পাকঘৰত আমি নিতৌ তেল ব্যৱহাৰ কৰো । এনে অৱস্থাত খাদ্যৰ পৰা ওলোৱা ধোঁৱাৰ বাবে পাকঘৰৰ কেবিনেটটো প্ৰায়ে লেতেৰা হৈ পৰে । তেনে স্থলত যদি পাকঘৰটো দৈনিক পৰিষ্কাৰ কৰা তেন্তে ইয়াত এই মলি জমা হয় । তাৰ পিছত তাক চাফা কৰাটো বৰ কঠিন হৈ পৰে(how to clean sticky dirty and oily kitchen cabinets) ।
আপোনাৰ পাকঘৰটো পৰিষ্কাৰ কৰি ৰাখিবলৈ কেইটামান Kitchen Hacks - ঘৰতে চাবোন স্প্ৰে বনাওক
যদি আপোনাৰ পাকঘৰৰ কেবিনেটত মলি জমা হৈছে আৰু আপুনি ইয়াক চাফা কৰাত অসুবিধা পাইছে, তেন্তে আপুনি কিছুমান চাফাই হেক গ্ৰহণ কৰিব পাৰে । তলত দিয়া পাকঘৰৰ কেবিনেট পৰিষ্কাৰ কৰা হেকবোৰ ব্যৱহাৰ কৰি আপোনাৰ পাকঘৰটো পৰিষ্কাৰ কৰি ৰাখিব পাৰে-
আপোনাৰ পাকঘৰটো পৰিষ্কাৰ কৰি ৰাখিবলৈ কেইটামান Kitchen Hacks
যদি আপোনাৰ পাকঘৰৰ কেবিনেটত মলি জমা হৈছে আৰু আপুনি ইয়াক চাফা কৰাত অসুবিধা পাইছে, তেন্তে আপুনি কিছুমান চাফাই হেক গ্ৰহণ কৰিব পাৰে(Kitchen Hacks) । তলত দিয়া পাকঘৰৰ কেবিনেট পৰিষ্কাৰ কৰা হেকবোৰ ব্যৱহাৰ কৰি আপোনাৰ পাকঘৰটো পৰিষ্কাৰ কৰি ৰাখিব পাৰে-
- চাবোন আৰু পানী: মসৃণ ঠাই পৰিষ্কাৰ কৰাত গৰম চাবোনযুক্ত পানী অতি সহায়ক হ’ব পাৰে । প্ৰথমে শ্বেলফত থকা গ্রীজখিনি গৰম পানীৰে তিয়াই থোৱা স্পঞ্জ এটাৰে কোমল কৰক, তাৰ পিছত স্পঞ্জ, টুথব্ৰাছ বা সৰু স্ক্রাব ব্ৰাছটো চাবোনেৰে ভৰা পানীত ডুবাই দিয়ক আৰু তাৰ পিছত পৰিষ্কাৰ কৰি লওক । তাৰ পিছত শুকান ডিচ টাৱেলেৰে শুকুৱাই মচি দিব ।
- বেকিং ছ’ডা ব্যৱহাৰ কৰক: পুৰণি বা গাঢ় দাগ হ’লে বেকিং ছ’ডা আৰু স্ক্ৰাব ব্ৰাছ ব্যৱহাৰ কৰক । গৰম পানীৰে ব্ৰাছ তিয়াই লোৱাৰ পিছত অলপ বেকিং ছ’ডা দিব, তাৰ পিছত কেবিনেটবোৰ ধুই পেলাব । বেকিং ছ’ডাই তেলেতীয়া কম কৰিব আৰু ই কাঠৰ আলমাৰীবোৰৰ ক্ষতি নকৰে ।
- ঘৰতে চাবোন স্প্ৰে বনাওক: ইয়াৰ বাবে স্প্ৰে বটলত একাপ বগা ভিনেগাৰ, কেইটোপালমান লিকুইড চাবোন, এচামুচ বেকিং ছ’ডা, আৰু কেইটোপালমান লেভেণ্ডাৰ বা নেমুৰ আৱশ্যকীয় তেল মিহলাই দিব লাগে । তাত গৰম পানী দি বটলটো ভালদৰে জোকাৰি দিব । কেবিনেটটো পৰিষ্কাৰ কৰিবলৈ স্প্ৰে’ কৰি তাৰ পিছত তললৈ মচি দিব ।
- বগা ভিনেগাৰ ব্যৱহাৰ কৰক: পাকঘৰ চাফা কৰাৰ বাবে ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰি । বগা ভিনেগাৰত প্ৰাকৃতিক এচিড থাকে, গতিকে ই দাগ নেৰাখি তেলীয়াতা হ্ৰাস কৰিব । ইয়াক ব্যৱহাৰ কৰিবলৈ প্ৰথমে ধোৱা কাপোৰ বা কাগজৰ টাৱেল লৈ ভিনেগাৰত তিয়াই থব লাগে । এতিয়া কেবিনেটত তেল দিয়া ঠাইখিনি মচি পেলাওক, আৰু ভিনেগাৰখিনি ১০ বা ১৫ মিনিট থাকিবলৈ দিয়ক । তাৰ পিছত ভিজা স্পঞ্জেৰে পৰিষ্কাৰ কৰক, তাৰ পিছত পানীৰে তিয়াই থোৱা ধুই লোৱা কাপোৰ এখন লৈ মচি পৰিষ্কাৰ কৰক ।
লগতে পঢ়ক:পাকঘৰত সোমালেই ৰঙীন হৈ পৰিব আপোনাৰ মন: কৰক এই কেইটা কাম