খাদ্যত পিয়াঁজ বিভিন্ন ধৰণে অন্তৰ্ভুক্ত কৰা হয় । কিন্তু, পিঁয়াজৰ উপকাৰিতা কেৱল স্বাস্থ্যৰ মাজতে সীমাৱদ্ধ নহয় । পিঁয়াজৰ পৰা তেলো তৈয়াৰ কৰিব পাৰি, যিটো চুলিৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয় । চুলি দুৰ্বল হওক বা অত্যধিক পাতল হওক, পিঁয়াজৰ তেলে নিজৰ প্ৰভাৱ দেখুৱায় আৰু চুলি ডাঠ, ঘন আৰু মজবুত কৰাত ফলপ্ৰসূ । ই এক আয়ুৰ্বেদিক তেল যি এন্টিঅক্সিডেন্ট আৰু এনজাইমেৰে সমৃদ্ধ আৰু ইয়াক চুলিৰ বাবে যাদুকৰী তেল বুলিও জনা যায় । এই তেল চুলিত লগালে উফিৰ সমস্যা দূৰ হয়, চুলিৰ গুৰিত পুষ্টি প্ৰদান কৰা হয়, চুলিবোৰ গুৰিৰ পৰা পৰা মূৰলৈকে সুস্থ কৰি ৰাখে আৰু দ্ৰুতগতিত চুলি বৃদ্ধি হ’বলৈ আৰম্ভ কৰে । পিঁয়াজৰ তেল কেনেকৈ তৈয়াৰ কৰা হয় আপুনিও জানি লওক ।
ঘৰতে পিঁয়াজৰ তেল কেনেকৈ তৈয়াৰ কৰিব
- পিঁয়াজৰ তেল বনাবলৈ ২০০ মিলিলিটাৰ নাৰিকল তেল, আধা কটা পিঁয়াজ আৰু একাপ নৰসিংহ পাতৰ প্ৰয়োজন হ’ব । ইচ্ছা কৰিলে এই তেল নৰসিংহ পাত নোহোৱাকৈও বনাব পাৰে, কিন্তু নৰসিংহ পাত দিলে পিঁয়াজৰ তেলৰ প্ৰভাৱ বৃদ্ধি পায় ।
- প্ৰথমে পিঁয়াজ কাটি ব্লেণ্ডাৰত ভৰাই পিহি লওক । তাত নৰসিংহ পাত দি পেষ্ট তৈয়াৰ কৰি লওক ।
- জুইৰ ওপৰত কেৰাহী বা যিকোনো সৰু বাচন দি তাত নাৰিকল তেল দি গৰম হ’বলৈ দিয়ক ।
- এই তেল কিছু সময় গৰম কৰাৰ পিছত ইয়াত পিঁয়াজ আৰু নৰসিংহ পাত গুৰি মিহলাই ভাজক ।
- প্ৰায় ৫ৰ পৰা ১০ মিনিট মান এই তেলৰ সকলো বস্তু ভজা হোৱাৰ পিছত গেছ বন্ধ কৰি দিব ।