জীৱনত সুখ-সমৃদ্ধি আৰু সফলতা লাভ কৰিবলৈ বাস্তু শাস্ত্ৰত বহু পদক্ষেপৰ কথা উল্লেখ কৰা হৈছে । ঘৰত থকা বস্তুবোৰে আমাৰ জীৱনত ভাল আৰু বেয়া দুয়োটা প্ৰভাৱ পেলায় । যদি বাস্তুৰ নিয়ম মতে বস্তু ৰখা হয়, তেন্তে ই ইতিবাচক ফল দিয়ে, নহ’লে জীৱনটো বিপদৰে ভৰি থাকে । বহু সময়ত এনেকুৱা হয় যে কঠোৰ পৰিশ্ৰমৰ পিছতো কোনো কামতে ধন-সম্পত্তি নাথাকে, সফলতাও নাথাকে । ইয়াৰ আঁৰত ঘৰৰ বাস্তু দোষো থাকিব পাৰে ।
ঘৰ এখন নিৰ্মাণ কৰোঁতে যি দৰে বাস্তু নিৰ্ধাৰণ কৰাটো প্ৰয়োজন ৷ ঠিক তেনেদৰে ব্যৱসায়িক প্ৰতিষ্ঠান এটাতো বাস্তু নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজনীয় ৷ বাস্তু অনুসৰি নিৰ্মাণ কৰিলে লাভৱান হয় বুলি বিশ্বাস কৰা হয় ৷
ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাস্তু কেনে হ'ব লাগে ?
১)ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ কৰ্তৃপক্ষ বা মালিকজনে সদায় দক্ষিণ-পশ্চিম কোণত তেওঁৰ কেবিনটো ৰাখিব লাগে ৷ অৰ্থাৎ নৈৰিক কোণত হ'ব লাগে ৷ লগতে পূৱ বা উত্তৰ ফালে মুখ দি বহিব লাগে ৷ পূৱ ফালে মুখ দি বহিলে কেৰিয়াৰ ভাল হয় আৰু উত্তৰ ফালে মুখ দি বহিলে বিত্তীয়ভাৱে লাভবান হয় ৷
২)ব্যৱসায়িক প্ৰতিষ্ঠান এটাত গ্ৰাহক বহা ঠাইৰ পূৱ ফালে হ'ব লাগে ৷
৩) যদি প্ৰতিষ্ঠানটোত কৰ্মচাৰী থাকে তেন্তে কৰ্মচাৰী সকলক যদি ৰুম দিয়া হয় তেন্তে উত্তৰ বা পশ্চিম দিশত দিব লাগে ৷ এনে কৰিলে অফিচৰ পৰিৱেশভাল থাকে ৷