জলবায়ুৰ পৰিবৰ্তন বাবে এতিয়া বিভিন্ন ৰোগত আক্রান্ত হৈছে বহুজন। সূৰ্যৰ তাপমাত্ৰাৰ বাবে মানুহৰ শৰীৰত হিট ৰেচ, ঘামচি আদি হোৱা দেখা যায়। ইয়াৰ পৰা বাছিবলৈ কিছু উপায় অৱলম্বন কৰিব লাগে । যেনে-
১) অতি গুৰুত্বপূৰ্ণ কাম নাথাকিলে ৰ'দত বাহিৰলৈ ওলাই যাব নালাগে ।
২) বাহিৰলৈ গলে ছাতি, বা টুপী ব্যৱহাৰ কৰিব লাগে ।
৩)সূৰ্য্যৰ ৰশ্মি বা তাপৰ পৰা বাচিবলৈ ঘৰৰ পৰা বাহিৰলৈ গলে দীঘল হাতৰ চোলা পৰিধান কৰিব লাগে ।
৪)পাতল ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰে। ডাঠ বা উজ্জ্বল ৰঙৰ কাপোৰ পৰিধান কৰিলে সূৰ্য্যতাপে সহজে আপোনাৰ দেহত আক্ৰমণ কৰিব পাৰে ।
সূৰ্যৰ তাপৰ বাবে দেহৰ পৰা অতি বেছি পৰিমাণে ঘাম ওলাই। গৰমৰ বাবে আমাৰ শৰীৰৰ পানী কমি যায় । সেয়েহে মানুহ অতি সহজে দুৰ্বল হৈ যায় , হিট ক্ৰেম্পচ (cramps) হয় । ইয়াৰপৰা বাচিবলৈ হ’লে ল'ব লগীয়া সাৱধানতা সমূহ হ’ল-
১) সূৰ্য্যৰ তাপত বাহিৰলৈ ওলাই যাব নালাগে ।
২) ঘনাই ঘনাই পানী খাব লাগে ।