আজিকালি ভুল জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে মানুহে বহু ৰোগত ভুগিবলৈ ধৰিছে, যিবোৰ পূৰ্বে কেতিয়াও বেছি শুনা যোৱা নাছিল ৷ ইয়াৰে ভিতৰত এটি ৰোগ হ’ল নিম্ন ৰক্তচাপ ৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, যিকোনো সুস্থ ব্যক্তিৰ ৰক্তচাপ সাধাৰণতে ১২০/৮০ মিলিমিটাৰ পাৰাপাৰচেণ্ট হ’ব লাগে ৷ যেতিয়া এই ৰক্তচাপ ৯০/৬০ মিলিমিটাৰ পাৰাপাৰচেণ্টতকৈ কম হয় তেতিয়া ইয়াক নিম্ন ৰক্তচাপ বোলা হয় ৷
এজন ব্যক্তিয়ে হেৰুৱাব পাৰে প্ৰাণ
ইয়াৰ কাৰণে এজন ব্যক্তিয়ে মূৰ ঘূৰণি, মূৰৰ বিষ, বমি, ভাগৰ আৰু দুৰ্বলতাৰ লক্ষণ অনুভৱ কৰে ৷ সঠিক সময়ত নিয়ন্ত্ৰণ নকৰিলে ৰোগীজনৰ হাৰ্ট এটেকো হ’ব পাৰে ৷ সেয়ে আজি আমি আপোনালোকক ক'বলৈ ওলাইছো নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ৩টা বিশেষ উপায়, যাক অনুসৰণ কৰি এই ৰোগৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰে ৷
কম বিপি নিয়ন্ত্ৰণ কৰাৰ উপায়
কিচমিচ
নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ কিচমিচ খাব পাৰে (Low BP Control Tips) ৷ ইয়াৰ বাবে ৰাতি ৪-৫টা কিচমিচ পানীত তিয়াই ল’ব লাগে ৷ পুৱা খালী পেটত সেই কিচমিচখিনি পানীৰ সৈতে খালী পেটতে সেৱন কৰক ৷ এনে কৰিলে আপোনাৰ ৰক্তচাপ স্বাভাৱিক হৈ থাকিব ৷
অশ্বগন্ধা
নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবেও অশ্বগন্ধাৰ ব্যৱহাৰ উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াত এনে বহু পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ৷ ইয়াক সেৱন কৰিবলৈ এচামুচ অশ্বগন্ধা গুড়ি খাব লাগে ৷ ইয়াৰ পিছত আধা গিলাচ কুহুমীয়া পানী লৈ তাত এই গুড়ি মিহলাই সেৱন কৰক ৷ এই পাউদাৰ দিনটোত দুবাৰকৈ খালে আপোনাৰ নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণ হ’ব ৷
তুলসীৰ পাত
যিসকলৰ বি পি কম হোৱাৰ সমস্যা আছে তেওঁলোকৰ বাবে তুলসীৰ পাতে ঔষধ হিচাপে কাম কৰে ৷ ইয়াত পটাছিয়াম, ভিটামিন চি আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ ইয়াত বহুতো এন্টি-অক্সিডেন্টো পোৱা যায়, যিয়ে নিয়মীয়াকৈ আপোনাৰ বি পি বা ৰক্তচাপ বজাই ৰখাত সহায় কৰে ৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে বি পি কম হ’লে ৪টা তুলসীৰ পাত চাফা কৰি লাহে লাহে চোবাই খাব লাগে ৷ এনে কৰিলে আপুনি ফিট হৈ পৰিব ৷
লগতে পঢ়ক:Cardamom Benefits: এই ৪টা কাৰণতেই আমি দৈনিক সৰু ইলাচি চোবাই খাব লাগে