কুকুৰে কামোৰাটোৱে নিশ্চিতভাৱে বিষ দিয়ে আৰু ই যথেষ্ট বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে ৷ লগতে এই জন্তুৰ পৰা আজীৱন ভয়ো বাঢ়ি যায় ৷ পৰিসংখ্যা অনুসৰি ভাৰতত কুকুৰে কামোৰাৰ ফলত হোৱা ৰোগ জলাতংক ৰোগত প্ৰায় ২০ হাজাৰ লোকৰ মৃত্যু হৈছে ৷ আটাইতকৈ চিন্তনীয় বিষয়টো হ’ল যে প্ৰতি বছৰে বিশ্বজুৰি জলাতংক ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ ৩৬ শতাংশই ভাৰতত সংঘটিত হয় ৷ দুৰ্ভাগ্যজনকভাৱে আক্ৰান্ত কুকুৰৰ কামোৰৰ বলি হোৱা লোকৰ অধিকাংশই শিশু ৷
শেহতীয়াকৈ ৱাগ বাকৰি চাহৰ স্বত্বাধিকাৰী পৰাগ দেশাইৰ কুকুৰৰ আক্ৰমণত মৃত্যু হয় ৷ কিন্তু এই ক্ষেত্ৰত কুকুৰটোৱে তেওঁক কামোৰা নাছিল যদিও ইয়াৰ আক্ৰমণৰ বাবে তেওঁ তললৈ পৰি মগজুৰ ৰক্তক্ষৰণ হয় ৷ কোম্পানীটোৱে ছ’চিয়েল মিডিয়াত তথ্য শ্বেয়াৰ কৰিছিল যে বিগত সপ্তাহত তেওঁৰ মগজুৰ ৰক্তক্ষৰণ হৈছিল আৰু দেওবাৰে (২২ অক্টোবৰ ২০২৩) চিকিৎসালয়ত মৃত্যু হৈছিল ৷ ইয়াৰ পূৰ্বে গাজিয়াবাদত এটি ১৪ বছৰীয়া শিশুৱে কুকুৰে কামোৰাৰ ফলত জলাতংক ৰোগত আক্ৰান্ত হৈছিল, যাৰ বাবে তেওঁৰ মৃত্যুও হৈছিল ৷
সেয়ে আজি আমি আপোনালোকক জনাইছো যে ৰেবিজৰ ভেকচিন আৰু ঘাঁৰ সঠিক যত্ন লোৱাটোৱে কেনেকৈ কুকুৰে কামোৰাৰ পিছত আপোনাৰ জীৱন ৰক্ষা কৰিব পাৰে ৷
কুকুৰে কামোৰাৰ লগে লগে এই ১০টা কাম কৰক
- ঘাঁটো যিমানেই সৰু যেন নালাগক কিয়, কিন্তু ইয়াৰ ফলত গুৰুতৰ সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি পোৱাৰো আশংকা থাকে, আনকি ই মাৰাত্মক বুলিও প্ৰমাণিত হ’ব পাৰে ৷ সেয়ে ঘৰলৈ অহাৰ পিছত ঘাঁটো চাবোনেৰে ধুই কুহুমীয়া পানীত ৫ৰ পৰা ১০ মিনিট ৰাখিব লাগে ৷ তাৰ পিছত শুকুৱাই লওক ৷
- ৰক্তক্ষৰণ হ’লে পৰিষ্কাৰ কাপোৰেৰে ঘাঁটো হেঁচা মাৰি ধৰিলে ৰক্তক্ষৰণ বন্ধ হয় ৷
- ডেটল বা ছাভলনৰ দৰে এন্টিচেপ্টিক দ্ৰৱণেৰে ঘাঁ ভালদৰে পৰিষ্কাৰ কৰক আৰু তাৰ পিছত ঘৰত থাকিলে বিটাডিন মলম প্ৰয়োগ কৰক ৷
- ইয়াৰ পিছত ঘাঁটো পৰিষ্কাৰ বেণ্ডেজেৰে বান্ধি লওক ৷
- এতিয়া চিকিৎসকৰ ওচৰলৈ যাওক যাতে তেওঁ আপোনাৰ ঘাঁটো চাব পাৰে আৰু তাৰ সঠিক চিকিৎসাৰ পৰামৰ্শ দিব পাৰে ৷
- ডাক্তৰে আপোনাক টিটেনাছ আৰু ৰেবিজৰ টিকা দিব ৷ ৰেবিজৰ সকলো ড’জ ল’বলৈ নাপাহৰিব নহ’লে ৰেবিজৰ আশংকা থাকিব ৷
- ঘাঁৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ চিকিৎসকে ঘাঁৰ বাবে এন্টিবায়টিকো দিব পাৰে ৷
- কুকুৰে কামুৰিলে ঘাঁৰ পৰা প্ৰায়ে পূজ ওলায়, গতিকে ভালদৰে পৰিষ্কাৰ কৰক ৷
- যদি ঘাঁটো গভীৰ হয় তেন্তে দিনটোত কমেও দুবাৰকৈ ঘাঁটো ড্ৰেছিং কৰাটো প্ৰয়োজনীয় ৷
- ঘাঁত যাতে কোনো ধৰণৰ সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব ৷ যদি ৰক্তক্ষৰণ বন্ধ নহয়, পূজৰ লগতে ৰঙা পৰা আৰু ফুলি উঠে, বিষ বাঢ়ে আৰু জ্বৰ বাঢ়ে, তাৰ পিছত লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷
অতিৰিক্ত যত্ন লওক যদি:
- ঘাঁটো ডাঙৰ আৰু গভীৰ ৷
- যদি আপুনি ডায়েবেটিছ, কেন্সাৰ বা এইডছ ৰোগী ৷
- যদি আপুনি কোনো ৰোগত আক্ৰান্ত যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে ৷
- যদি ১৫ মিনিটৰ পিছত টিপিলেও ঘাঁৰ পৰা তেজ ওলোৱা বন্ধ নহয় ৷
- যদি কুকুৰে কামোৰাৰ ফলত স্নায়ু বা কলা ক্ষতিগ্ৰস্ত হৈছে ৷
- যদি আপুনি বিগত ৫ বছৰত টিটেনাছৰ ভেকচিন লোৱা নাই ৷
- যদি আপুনি পাগল কুকুৰে কামোৰে ৷
লগতে পঢ়ক:Morning Yoga: হৃদয়-মন দুয়োটাই হৈ থাকিব সুস্থ; কেৱল প্ৰতিদিনে কৰক এই সহজ যোগাসন