অসম

assam

ETV Bharat / sukhibhava

মাতৃদুগ্ধৰ পৰা বঞ্চিত শিশুৰ বাবে মানৱ দুগ্ধ ভাণ্ডাৰ সৰ্বোত্তম বিকল্প

মাতৃদুগ্ধ পানৰ সপ্তাহ উপলক্ষে ইটিভি ভাৰত সুখীভৱৰ ফালৰ পৰা প্ৰখ্যাত গাইন’কলজিষ্ট আৰু অৱষ্টেট্ৰিচিয়ান ৰাজশ্ৰী কাটকেৰ সৈতে কথা পতা হৈছিল । এই লিখনিত তেওঁৰ কথা বাৰ্তা সমূহ প্ৰকাশ কৰা হ’ল ৷

By

Published : Aug 8, 2020, 6:24 PM IST

Updated : Aug 8, 2020, 10:15 PM IST

মাতৃদুগ্ধৰ পৰা বঞ্চিত শিশুৰ বাবে মানৱ দুগ্ধ ভাণ্ডাৰ সৰ্বোত্তম বিকল্প
মাতৃদুগ্ধৰ পৰা বঞ্চিত শিশুৰ বাবে মানৱ দুগ্ধ ভাণ্ডাৰ সৰ্বোত্তম বিকল্প

পৃথিৱীলৈ শিশু এটিৰ আগমন ঘটাৰ লগে লগে যাতে শিশুটিয়ে খাদ্য লাভ কৰে তাৰ বাবে মাতৃদুগ্ধ পান কৰোৱাটো প্ৰকৃতিৰ এক অনন্য উপায় । মাতৃ আৰু শিশুটিৰ বাবে এয়া স্বৰ্গীয় অনুভূতি । কিন্তু বিভিন্ন দুৰ্ভাগ্যজনক পৰিস্থিতিত কেতিয়াবা শিশুটিয়ে মাকৰ গাখীৰ লাভ নকৰিব পাৰে । তেনে পৰিস্থিতিত মানৱ দুগ্ধ ভাণ্ডাৰে সহায় কৰিব পাৰে । মাতৃদুগ্ধ পানৰ সপ্তাহ উপলক্ষে ইটিভি ভাৰত সুখীভৱৰ ফালৰ পৰা প্ৰখ্যাত গাইন’কলজিষ্ট আৰু অৱষ্টেট্ৰিচিয়ান ৰাজশ্ৰী কাটকেৰ সৈতে কথা পতা হৈছিল । আহক জানো তেওঁ এই সন্দৰ্ভত কি কয় ।

মানৱ দুগ্ধ বেংকিং মানে প্ৰকৃততে কি?

এওই ধাৰণা অনুসৰি মাতৃসকলে গাখীৰ দান কৰে । ইয়াৰ ফলত মাতৃদুগ্ধৰ পৰা বঞ্চিত শিশুৱে বিকাশ লাভ কৰাত সহায় হয় । ইচ্ছুক মাতৃসকলৰ পৰা এই গাখীৰ হাত বা স্তন পাম্পৰ জৰিয়তে সংগ্ৰহ কৰা হয় । তাৰ পাছত নিৰ্দিষ্ট কিছুমান পৰীক্ষা কৰা হয় । তাৰ পাছত জমা কৰা হয় বা প্ৰয়োজন অনুসৰি শিশুসকলক প্ৰদান কৰা হয় ।

কোনে মানৱ দুগ্ধ দান কৰিব পাৰে?

-এইচ আই ভি, হেপাটাইটিছ, চিফিলিচ পৰীক্ষা কৰাৰ পাছত নিগেটিভ পোৱা ইচ্ছুক মাতৃসকলে দান কৰিব পাৰে ।

- যিসকল মাতৃৰ হিম’গ্লবিনৰ হাৰ ১০ শতাংশ বা তাতোকৈ বেছি আছে আৰু কোনোধৰণৰ গুৰুতৰ স্বাস্থ্যজনিত সমস্যা নাই, তেওঁলোকে দিব পাৰে ।

চি এ এম এ আৰু এলবলেছ হাস্পতাল, মুম্বাইত মানৱ দুগ্ধ ভাণ্ডাৰ

২০০৮ চনত আৰম্ভ কৰাৰে পৰা, এই বেংকে ১৫২৬১ টি শিশুক গাখীৰ প্ৰদান কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ছয় হাজাৰ শিশুৱে এন আই চি ইউত অৰ্থাৎ নৱজাতকৰ আই চি ইউত থকা । ইয়াৰ ফলত নৱজাতকৰ মৃত্যু আৰু অসুস্থতা হ্ৰাস পায় । যেতিয়া নৱজাতকৰ ওজন ১.৮ কেজিতকৈ বেছি হয় তেতিয়া সিহঁতক আই চি ইউৰ পৰা বাহিৰলৈ উলিয়াই দিয়া হয় ।

মানৱ দুগ্ধ ভাণ্ডাৰৰ উপকাৰিতাসমূহ কি কি?

