অসম

assam

ETV Bharat / sukhibhava

Child Health Care: গৰমৰ সময়ছোৱাত শিশুটিৰ স্বাস্থ্যৰ যতন কেনেদৰে ল'ব ? জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ ৰীতেশ জৈনে

উৎকট গৰমে দহিছে ৰাজ্যবাসীক । দৈনিক পাৰাস্তম্ভ চুইছেগৈ ৩৫ পৰা ৩৭ ডিগ্ৰী চেলছিয়াচ । আজিৰে পৰা আৰম্ভ হৈছে বিদ্যালয়-মহাবিদ্যালয়সমূহ । এই সময়ছোৱাত আপুনি আপোনাৰ শিশুটিৰ স্বাস্থ্যৰ যতন কেনেদৰে ল’ব । জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ ৰীতেশ জৈনে ।

By

Published : Aug 1, 2023, 3:23 PM IST

Child health care
গৰমৰ সময়ছোৱাত শিশুটিৰ স্বাস্থ্যৰ যতন কেনেদৰে ল'ব

গৰমৰ সময়ছোৱাত শিশুটিৰ স্বাস্থ্যৰ যতন কেনেদৰে ল'ব

গ্ৰীষ্মকাল পৰাৰ লগে লগে সকলোৱে বহু ৰোগৰ আগমণ ঘটিছে ৷ ক্ৰমাৎ ৰাজ্যত বৃদ্ধি পোৱা উষ্ণতাৰ ফলত শিশু, বৃদ্ধ, প্ৰাপ্তবয়স্কসকলৰ মাজত বিভিন্ন ৰোগে দেখা দিবলৈ আৰম্ভ কৰিছে ৷ বিশেষকৈ শিশুসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে ৷ এই সময়ছোৱাত আপুনি আপোনাৰ শিশুটিৰ স্বাস্থ্যৰ যতন কেনেদৰে ল’ব । জানো আহক শিশুৰোগ বিশেষজ্ঞ ডাঃ ৰীতেশ জৈনৰ পৰা-

১) এইসময়চোৱাত শিশুসকলৰ চালৰ যতন লোৱাটো অতি প্ৰয়োজনীয় । সেয়াহে শিশুসকলক বিদ্যালয় বা অন্য কৰবালৈ বাহিৰলৈ পঠিওৱাৰ পূৰ্বে শিশুসকলৰ ছানচক্ৰীম সানিহে বাহিৰলৈ পঠিওৱাব লাগে । বেছি পৰিমানৰ মশ্বেৰাইজাৰ সানিব নালাগে । ছানচক্ৰীমৰ ক্ষেত্ৰৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি SPF 30 সাধাৰণতেই ৫ বছৰৰ ওচৰৰ শিশু সকলৰ বাবে ব্যৱহাৰ কৰিব লাগে ।

২)গৰম আৰু তাপমাত্ৰৰ বাবে ডি হাইড্ৰেশ্বনৰ পৰা ৰক্ষা পাবলৈ সময়ে সময়ে পানী খাব দিব লাগে । লগতে পনীয় অহাৰ খুৱাব লাগে । নেমু পানী, নাৰিকল পানী, ফলৰ ৰস, ফল আদি খুৱাব লাগে । সতেজ শাক-পাচলিৰ আদি খুৱাব লাগে । ফাষ্টফুডৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে ৷

৩)এই সময়ছোৱাত খুব বেছি ডায়েৰীয়া, টাইফয়দ, জণ্ডিচ ভাইৰেল জ্বৰ আদিৰ সংক্ৰমণ বৃদ্ধি পায় । সেয়ে বাহিৰৰ খাদ্য, বা পানী আদি খুৱাব নালাগে ।

৪)মহৰ পৰা সংক্ৰমণৰ ফলত বিভিন্ন ৰোগ হোৱা দেখা যায় । সেয়েহে দীঘল হাতৰ কাপোৰ শিশুক পিন্ধাব লাগে ।

গ্ৰীষ্মকালত শিশুসকলক কেনেধৰণৰ খাদ্য খুৱাব লাগে

১) গৰমৰ দিনত সাধাৰণতে গৰম খাদ্য খুৱাব লাগে ।

২) সদায় গৰম পানী খুৱাব লাগে ।

৩)শিশুসকলক খাদ্য খুওৱাৰ সময়ত সদায় হাত পৰিস্কাৰ কৰিহে খুৱাব লাগে ।

ভাইৰেল জ্বৰ হ’লে শিশুসকলৰ কেনেদৰে যতন ল’ব লাগে

জ্বৰ হ’লে শৰীৰৰ তাপমাত্ৰাৰ বাবে পানীৰ পৰিমাণ কমি যায় । সেয়েহে জ্বৰ হ’লে মুখৰ সোৱাদ কমি যায় । সেয়েহে সতেজ শাক-পাচলি, ফল-মূল আদি খুৱাব লাগে । এই সময়ছোৱাত শিশুসকলৰ জিৰণিৰ খুবেই প্ৰয়োজন সেয়েহে, বাহিৰলৈ ওলাই যাব দিব নালাগে । লগতে চিকিৎসাকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ।

ABOUT THE AUTHOR

...view details