অসম

assam

ETV Bharat / sukhibhava

French Fries recipe: সন্ধিয়াৰ চাহৰ সৈতে তৈয়াৰ কৰক সুস্বাদু ফ্ৰেঞ্চ ফ্ৰাই ৰেচিপি - Tasty and crispy snacks

সন্ধিয়া সময়ত আমি প্ৰায়েই বন্ধুবৰ্গ বা পৰিয়ালৰ সৈতে চাহৰ পাৰ্টি কৰোঁতে এবিধ সুস্বাদু স্নেক্স বিচাৰো ৷ কিন্তু সেই সময়ত আমাৰ হাতত ঘৰতে সহজতে তৈয়াৰ কৰিব পৰা স্নেক্সৰ বিকল্প খুব কমেই থাকে ৷ সেয়ে আমি আপোনাৰ বাবে লৈ আহিছো এটি সুস্বাদু ৰেচিপি ৷

How to make Tasty and crispy Masala French Fries at home
সন্ধিয়াৰ চাহৰ সৈতে তৈয়াৰ কৰক এই সুস্বাদু ফ্ৰেঞ্চ ফ্ৰাই ৰেচিপি

By

Published : Nov 9, 2022, 11:02 AM IST

সন্ধিয়া সময়ত আমি প্ৰায়েই বন্ধুবৰ্গ বা পৰিয়ালৰ সৈতে চাহৰ পাৰ্টি কৰোঁতে এবিধ সুস্বাদু স্নেক্স বিচাৰো ৷ কিন্তু সেই সময়ত আমাৰ হাতত ঘৰতে সহজতে তৈয়াৰ কৰিব পৰা স্নেক্সৰ বিকল্প খুব কমেই থাকে ৷ সেয়ে আমি আপোনাৰ বাবে লৈ আহিছো এটি সুস্বাদু ৰেচিপি (Tasty and crispy snacks) ৷ আপুনি নিশ্চয় বহুবাৰ সাধাৰণ আলুৰ ফ্ৰেঞ্চ ফ্ৰাইৰ সোৱাদ লৈছে কিন্তু আপুনি কেতিয়াবা মছলাযুক্ত ফ্ৰেঞ্চ ফ্ৰাই খাইছেনে । মছলাযুক্ত ফ্ৰেঞ্চ ফ্ৰাই কেৱল সন্ধিয়াৰ স্নেস্কছৰ বাবেই নহয় ঘৰত পাৰ্টিৰ বাবেও তৈয়াৰ কৰিব পাৰি(Tasty and crispy Masala French Fries at home) ।

সন্ধিয়াৰ চাহৰ সৈতে তৈয়াৰ কৰক এই সুস্বাদু ফ্ৰেঞ্চ ফ্ৰাই ৰেচিপি

এই স্নেক্স খাবলৈও অতি সুস্বাদু আৰু ইয়াৰ সোৱাদ কেৱল শিশুৱেই নহয়, বয়সস্থ লোকেও অতিকৈ ভাল পায় । আপুনি যিকোনো সময়তে চাহ, কফি বা শীতল পানীয়ৰ সৈতে এই ৰেচিপিৰ সহায়ত মছলাযুক্ত ফ্ৰেন্স ফ্ৰাই অতি সহজে ঘৰতে তৈয়াৰ কৰি খাব পাৰে । গতিকে জানো আহক সুস্বাদু মছলাযুক্ত ফ্ৰেঞ্চ ফ্ৰাই তৈয়াৰ কৰাৰ এই সহজ ৰেচিপি(Home made recipe) ।

Masala French Fries তৈয়াৰ কৰাৰ উপকৰণ

  • ৪০০ গ্ৰাম ফ্ৰেঞ্চ ফ্ৰাই
  • ১ চামুচ তেল
  • ১ চামুচ কটা নহৰু
  • ১ চামুচ কটা আদা
  • ২ টা কেঁচা জলকীয়া, মিহিকৈ কাটি লোৱা
  • ১টা সৰু পিঁয়াজ, মিহিকৈ কাটি লোৱা
  • ১⁄২ চামুচ টমেটো চচ
  • ১⁄২ চামুচ ৰঙা জলকীয়াৰ গুড়ি
  • সোৱাদ অনুসৰি নিমখ
  • ১ চামুচ চাট মছলা
  • ১ চাহ চামুচ শুকান আমৰ গুড়ি
  • এমুঠি কটা ধনীয়া

Masala French Fries কেনেকৈ তৈয়াৰ কৰাৰ পদ্ধতি

Masala French Fries তৈয়াৰ কৰিবলৈ প্ৰথমে কেৰাহীত অলপ তেল গৰম কৰি তাত কটা আদা আৰু নহৰু দি সুগন্ধি হোৱালৈকে ভাজিব । এতিয়া কেঁচা জলকীয়া দি ফুটিবলৈ দিয়ক(How to make Masala French Fries at home) ।

তাৰ পিছত পিঁয়াজখিনি সোণালী হোৱালৈকে ভাজিব । পিঁয়াজৰ ৰং গোলাপী হ’লে তাত টমেটো চচ দি ভালদৰে মিহলাই লওক । এতিয়া ৰঙা জলকীয়াৰ গুড়ি, নিমখ, চাট মছলা, শুকান আমৰ গুড়ি দি ভালদৰে মিহলাই লওক । এতিয়া জুইখিনি বন্ধ কৰি ফ্ৰেঞ্চ ফ্ৰাই দি সম্পূৰ্ণ মছলাখিনি মিহলি হোৱালৈকে টছ কৰক । ধনীয়া এমুঠি আৰু অলপ চাট মছলা ছটিয়াই গৰমে পৰিবেশন কৰক ।

লগতে পঢ়ক:Caffeine: কেফেইন আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী ?

ABOUT THE AUTHOR

...view details