প্ৰতিজন অভিভাৱকেই তেওঁলোকৰ সন্তান সকলো ফালৰ পৰা পাৰ্গত তথা বুদ্ধিমান হোৱাটো বিচাৰে ৷যাৰ বাবে অভিভাৱকসকলে শিশুটো ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰে ৷ কিন্তু কিছুমান শিশু সৰুৰে পৰাই অতি বুদ্ধিমান হয়, তেওঁলোকে যিকোনো বস্তু সহজে বুজি উঠে ৷ ইয়াৰ বাহিৰেও তেনে শিশুৰ কিছুমান স্বভাৱ আছে, যিয়ে আপোনাক সেই বিশেষ শিশুটো বুদ্ধিমান বুলি পৰিচয় দিয়ে ৷ তেনেহ’লে আপোনাৰ শিশুটি বুদ্ধিমান হয় নে নহয় কেনেকৈ চিনাক্ত কৰিব জানি লওক-
সময়ানুৱৰ্তীতা
অধিক বুদ্ধিমান শিশুৰ এক অন্যতম স্বভাৱ হৈছে তেওঁলোকৰ সময়ানুৱৰ্তীতা ৷ তেওঁলোকে তেওঁলোকৰ সময়ৰ কিদৰে উচিত ব্যৱহাৰ কৰিব লাগে, সেয়া জানে ৷ তেওঁলোকে সকলোবোৰৰ বাবে সময় নিৰ্ধাৰণ কৰে ৷ এই শিশুৱে টোপনি, পঢ়াৰ সময়, খেলৰ সময়, সকলোবোৰ নিয়ন্ত্ৰণ কৰে যাতে তেওঁলোকৰ ওপৰত কোনো চাপ নাথাকে ৷
সকলো কথাইতেই গুৰুত্ব প্ৰদান কৰা
আগ্ৰহী তথা বুদ্ধিমান শিশুৰ এটা বিশেষত্ব হ'ল যে তেওঁলোকে সকলোবোৰ কথা অতি মনোযোগেৰে শুনে আৰু ইয়াক গুৰুত্ব দিয়ে ৷ তেওঁলোকক যি বিষয়ে শিকোৱা হয় তাৰ ওপৰত অতি গুৰুত্ব দিয়ে ৷
পঢ়াৰ বহু উপায়
যদিও শিক্ষা সকলো শিশুৰ বাবে একে, কিন্তু অধিক বুদ্ধিমান শিশুৱে পঢ়াৰ বিভিন্ন উপায় উলিয়ায় ৷ বুদ্ধিমান শিশুৰ উপস্থাপন দক্ষতা অতি প্ৰখৰ হয় ৷ যিসকল শিশু নিজৰ শিক্ষাৰ প্ৰতি আগ্ৰহী তেনে শিশুৱে পঢ়াৰ বাবে বিভিন্ন উপায়ৰ সন্ধান উলিয়াব জানে ৷
প্ৰশ্ন সোধাৰ আগ্ৰহ
শ্ৰেণীকোঠাত সকলো সময়তে সক্ৰিয় হৈ থকা আৰু শিক্ষকে সঠিক সময়ত সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়াটোও বুদ্ধিমান শিক্ষাৰ্থীৰ লক্ষণ ৷ এনে শিশুৱে কেৱল শিক্ষকক প্ৰশ্ন কৰাই নহয়, যিকোনো বিষয়ত শিক্ষাৰ্থী আৰু শিক্ষকৰ সৈতে ধাৰণা ভাগ বতৰা কৰে ৷
লক্ষ্য স্থিৰ হোৱা
বুদ্ধিমান শিশুৱে তেওঁলোকৰ লক্ষ্য কেনেদৰে প্ৰাপ্ত কৰিব লাগে ভালদৰে জানে ৷ তেওঁ তেওঁৰ লক্ষ্যৰ বিষয়ে অতি সক্ৰিয় আৰু সকলো সময়তে অগ্ৰগতিৰ নতুন উপায় বিচাৰি থাকে ৷