পুৰুষৰ ক্ষেত্ৰত বহুতো কাৰণ দায়ী হ’ব পাৰে যিবোৰে সন্তান জন্মত বাধাৰ সৃষ্টি কৰিব পাৰে, যেনে- যিকোনো শাৰীৰিক অৱস্থা, ৰোগ, দুৰ্ঘটনা বা বয়স বৃদ্ধি ইত্যাদি । শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি কিছুমান জিন আৰু মিউটেচন পুৰুষৰ নপুংসকতাৰ বাবেও দায়ী হ’ব পাৰে ।
শেহতীয়াকৈ "Human Molecular Genetics" নামৰ বিজ্ঞান আলোচনীত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে, কিছুমান বিশেষ জিনৰ মিউটেচনে পুৰুষৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰিমাণত শুক্ৰাণুৰ উৎপাদন হ্ৰাস কৰিব পাৰে । যাৰ ফলত তেওঁলোক নপুংসকতাৰ বলি হ’ব পাৰে । গৱেষণাত কোৱা হৈছে যে, এনে ৮টা জিন পোৱা গৈছে যিবোৰ এই অৱস্থাৰ বাবে দায়ী হ’ব পাৰে(Male impotence research published in human molecular genetics journal) ।
হায়দৰাবাদৰ বিজ্ঞানীৰ এটা দলে কৰা এই গৱেষণাত এনে ৮টা জিন পোৱা গৈছে যিবোৰ পুৰুষৰ শুক্ৰাণুৰ সংখ্যা হ্ৰাসৰ (Poor quality sperm) বাবে দায়ী হ’ব পাৰে (Hyderabad scientists research on male impotence) । তাৎপৰ্যপূৰ্ণভাৱে এই গৱেষণা চেণ্টাৰ ফৰ চেলুলাৰ মলিকুলাৰ বায়’লজি, দ্য চেণ্টাৰ ফৰ ডি এন এ ফিংগাৰপ্ৰিণ্টিং এণ্ড ডায়েগনষ্টিক(Center for Cellular Molecular Biology Hyderabad) আৰু হায়দৰাবাদৰ মমতা ফাৰ্টিলিটি হাস্পতালৰ বিজ্ঞানীসকলে কৰিছিল ।
গৱেষণাৰ সময়ত বিজ্ঞানীসকলে এই ৮ টা জিনৰ ভিতৰত এটা "CETN1" আৰু ইয়াৰ মিউটেচনৰ ওপৰত অধ্যয়ন কৰি জানিবলৈ চেষ্টা কৰিছিল যে এই জিন আৰু ইয়াৰ মিউটেচনে পুৰুষৰ শুক্ৰাণুৰ উৎপাদন বা গুণগত মানৰ ওপৰত প্ৰভাৱ পেলাব পাৰে নেকি! যাৰ ফলাফলত প্ৰকাশ পাইছিল যে, উক্ত জিনটোত মিউটেচন হ’লে কোষৰ পাৰ্থক্য অৰ্থাৎ ইহঁতৰ বিভাজন বন্ধ হৈ পৰে ।
যাৰ ফলত প্ৰয়োজনীয় পৰিমাণত শুক্ৰাণু উৎপাদন প্ৰক্ৰিয়া আৰু ইয়াৰ গুণগত মানত প্ৰভাৱ পৰিছিল । তাৎপৰ্যপূৰ্ণভাৱে পুৰুষৰ নপুংসকতা বা শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ (Low sperm count in men)কাৰণ জানিবলৈ আগতে গৱেষণা কৰা হৈছে যদিও বেছিভাগ ফলাফলতে জীৱনশৈলীৰ কাৰক আৰু স্বাস্থ্য সম্পৰ্কীয় অৱস্থাক এই সমস্যাৰ বাবে দায়ী বুলি ধৰা হৈছে(lifestyle Impotence reasons)।
কিন্তু গৱেষণাত এইটোও স্পষ্ট হৈ পৰিছে যে, এই জিন থকা পুৰুষসকলে সন্তান জন্ম দিবলৈ সম্পূৰ্ণৰূপে অক্ষম নহয় । Next Generation Sequencingৰ সহায়ত এই অৱস্থা সমাধান কৰাটোও সম্ভৱ হ’ব পাৰে ।
গৱেষণাৰ মুখ্য বিজ্ঞানী ডাঃ সুধাকৰ ডিগমাৰ্থীয়ে (Dr Sudhakar Digmarthy)গৱেষণাৰ তথ্যত কৈছে যে, গৱেষণা প্ৰক্ৰিয়াৰ সময়ত জিনৰ সকলো প্ৰয়োজনীয় অংশৰ ক্ৰমবিন্যাস কৰা হৈছিল, তাৰ পিছত পৰৱৰ্তী প্ৰজন্মৰ ক্ৰমবিন্যাসত প্ৰথমে ৪৭ জনৰ ওপৰত পৰীক্ষা কৰা হৈছিল পুৰুষ (Next Generation Sequencing)। পৰৱৰ্তী পৰ্যায়ৰ গৱেষণাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ১৫০০ নপুংসক পুৰুষৰ ওপৰত এই পদ্ধতি গ্ৰহণ কৰা হৈছিল । যিয়ে অতি ইতিবাচক ফলাফল দিছিল ৷