অসম

assam

ETV Bharat / sukhibhava

Vastu Tips: ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত বাস্তু কেনেদৰে নিৰ্ধাৰণ কৰিব ? - ঘৰৰ পূজাঘৰ বা থাপনা কোনফালে থাকিব লাগে

ঘৰ এখন নিৰ্মাণৰ ক্ষেত্ৰত বাস্তু নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজনীয় ৷ বাস্তু অনুসৰি ঘৰ এখন নিৰ্মাণ কৰিলে ঘৰ খনত সুখ-শান্তি বিৰাজ কৰে বুলি বিশ্বাস কৰা হয় ৷ ঘৰ এখন নিৰ্মাণৰ ক্ষেত্ৰত বাস্তু কেনেদৰে নিৰ্ধাৰণ কৰিব এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাট ডাঃ হেমাংগ শাস্ত্ৰীয়ে ৷

Vastu advice
ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত বাস্তু কেনেদৰে নিৰ্ধাৰণ কৰিব ?

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 5:24 PM IST

জ্যোতিষ সম্ৰাট ডাঃ হেমাংগ শাস্ত্ৰী

সাধাৰণতে ঘৰতো যদি পূব ফালে হয় আৰু ঘৰত সন্মুখত ভাগত যদি বেছি ঠাই থকা হয় বা উত্তৰ ফালে যদি হয় আৰু দক্ষিণ ফালে যদি বেছি ঠাই এৰা হয় তেন্তে ঘৰখনৰ বাবে শুভ হয় ৷ ঘৰৰ মানুহ বহা কোঠালী বা ড্রয়িং ৰুম পূব বা উত্তৰ ফালে থাকিব লাগে আৰু শোৱনী কোঠা সদায় দক্ষিণ-পশ্চিম কোণত হ’লে ভাল ৷ ঘৰৰ চিৰি উত্তৰ-পূব কোণত থাকিলে ভাল ৷

বাস্তু মতে ঘৰৰ পাকঘৰ কোনফালে থাকিব লাগে

বাস্তুশাস্ত্ৰ মতে, পাকঘৰ সদায় আগ্নেয়কোণত থকা উচিত ৷ কাৰণ আগ্নেয়কোণতো অগ্নি সম্পৰ্কিত হয় ৷ দক্ষিণ আৰু পূবৰ যিটো মাজৰ কোনটোক আগ্নেয়কোণ বোলা হয় ৷ এই কোণটোত পাকঘৰ থাকিলে যথেষ্ট শুভ হয় ৷ খাদ্য ৰন্ধাৰ সময়ত যদি পূব ফালে মুখ দি ৰান্ধিব পাৰে তেন্তে স্বাস্থ্যৰ বাবে খুব ভাল ৷ কিন্তু যদিহে আগ্নেয়কোণত ঠাই নাথাকে তেন্তে বায়ুকোণত অৰ্থাৎ উত্তৰ-পশ্চিম দিশত পাকঘৰটো ৰাখিব লাগে ৷ আনহাতে বায়ুকোণত পাকঘৰ থাকিলে পশ্চিম ফালে মুখ দি খাদ্য ৰান্ধিব পাৰিলে ভাল ৷

বাস্তুমতে ঘৰৰ বাথৰুম কোনফালে থাকিব লাগে

ঘৰৰ এখনৰ পশ্চিম কোণৰ মাজত ভাগত বাথৰুমটো থাকিলে ভাল ৷ যদি পশ্চিম ভাগত ঠাই নাথাকে, তেন্তে দক্ষিণ কোণৰ মাজত বাথৰুম নিৰ্মাণ কৰিব পাৰে বা উত্তৰ- পশ্চিম কোণত বাথৰুম নিৰ্মাণ কৰিব পাৰে ৷ বাথৰুম কেতিয়াও উত্তৰ-পূব কোন অৰ্থাৎ ঈশান কোণত নিৰ্মাণ কৰিব নালাগে ৷

বাস্তুশাস্ত্ৰ মতে ঘৰৰ পূজাঘৰ বা থাপনা কোনফালে থাকিব লাগে

ঘৰৰ পূজা ঘৰ বা থাপনা বাস্তু শাস্ত্ৰ মতে উত্তৰ-পূব কোণত হ'ব লাগে ৷ যদিহে ঘৰত কোনো বাস্তু দোষ থাকেও তেতিয়াও উত্তৰ-পূব কোণত পূজা ঘৰ থাকিলে বাস্তু দোষ বহু নিৰ্মূল হয় ৷ আনহাতে পূজা ঘৰত বাস্তু যন্ত্ৰ স্থাপন কৰিলেও বাস্তুদোষ খণ্ডন কৰিব পাৰি ৷

লগতে পঢ়ক:Prediabetes: কি হয় 'প্ৰি- ডায়েবেটিছ' ? ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক

For All Latest Updates

ABOUT THE AUTHOR

...view details