অসম

assam

ETV Bharat / sukhibhava

Jacqueline Fernandez Beauty Secret: জেকলিনৰ সৌন্দৰ্যৰ ৰহস্য জানি লৈ আপুনিও হৈ পৰক মোহময়ী - Jacqueline Fernandez age

এক সুন্দৰ সৌন্দৰ্যৰ ৰুটিন অনুসৰণ কৰিয়েই বলীউডত জিলিকি আছে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ ৷ আজি জেকলিনৰ উজ্জ্বল ছালৰ ৰহস্যৰ বিষয়ে জানো আহক...

How to get skin like Jacqueline Fernandez
জেকলিনৰ সৌন্দৰ্যৰ ৰহস্য জানি লৈ আপুনিও হৈ পৰক মোহময়ী

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 6:54 PM IST

বলীউডৰ সেই অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম জেকলিন ফাৰ্নাণ্ডেছ, যিয়ে কেৱল নিজৰ অভিনয় দক্ষতাৰ বাবেই নহয় নিজৰ সুন্দৰ ছালৰ বাবেও পৰিচিত । শ্ৰীলংকাৰ এই ধুনীয়া অভিনেত্ৰীগৰাকীৰ বহু অনুৰাগীয়ে তেওঁৰ জিলিকি থকা ছাল আৰু আকৰ্ষণীয় চুলিক খুবেই পচন্দ কৰে । কিন্তু প্ৰতিগৰাকী সাধাৰণ মহিলাৰ দৰে জেকলিনেও বহুতো ছালৰ সমস্যাৰ সৈতে যুঁজে । কিন্তু তেওঁ নিজৰ ছালখনক সতেজ তথা উজ্বল কৰি ৰাখিবলৈ ঘৰুৱাভাৱে যত্ন লয় ৷

ছালখনক উজ্জ্বল কৰি ৰাখিবলৈ ছালৰ যত্নৰ এক ভাল ৰুটিন অনুসৰণ কৰাটো খুবেই গুৰুত্বপূৰ্ণ ৷ বিশেষকৈ ছালৰ যত্নত ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ ক্ষেত্ৰত সচেতন হ'লেই আপুনি আপোনাৰ ছালখনক নিখুঁট কৰি ৰাখিব পাৰে ৷ এক সুন্দৰ সৌন্দৰ্যৰ ৰুটিন অনুসৰণ কৰিয়েই বলীউডত জিলিকি আছে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ ৷ আজি জেকলিনৰ উজ্জ্বল ছালৰ ৰহস্যৰ বিষয়ে জানো আহক-

ডিটক্স

অভিনেত্ৰীগৰাকীয়ে আজৱাইন, হালধি আৰু এপল চাইডাৰ ভিনেগাৰৰ পৰা তৈয়াৰ কৰা সতেজ পানীয়ৰে দিনটো আৰম্ভ কৰে ৷ ই ছাল পৰিস্কাৰ কৰি ৰাখে ৷ এই পানীয়ই শৰীৰটোক ডিটক্স কৰি ৰখাতো সহায় কৰে ৷

ভিটামিন চি

উজ্জ্বল ছালৰ বাবে ছালক সঠিক পুষ্টি দিয়াৰ যথেষ্ট প্ৰয়োজন আছে ৷ ইয়াৰ বাবে জেকলিনে দৈনিক মুখত ভিটামিন চি প্ৰয়োগ কৰে ৷ আপুনিও ছালৰ যত্নৰ ৰুটিনত দৈনিক ভিটামিন চিযুক্ত ফেচ চিৰাম ব্যৱহাৰ কৰিব পাৰে ৷ ভিটামিন-চিয়ে কোষবোৰ মেৰামতি কৰা তথা ছালক সঠিক পুষ্টি প্ৰদান কৰাত সহায় কৰে ৷

পানী

ছালৰ সমস্যাৰ চিকিৎসা পানী ৷ সেয়েহে জেকলিনে দৈনিক ৮ গিলাচ পানী খায় ৷ তদুপৰি অভিনেত্ৰীগৰাকীয়ে নিশা গ্ৰীণ টিও গ্ৰহণ কৰে ৷

মিঠাই

ছালৰ সমস্যা, বিশেষকৈ শালমনৰ পৰা পৰিত্ৰাণ পাবলৈ জেকলিনে একেবাৰে মিঠাই নাখায় ৷ কিন্তু তেওঁৰ মিঠা খুব প্ৰিয় ৷ তেওঁৰ মতে ফল-মূলৰ মিঠা একেবাৰেই ক্ষতিকাৰক নহয় ৷ কিন্তু, মিঠাই স্বাস্থ্যৰ পক্ষে হানিকাৰক ৷

লগতে পঢ়ক:Make-up: আপোনাৰ মেকআপ কিট আনেও ব্যৱবহাৰ কৰে নেকি ? তেন্তে সাৱধান হওক !

ABOUT THE AUTHOR

...view details