যেতিয়াই আমি কাৰোবাক ভালপাওঁ বা যদি তেওঁৰ কথা বা আচৰণ ভালপাওঁ, তেতিয়া আমি নিশ্চিতভাৱে সেই ব্যক্তিজনক সাৱটি ধৰো বা আলিংগন কৰো, ই হৃদয় আৰু মনক শান্তি দিয়ে । আৱেগ প্ৰকাশৰ ই এক সুন্দৰ উপায় । যেতিয়াই আপুনি আপোনাৰ পিতৃ-মাতৃ, ভাই-ভনী, প্ৰেমিক বা বন্ধুক সাৱটি ধৰে, তেতিয়াই প্ৰেমৰ অনুভৱ বহুগুণে বৃদ্ধি পায় আৰু আপুনি এক মৰমৰ অনুভৱ কৰে, কিন্তু আপুনি জানেনে যে সাৱটি ধৰাটোৱে স্বাস্থ্যৰ বহু উপকাৰিতা সাধন কৰিব পাৰে ।
সাৱটি ধৰাৰ সুবিধা
বহু গৱেষণা আৰু অধ্যয়নত দেখা গৈছে যে, ওচৰৰ কাৰোবাক আলিংগন কৰিলে স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰিতা সাধন হয়, ই বহু সমস্যাৰ পৰা মুক্তি পোৱাত সহায় কৰে । জানো আহক ইয়াৰ স্বাস্থ্য লাভালাভসমূহ...
১/ মেজাজ উন্নত হ’ব
যদিও আপুনি স্বাভাৱিক মেজাজত থাকে আৰু কোনো ঘনিষ্ঠ ব্যক্তিয়ে আপোনাৰ সৈতে আলিংগন কৰে, তেতিয়াও মেজাজ বহুগুণে ভাল হৈ পৰে আৰু আপুনি ইতিবাচক অনুভৱ কৰিবলৈ আৰম্ভ কৰে । সেইবাবেই প্ৰতিদিনে আপোনজনক আলিংগন কৰিব লাগে ।
২/ টেনচন নাইকিয়া হৈ যাব