জন্মৰ সময়ত পিতৃ-মাতৃয়ে ত্যাগ কৰা বা জন্ম দান কৰি যিসকল নৱজাতকৰ মাতৃৰ মৃত্যু হয়, সিহঁতে মাতৃদুগ্ধৰ পুষ্টি লাভ কৰে ।

যদি মাকগৰাকীয়ে প্ৰসৱৰ পাছত অসুস্থ হৈ পৰে আৰু দুগ্ধপান কৰাবলৈ সক্ষম নহয়, তেতিয়া এনে বেংকৰ দ্বাৰা নৱজাতকটিয়ে গাখীৰ লাভ কৰে ।

যদি মাকগৰাকীয়ে যথেষ্ট পৰিমাণে মাতৃদুগ্ধ দিব নোৱাৰে, তেতিয়া এই বেংকে নৱজাতকটিক মাতৃদুগ্ধ প্ৰদান কৰে ।

এন আই চি ইউত ভৰ্তি হোৱা নৱজাতকবোৰ ইয়াৰ দ্বাৰা উপকৃত হয় ।

জন্মৰ পাছতে যিসকল নৱজাতকক আন পিতৃ-মাতৃয়ে তুলি লয় সিহঁত ইয়াৰ দ্বাৰা মাতৃদুগ্ধ লাভ কৰে ।

ভাৰতত মানৱ দুগ্ধ ভাণ্ডাৰ স্থাপনৰ বাবে কি কি প্ৰয়োজন হয়?

যেতিয়া টি এ এম এ হাস্পাতালাত মিল্ক বেংক স্থাপন কৰিছিল, তেতিয়া স্থাপনৰ খৰচ আছিল প্ৰায় ৩ লাখ টকা । ইয়াৰ লগতে সেয়া পৰিচালনা কৰাৰ বাবে খৰচ হৈছিল দহ হাজাৰ টকা । ইয়াৰ ভিতৰত শ্ৰম আৰু বিদ্যুতৰ খৰচ ধৰা নহয় ।

এই ন্যূনতম বিনিয়োগৰ ফলতেই প্ৰতি বছৰে বেংকৰ গাখীৰৰ দ্বাৰা এহাজাৰটা নৱজাতক উপকৃত হয় ।

কম খৰচ, অধিক উপকাৰিতা সত্বেও ভাৰতত মিল্ক বেংকৰ সংখ্যা তাকৰ । ইয়াৰ লগতে এই আটাইবোৰ বেংকেই ৰাজহুৱা খণ্ডৰ অধীনস্থ আৰু শিক্ষণ হাস্পতালাৰ সৈতে জড়িত । আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহু ৰাজ্যত থকাৰ দৰে ভাৰতত ব্যৱসায়িক মানৱ দুগ্ধ বেংক বা ভাণ্ডাৰ স্থাপন হোৱালৈকে এতিয়াও বহুদিন বাকী । মিল্ক বেংকসমূহ পৰিচালনা কৰিবলৈ তেনেই কম খৰচৰ প্ৰয়োজন হয় । ইয়াৰ ফলত সংস্থাপনৰ সুবিধাৰ সৃষ্টি হোৱাৰ লগতে খৰচৰ ফালৰ পৰা যথেষ্ট লাভজনক ।

মানৱ দুগ্ধ দানৰ বিষয়ে কিদৰে সজাগতা বৃদ্ধি কৰিব পাৰি?

ভাৰতৰ নাৰী শিক্ষাৰ অধিক প্ৰসাৰৰ জৰিয়তে মাতৃদুগ্ধ দানৰ বিষয়ে সজাগত সৃষ্টি কৰিব পাৰি । যদি কম বয়সতে দুগ্ধপানৰ বিষয়ে শিকোৱা হয় আৰু সামাজিকভাৱে দুগ্ধপানৰ গুৰুত্বক উপলব্ধি কৰোৱা হয়,তেতিয়া অশিক্ষিত মহিলাসকলকো মাতৃদুগ্ধ দান কৰিবলৈ আগ্ৰহী কৰি তুলিব পাৰি ।

সজাগতা কেনেকৈ বৃদ্ধি কৰিব পাৰি?

-দুগ্ধ দাত্ৰীক উৎসাহ প্ৰদান আৰু গৰ্ভৱতী মহিলাসকলক ইতিবাচক কাউন্সেলিং ।

ভাৰতত অধিকসংখ্যক মানৱ দুগ্ধ বেংক স্থাপনেই হ’ব আন্তঃৰাষ্ট্ৰীয় দুগ্ধ সপ্তাহ পালনৰ সুন্দৰ উপায় ।

লগতে পঢ়কঃদুগ্ধপান কৰোৱাৰ সময়ত মাতৃয়ে কি কি খাব লাগে?

Last Updated : Aug 8, 2020, 10:15 PM IST

ABOUT THE AUTHOR

...view details