অসম

assam

ETV Bharat / sukhibhava

Hyperhidrosis: আপুনি নিশা শুই থকাৰ সময়ত অত্যাধিক ঘামে নেকি ? তেন্তে সাৱধান! - নিশা শুই থকাৰ সময়ত অত্যধিক ঘাম ওলোৱা

কিছুমান লোকে ৰাতি অত্যাধিক ঘাম ওলোৱাৰ ফলত শান্তিৰে নিদ্ৰাগ্ৰহণ কৰিব নোৱাৰে ৷ আপুনিও যদি ৰাতি শোৱাৰ সময়ত বেছিকৈ ঘামে, তেন্তে ইয়াক উপেক্ষা নকৰিব ৷ কাৰণ ৰাতি ঘাম ওলোৱাটো বহু ৰোগৰ লক্ষণ হ'ব পাৰে ৷ আজি এই বিষয়ে সবিশেষ জানো আহক-

hyperhidrosis: Excessive sweating may be the cause of many diseases
আপুনি নিশা শুই থকাৰ সময়ত অত্যধিক ঘামে নেকি ?

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:17 PM IST

Updated : Aug 28, 2023, 10:55 PM IST

সুস্বাস্থ্যকৰ শৰীৰৰ বাবে নিতৌ ভাল টোপনি গ্ৰহণ কৰাটো খুবেই প্ৰয়োজন ৷ বিশেষকৈ ৰাতি পৰ্যাপ্ত টোপনি গ্ৰহণ কৰাটো প্ৰয়োজনীয় ৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, দিনত টোপনি যোৱাটোৱে এজন ব্যক্তিৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷ মানসিক চিন্তা বা কোনো ভীষণ সমস্যা থাকিলেও কোনো এজন ব্যক্তি ভাল টোপনি গ্ৰহণ কৰিব নোৱাৰে ৷

আনহাতে, কিছুমান লোকৰ ৰাতি অত্যাধিক ঘাম ওলোৱাৰ ফলত শান্তিৰে টোপনি গ্ৰহণ কৰিব নোৱাৰে ৷ ইয়াক হাইপাৰহাইড্ৰ'ছিছ বুলিও কোৱা হয় ৷ আপুনিও যদি ৰাতি শুই থাকোতে বেছিকৈ ঘামে, তেন্তে ইয়াক উপেক্ষা নকৰিব ৷ কাৰণ ৰাতি ঘাম ওলোৱাটো বহু ৰোগৰ লক্ষণ হ'ব পাৰে ৷ আজি এই বিষয়ে সবিশেষ জানো আহক-

ৰজোনিবৃত্তি

যদি মহিলাসকলৰ ৰাতি শুই থাকোতে ঘাম ওলায়, তেওঁলোকৰ ৰজোনিবৃত্তি হ'ব পাৰে ৷ নাৰী বয়স্ক হ'লে ঋতুস্ৰাৱ বন্ধ হৈ যায়, ইয়াকে ৰজোনিবৃত্তি বুলি কোৱা হয় ৷ হৰমনৰ পৰিৱৰ্তনৰ ফলত ৰজোনিবৃত্তি হয়, যাৰ বাবে আপুনি অধিক গৰম অনুভৱ কৰিব পাৰে ৷ আপুনি এই সমস্যাটোৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ ঠাণ্ডা কোঠাত শুব বা শোৱাৰ আগতে গা ধুব ৷ ৰাতি সদায় পাতল কপাহী কাপোৰ পিন্ধি শুব ৷

ঔষধৰ পাৰ্শ্বক্ৰিয়া

যদি আপুনি এণ্টিডিপ্ৰেচেণ্ট ঔষধ গ্ৰহণ কৰি আছে, তেনেহ'লে ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ ফলত আপুনি ৰাতি ঘামিব পাৰে ৷ বহু ঔষধ ইমান শক্তিশালী যে সেইবোৰ খোৱাৰ পাছত আপোনাৰ শৰীৰত তাপ সৃষ্টি হ’ব পাৰে ৷

হাইপোগ্লাইচেমিয়া

শৰীৰত শৰ্কৰাৰ স্তৰ কম হ'লেও নিশা আপোনাৰ ঘাম ওলাব পাৰে ৷ হাইপোগ্লাইচেমিয়া থকা ব্যক্তি এজনৰ বাবে টোপনিৰ ব্যাঘাত, মুৰৰ বিষ, দুঃস্বপ্ন আৰু নিশাৰ ঘাম ওলোৱাটো একেবাৰে সাধাৰণ ৷সেয়েহে এনে হ’লে এবাৰ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত ৷

হাইপাৰথাইৰইডিজম

হাইপাৰথাইৰয়ডিজম থকা ৰোগীসকলো নিশা ঘামে ৷ ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ বিপাক স্বাভাৱিকতকৈ অধিক হয় ৷ সেয়েহে শৰীৰৰ উষ্ণতা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ ঘাম ওলোৱাও আৰম্ভ হয় ৷ এনে পৰিস্থিতিত আপুনি বন্ধাকবি, ফুলকবি, ব্ৰকলি, কল, ছ’য়াবীন আদিৰ দৰে খাদ্য সামগ্ৰীৰ পৰা আঁতৰি থাকিব লাগে ৷

এইচ.আই.ভি.

এইচ.আই.ভি. হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ হৈছে জ্বৰ তথা অত্যাধিক মুৰৰ বিষ ৷ তদুপৰি, এই ৰোগৰ ইমিউনোডেফিচিয়েন্সি চিণ্ড্ৰোমৰ ফলত শৰীৰ খুবেই প্ৰভাৱিত হয় ৷যাৰ বাবে জ্বৰ, দুৰ্বলতা আৰু ওজন হ্ৰাস আৰু আপোনাৰ লিম্ফ গ্ৰন্থিবোৰ ফুলিব পাৰে ৷ ঠাণ্ডা লগা আৰু সঘনাই ঘাম ওলোৱাও ইয়াৰ লক্ষণ হ'ব পাৰে ৷

স্লিপ এপনিয়া

ৰাতি শোৱাৰ সময়ত নাক বজাটো মানুহে সাধাৰণ কথা বুলিয়েই গণ্য কৰে ৷ কিন্তু যদি আপোনাৰ ৰাতি নাক বজাৰ লগতে ঘাম বেছিকৈ ওলায় তেন্তে ই স্লিপ এপনিয়াৰ লক্ষণো হ'ব পাৰে ৷ স্লিপ এপনিয়া হৈছে এনে এক স্থিতি য'ত আপোনাৰ শৰীৰক অক্সিজেনৰ প্ৰয়োজন হয় ৷ অক্সিজেনৰ অভাৱত শৰীৰে বায়ুৰ বাবে যুঁজ দিব লগীয়া হয় যাৰ ফলত ঘাম ওলাব পাৰে বা আপুনি উদ্বিগ্ন অনুভৱ কৰিব পাৰে ৷

লগতে পঢ়ক:Fibre for Burning Belly Fat: ডালিম তথা সেউজীয়া শাক-পাচলিত থকা আঁহে নাশ কৰিব পেটৰ চৰ্বি, এনেদৰে কৰক গ্ৰহণ

Last Updated : Aug 28, 2023, 10:55 PM IST

ABOUT THE AUTHOR

...view details