বতৰ যিয়েই নহওক কিয়, মুখখন সুৰক্ষিত কৰিবলৈ ছানস্ক্ৰীণ লগোৱাটো ছালৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়, কাৰণ সূৰ্যৰ পোহৰে মুখমণ্ডলত বেয়াকৈ প্ৰভাৱ পেলায় । কেৱল ইমানেই নহয়, অধিক সময় UV ৰশ্মিৰ সংস্পৰ্শত থাকিলে ছালৰ কৰ্কট ৰোগৰ হোৱাৰ আশংকাও দেখা দিয়ে । এনে পৰিস্থিতিত ছানস্ক্ৰীণ প্ৰয়োগ কৰিলে, ই আপোনাৰ ছালত সুৰক্ষামূলক স্তৰ সৃষ্টি কৰে, যাতে কোনো বিপদজনক ৰশ্মিয়ে আপোনাৰ মুখত ক্ষতি কৰিব নোৱাৰে । যদিও বজাৰত বহু ধৰণৰ ছানস্ক্ৰীন পোৱা যায়, তথাপিও সেইবোৰত বহুতো ৰাসায়নিক পদাৰ্থ থাকে যিয়ে মুখখনক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে ক্ষতি কৰিব পাৰে । এনে পৰিস্থিতিত আপুনি হয়তো ভাবিছে তেন্তে মুখত কেনেধৰণ ছানস্ক্ৰীণ লগোৱাটো উপযুক্ত ? আপুনি বজাৰৰ পৰিৱৰ্তে ঘৰতে প্ৰাকৃতিকভাৱে ছানস্ক্ৰীণ বনাই ব্যৱহাৰ কৰিব পাৰে ৷ যাৰ ফলত আপোনাৰ ছালৰো কোনো ক্ষতি নহয় আৰু পকেটৰ ধনো খৰচ নহয় । গতিকে এই প্ৰতিবেদনত জানো আহক ছানস্ক্ৰীণ বনোৱাৰ পদ্ধতি ।
- ঘৰতে কেনেকৈ বনাব বিশেষ ছানস্ক্ৰীণ
- এলোভেৰা আৰু পদিনা দি ছানস্ক্ৰীণ বনাওক
- এলোভেৰা জেল- ১/৪ কাপ
- নাৰিকল তেল- ১ চামুচ
- পদিনাৰ তেল – ১০ৰ পৰা ১৫ টোপাল
কেনেকৈ বনাব ?
প্ৰথমে এলোভেৰা জেল এটা সৰু বাটিত ল’ব ।
তাৰ পিচত এলোভেৰা জেলৰ সৈতে এচামুচ নাৰিকল তেল দি ভালদৰে মিহলাই ল’ব ।
ইয়াৰ পিচত তাত ১০ৰ পৰা ১৫ টোপাল পদিনাৰ তেল দিব ।
এই সকলোবোৰ মিহলাই ল’ব ।
ইয়াৰ পিচত আপোনাৰ প্ৰাকৃতিক ছানস্ক্ৰীণ সাজু, বায়ু সোমাব নোৱাৰা পাত্ৰত ইয়াক সংৰক্ষণ কৰি ৰাখিব ।
ঘৰৰ পৰা ওলোৱাৰ আগতে মুখ, ডিঙি আৰু হাতত ছানস্ক্ৰীণ লগাবলৈ নাপাহৰিব ।
এলোভেৰা আৰু ভিটামিন ইৰে ছানস্ক্ৰীণ বনাব পাৰে
- এলোভেৰা- ১ চামুচ
- ভিটামিন ই- ৪ৰ পৰা ৫ টোপাল
- চানফ্লা’ৱাৰ তেল- ১ চামুচ
- জিংক অক্সাইড – ২ৰ পৰা ৩ চামুচ
কেনেকৈ বনাব ?