিয়াও গ্ৰহণ নকৰিব চাগু - চাগুৰ অপকাৰিতা

আমাৰ মাজৰ বহুতেই চাগু ভাল পায়, কিন্তু অতিৰিক্তভাৱে চাগু খোৱাটো কিছুমান বিশেষ ৰোগত বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে । এই ৰোগসমূহনো কি জানো আহক...

If you have these diseases then never eat sago, it may increase your pain
যদি আপোনাৰো আছে এইবোৰ ৰোগ, তেন্তে কেতিয়াও গ্ৰহণ নকৰিব চাগু

By

Published : Aug 4, 2023, 6:57 PM IST

আপুনি নিশ্চয় আপোনাৰ ঘৰত চাগুৰ খিচিৰি, খীৰ, পকৰি আৰু পাপৰ ঘৰত খাইছে । ইয়াৰ সোৱাদ যিমানেই সুস্বাদু সিমানেই স্বাস্থ্যৰ বাবে উপকাৰী । ইয়াৰ কাৰণে শৰীৰে বহু ধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থ লাভ কৰে । কিন্তু এই খাদ্য সকলোৰে বাবে উপকাৰী নহয় আৰু অতিৰিক্তভাৱে খালে স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে । কোনবোৰ চিকিৎসাজনিত অৱস্থাত আপুনি চাগু খাব নালাগে জানো আহক ।

এইসমূহ ৰোগ থাকিলে চাগু খাব নালাগে

ডায়েবিটিছ

ডায়েবেটিছ ৰোগীয়েও চাগুদানা সেৱন কৰিব নালাগে কাৰণ ই তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ।

নিম্ন ৰক্তচাপ

এই ৰোগত আক্ৰান্ত লোকসকলে চাগু খোৱাৰ পৰা বিৰত থাকিব লাগে, নহ’লে তেওঁলোকৰ সমস্যা আৰু বাঢ়িব পাৰে ।

হৃদৰোগ

যদি আপোনাৰ হৃদৰোগ আছে তেন্তে চাগুৰ পৰা আঁতৰি থকাটো বুদ্ধিমানৰ কাম হ’ব কাৰণ এই ৰক্তচাপ পৰিচালনা কৰাটো কঠিন হ’ব । যিহেতু ইয়াত প্ৰ’টিন নাথাকে গতিকে দৈনিক খাব নোৱাৰি ।

মেদবহুলতা

যিসকল লোকে মেদবহুলতাত ভুগি আছে আৰু ওজন কমাব বিচাৰে, তেওঁলোকে চাগু খোৱা বন্ধ কৰিব লাগে কাৰণ ই কেলৰি আৰু ষ্টাৰচ বৃদ্ধি কৰে আৰু ইয়াত চৰ্বি আৰু প্ৰ’টিন নাথাকে, যাৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে । ইয়াৰ উপৰিও চাগুত যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট পোৱা যায়, যাৰ ফলত ওজন কমাবলৈ অসুবিধাৰ সৃষ্টি হ’ব পাৰে ।

চাগুত খোৱাৰ সঠিক উপায়

  • সদায় সিজোৱা চাগুহে খাব লাগে, কেঁচা চাগু খালে পেটৰ বিষ আৰু কোষ্ঠকাঠিন্য হ’ব পাৰে ।
  • যেতিয়াই বজাৰৰ পৰা চাগু কিনিব তেতিয়াই মনত ৰাখিব যে শুকান হ’ব লাগে, ভিজা চেগু কিনাৰ পৰা বিৰত থাকক ।
  • বজাৰৰ পৰা কেৱল প্ৰচেছড চাগুহে ল’ব লাগিব কাৰণ কেঁচা চাগু আপোনাৰ শৰীৰৰ বাবে অধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে ।
  • আপুনি এবাৰত মাত্ৰ এবাটি চাগু খাব লাগে, ইয়াৰ লগতে সপ্তাহত দুবাৰতকৈ বেছি চাগু খাব নালাগে ।
  • চাগুত ভাল পৰিমাণৰ ভিটামিন থাকে যদিও ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ পৰা হাত সাৰিবলৈ সীমিত পৰিমাণে সেৱন কৰিব লাগে ।

লগতে পঢ়ক:World Organ Donation Day 2023: আপোনাৰ অংগদানৰে দিব পাৰে এটা নতুন জীৱন, অংগদান সম্পৰ্কে জনালে জ্যেষ্ঠ চিকিৎসাক ডাঃ সুভাষ খান্নাই

ABOUT THE AUTHOR

...view details