কাৰ্তিক মাহৰ শুক্ল পক্ষৰ ষষ্ঠ দিনত ছট পূজা পালন কৰা হয়(Chhath Puja 2022) । ছট পূজা বা ছঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ । ছট পূজা ভাৰতীয় উপমহাদেশৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ । প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ছট বা ছঠ পূজা অনুষ্ঠিত কৰা হয়(Khasta Thekua Recipe) ।
ছঠ উৎসৱত বিশেষকৈ ষষ্ঠী তিথিৰ দিনা থেকুৱা আগবঢ়োৱা হয় । কিন্তু বহু সময়ত ঠেকুৱা কোমল হোৱাৰ বাবে ইয়াত সেই মচমচীয়া থেকুৱাৰ সোৱাদ নাথাকে । এনে অৱস্থাত যদি আপুনি আপোনাৰ প্ৰসাদৰ থেকুৱা সম্পূৰ্ণ খৰখৰীয়া হোৱাটো বিচাৰে তেন্তে নিশ্চিতভাৱে এই টিপছসমূহ মানি চলক ।
এই পদ্ধতিৰে ছট পূজাৰ বাবে সহজতে প্ৰস্তুত কৰক থেকুৱা থেকুৱা তৈয়াৰ কৰাৰ উপকৰণ-
- ২৫০ গ্ৰাম ঘেঁহুৰ আটা
- আধা চামুচ ইলাচিৰ গুড়ি
- ভাজিবলৈ তেল
- মিহিকৈ কাটি লোৱা বাদাম
- এক চামুচ দেশী ঘিউ (মোয়ানৰ বাবে)
- শুকান নাৰিকলৰ গুড়ি
- গুড়
থেকুৱা তৈয়াৰৰ পদ্ধতি-
থেকুৱা তৈয়াৰ কৰিবলৈ প্ৰথমে এটা পাত্ৰত পানী গৰম কৰিব লাগে । তাৰ পিছত এই গৰম পানীত গুড় গলি যোৱাৰ পিছত এই পানীখিনি চেকি ল’ব লাগে । এই পানীখিনি চেকি ল'লে গুড়ৰ পানী সম্পূৰ্ণ পৰিষ্কাৰ হৈ পৰে । ইয়াৰ পিছত পানীখিনি ঠাণ্ডা হ’বলৈ ৰাখিব । এতিয়া ঘেঁহুৰ আটা ডাঙৰ তৰপত চেকি ৰাখি লওক । তাৰ পিছত তাত শুকান নাৰিকলৰ গুড়ি দিব । মিহিকৈ কটা ড্ৰাই ফ্ৰুইটছ আৰু ইলাচিৰ গুড়ি একেলগে দিব ।
ভেনিলা এচেন্সৰ গোন্ধ বিচাৰিলে দুটোপাল দিব পাৰে । এতিয়া এই আটাখিনি গুড়ৰ পানীখিনিৰ সহায়ত ভালদৰে মঠি ল'ব । আটাখিনি একেবাৰে টানকৈ মঠি ল'ব যাতে থেকুয়াবোৰ সম্পূৰ্ণ খৰখৰীয়া হয় ।
আটাখিনি মঠি লোৱাৰ পিছত সৰু সৰু বল বনাই প্ৰস্তুত কৰিব লাগে । কেৰাহীত তেল গৰম কৰক । আটাৰ বলখিনি থেকুৱাৰ আকাৰত তৈয়াৰ কৰি ল'ব । এতিয়া কম জুইত সোণালী ৰঙৰ হোৱালৈকে থেকুৱাখিনি ভাজিব । আপোনাৰ টেষ্টি থেকুয়া সাজু হৈছে, ইচ্ছা কৰিলে এয়াৰটাইট পাত্ৰত থৈ কেইবাদিনো ৰাখিব পাৰে ।
লগতে পঢ়ক:Health Tips: উৎসৱ-পাৰ্বণৰ পিছত শৰীৰক ৰোগমুক্ত কৰি ৰাখিবলৈ কি কি কৰা উচিত ?