অসম

assam

ETV Bharat / sukhibhava

আপোনাৰ আছে নেকি এই ৪টা সমস্যা; তেন্তে ভুলতেও নাখাব নাচপতি - নাচপতি কিয় খাব লাগে

Side Effects Of Pear: আমি সকলোৱে নাচপতিৰ উপকাৰিতাৰ বিষয়ে অৱগত, কিন্তু বহুতে নাজানে কেতিয়া আৰু কিমান পৰিমাণত এই ফল খাব লাগে । আজি এই বিষয়ে জানো আহক...

If you have these 4 problems, then do not eat pear even by mistake; huge loss will be incurred
আপোনাৰ আছে নেকি এই ৪টা সমস্যা; তেন্তে ভুলতেও নাখাব নাচপতি

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 11:23 AM IST

আমাৰ মাজৰ বহুতেই নাচপতি খাবলৈ ভাল পায়, ই খাবলৈ যিমান সুস্বাদু সিমানেই স্বাস্থ্যৰ বাবেও ইয়াক সমানেই উপকাৰী বুলি গণ্য কৰা হয় ৷ এই ফলত আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায়, ইয়াৰ লগতে প্ৰদাহ নিবাৰণ আৰু কেন্সাৰ প্ৰতিৰোধী গুণ অতি ফলপ্ৰসূ ৷ চিকিৎসকে এই সন্দৰ্ভত কয় যে, সকলো গুণ থকাৰ পিছতো নাচপতি খোৱাটো সদায় উপকাৰী নহয় ৷ এই ফল আমি কেতিয়া খাব নালাগে জানো আহক-

এনে অৱস্থাত নাচপতি নাখাব

১/ যেতিয়া পেট বেয়া হয়

যদি আপোনাৰ বদহজমৰ সমস্যা আছে তেন্তে নাচপতিৰ পৰা আঁতৰি থকাটো ভাল, ইয়াক খোৱাৰ পিছত আপুনি হজম শক্তিত সমস্যা হ’বলৈ আৰম্ভ কৰে ৷ বিশেষকৈ পুৱা আৰু গভীৰ নিশা ইয়াক খোৱাৰ পৰা বিৰত থাকিব লাগে অন্যথা গেছ, ক্ৰেম্প, পেট ফুলা আৰু ডায়েৰিয়াৰ দৰে সমস্যাই দেখা দিব পাৰে ৷

২/ ঠাণ্ডাৰ দ্বাৰা অশান্তি অনুভৱ কৰিলে

নাচপতি আমাৰ শৰীৰত বহু দিশত উপকাৰ কৰে যদিও ই এক অতি ঠাণ্ডা ফল, গতিকে চৰ্দি, কাহ হ'লে এই ফল একেবাৰে গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে ৷

৩/ ওজন কমাব বিচৰা লোক

নাচপতিত অতি কম কেলৰি থাকে যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে, কিন্তু যদি আপুনি ইয়াক অত্যধিক পৰিমাণে সেৱন কৰে তেন্তে ইয়াৰ ফলত আপোনাৰ ক্ষতি হোৱাটো নিশ্চিত কাৰণ ইয়াক দৈনিক গ্ৰহণ কৰিলে কেলৰি বৃদ্ধি কৰে ৷

৪/ উচ্চ ৰক্তচাপ ৰোগী

উচ্চ ৰক্তচাপ ৰোগীৰ বাবে নাচপতি অতি উপকাৰী যদিও কিছুমান লোকে ইয়াক অত্যধিকভাৱে খাবলৈ আৰম্ভ কৰে, যাৰ ফলত উপকাৰৰ পৰিৱৰ্তে ক্ষতিহে কৰে ৷ এনে পৰিস্থিতিত হৃদস্পন্দন বেছি হোৱা, মূৰ্চ্ছা যোৱা, মূৰ ঘূৰোৱা আৰু উশাহ-নিশাহৰ সমস্যা হ’ব পাৰে ৷

এই প্ৰতিবেদন সাধাৰণ তথ্যৰ ওপৰত নিৰ্ভৰ কৰিহে আগবঢ়োৱা হৈছে ই কোনো চিকিৎসাৰ বিকল্প হ’ব নোৱাৰে সেয়ে অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

লগতে পঢ়ক:শীতকালত খুবেই ওঁঠ ফাটে নেকি ? তেন্তে এনেদৰে লওক যতন

ABOUT THE AUTHOR

...view details