গুৱাহাটী, 30 জুলাই:ডায়েবেটিছ বা মধুমেহ ৰোগ বৰ্তমান সমগ্র বিশ্বতে ব্যাপকভাৱে বৃদ্ধি পাব ধৰিছে । বিভিন্ন কাৰণত এজন লোক বহুমূত্ৰ ৰোগত আক্ৰান্ত হ’ব পাৰে । সেইসমূহৰ ভিতৰত খাদ্যজনিত, জীৱন ধাৰণৰ পদ্ধতি, মানসিক চাপ, বংশগত, মেদবহুলতাজনিত আদি প্ৰধান কাৰণ ।
বৰ্তমান সময়ত মধুমেহ ৰোগীৰ সংখ্যা অতি দ্ৰুত হাৰত বৃদ্ধি হৈ গৈ আছে । মধুমেহ ৰোগে লাহে লাহে হৃদয়, কিডনী, চকুৰ দৃষ্টিশক্তি আদিৰ ওপৰত প্ৰভাৱ পেলাই ক্ৰমান্বয়ে ৰোগীক জটিল অৱস্থালৈ লৈ যায় । আধুনিক চিকিৎসা বিজ্ঞানত মধুমেহৰ ওপৰত নিত্য নতুন গৱেষণা চলি আছে যদিও ইয়াক সম্পূৰ্ণ নিৰাময় কৰাত সফল হ’ব পৰা নাই । মধুমেহ ৰোগ সাধাৰণতে নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যায় যদিও আৰম্ভণিতে সাৱধানতা অৱলম্বন কৰি ইয়াৰ সু-চিকিৎসা কৰালে কিছু কিছু ক্ষেত্ৰত সম্পূৰ্ণ নিৰাময়ো হোৱা দেখা যায় ।
জীৱন ধাৰণৰ শৈলীৰ বাবে ভাৰতবৰ্ষত বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত মধুমেহ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । প্ৰতি ১১ জন লোকৰ ভিতৰত বৰ্তমান ১ জন লোক মধুমেহ ৰোগত আক্রান্ত । চীনৰ পিছত ভাৰতবৰ্ষ মধুমেহ ৰোগত আক্ৰান্তৰ ক্ষেত্ৰত দ্বিতীয় ।
মধুমেহ ৰোগৰ পৰা পৰিত্ৰাণৰ উপায়
১) খাদ্য সদায় ভালদৰে আৰু সময়মতে গ্ৰহণ কৰিব লাগে ।
২) সপ্তাহ ৫ দিন হ’লেও যোগাসন কৰিব লাগে ।
৩) জাংক ফুড খাব নালাগে ।
৪) কম কেলৰী যুক্ত খাদ্য গ্ৰহণ কৰিব লাগে ।
৫) মধুমেহ ৰোগীয়ে সিজোৱা চাউল, মিঠাই, ভজাবস্তু আদি কমকৈ খাব লাগে ।