অসম

assam

ETV Bharat / sukhibhava

IVF technology: নিঃসন্তান দম্পতীৰ বাবে আশাৰ সঞ্চাৰ কঢ়িয়াই অনা IVF দৰাচলতে কি হয় ? বিতংভাৱে জানো আহক - ivf ৰ ৫ টা পৰ্যায় কি কি

বহু সংখ্যক দম্পতীক সন্তানৰ সুখ প্ৰদান কৰি আহিছে IVF চিকিৎসা পদ্ধতিয়ে ৷ এই পদ্ধতি কিমান দূৰ ফলপ্ৰসূ আৰু ইয়াৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হৈছিল ? ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক...

How the IVF technology has restored hope for childless couples
নিঃসন্তান দম্পত্তিৰ বাবে আশাৰ সঞ্চাৰ কঢ়িয়াই অনা IVF দৰাচলতে কি হয়

By

Published : Jul 26, 2023, 12:26 PM IST

কোনো কাৰণত স্বাভাৱিকভাৱে সন্তান জন্ম দিব নোৱাৰা বিশ্বৰ লাখ লাখ লোকৰ সন্তান জন্ম দিয়াৰ ইচ্ছা পূৰণ কৰে আই ভি এফে । প্ৰজনন চিকিৎসা বিজ্ঞানৰ জগতখনত আইভিএফক এক বিপ্লৱ বুলি গণ্য কৰা হয় যদিও ইয়াৰ বিষয়ে মানুহৰ মনত বহুতো প্ৰশ্ন আৰু ভুল ধাৰণা আছে । সেয়ে আজি আমি এই প্ৰতিবেদনত জানিম যে অসংখ্য দম্পত্তীক সন্তানৰ সুখ প্ৰদান কৰা IVF চিকিৎসা পদ্ধতি দৰাচলতে হয় কি ? তথা ইয়াৰ ই উৎপত্তি কেনেকৈ হৈছিল ?

কি হয় IVF?

পুৰুষ-মহিলা উভয়ৰে শাৰীৰিক সমস্যা আৰু আন বহু কাৰণত বন্ধ্যাত্ব হ’ব পাৰে । চিকিৎসকৰ মতে যদি ৩৫ বছৰৰ তলৰ মহিলা এগৰাকীয়ে স্বাভাৱিক যৌন সম্পৰ্ক স্থাপনৰ পিছতো বা কোনো সুৰক্ষা অবিহনে যৌন সম্পৰ্ক স্থাপন কৰাৰ পিছতো গৰ্ভধাৰণ কৰিব নোৱাৰে, বা যদি কোনো পুৰুষে গৰ্ভাৱস্থাৰ বাবে প্ৰয়োজনীয় সংখ্যক আৰু শক্তিশালী শুক্ৰাণু উৎপাদন কৰিবলৈ সক্ষম নহয়, তেন্তে সেয়া বন্ধ্যাত্বৰ বাবে হ'ব পাৰে বা গৰ্ভধাৰণ কৰিব নোৱাৰাৰ কাৰণ হ'ব পাৰে ।

আইভিএফ বা ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন হৈছে এক সহায়ক প্ৰজনন প্ৰযুক্তি যিটোক টেষ্ট টিউব বেবী বুলিও কোৱা হয় । এই কৌশলত প্ৰথমে ডিম্বাশয়ৰ পৰা পূৰ্ণবয়স্ক ভ্ৰূণ সংগ্ৰহ কৰি পৰীক্ষাগাৰত শুক্ৰাণুৰ দ্বাৰা নিষিক্ত কৰা হয় আৰু তাৰ পিছত নিষিক্ত ভ্ৰূণ জৰায়ুলৈ স্থানান্তৰ কৰা হয় । এই গোটেই চক্ৰটোৱে প্ৰায় তিনি সপ্তাহ সময় লয় ।

আইভিএফ কৰাৰ পূৰ্বে দম্পতীক কেইবাটাও পৰীক্ষা কৰা হয় যেনে মহিলাৰ বাবে ডিম্বাণু নিঃসৰণৰ মূল্যায়ন, ফেল’পিয়ান টিউবৰ পৰীক্ষা, জৰায়ুৰ গহ্বৰৰ মূল্যায়ন আৰু মৌলিক হৰম’নৰ প্ৰফাইল আৰু পুৰুষৰ বাবে বীৰ্য বিশ্লেষণ আদি প্ৰাৰম্ভিক পৰীক্ষা কৰা হয় । এইবোৰৰ ভিত্তিত ইয়াৰ চিকিৎসাৰ প্ৰক্ৰিয়া নিৰ্ণয় কৰা হয় ।

বৰ্তমান এই ঔষধৰ ক্ষেত্ৰত অবিৰত অগ্ৰগতি দেখা গৈছে আৰু আমাৰ দেশত আইভিএফৰ ক্ষেত্ৰত বহুতো আধুনিক পদ্ধতি ব্যৱহাৰ কৰাই নহয়, ইয়াক গ্ৰহণ কৰা লোকৰ সংখ্যাও বৃদ্ধি পাইছে । কিন্তু ইয়াত এইটোও জনাটো জৰুৰী যে আইভিএফ সকলো ক্ষেত্ৰতে সফল নহয় । অৰ্থাৎ এই কৌশলৰ ফলত সদায় ১০০% ফলাফল পোৱা নাযায় । কিছুমান ক্ষেত্ৰত ই বিফলো হ’ব পাৰে ।

ইতিহাস

আইভিএফক প্ৰজনন চিকিৎসাৰ অন্যতম আচৰিত অগ্ৰগতি হিচাপে জনা যায় আৰু গণ্য কৰা হয় যিয়ে বিশ্বজুৰি বহু সংখ্যক দম্পতিক সন্তান জন্ম দিয়াৰ সপোন পূৰণ কৰাত সহায় কৰিছে । বিভিন্ন মাধ্যমত উপলব্ধ প্ৰতিবেদন অনুসৰি বৰ্তমান আইভিএফৰ জৰিয়তে পাঁচ নিযুততকৈও অধিক শিশুৰ জন্ম হৈছে ।

দৰাচলতে ১৯৭৭ চনৰ ১০ নৱেম্বৰত ইংলেণ্ডৰ লেচলি ব্ৰাউন নামৰ এগৰাকী মহিলাই ডাঃ পেট্ৰিক ষ্টেপট’ আৰু ৰবাৰ্ট এডৱাৰ্ডছৰ সহায়ত ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন (আইভিএফ) প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, তাৰ পিছত ১৯৭৮ চনৰ ২৫ জুলাইত প্ৰথমটো টেষ্ট টিউব কেঁচুৱা লুইজ ব্ৰাউনৰ জন্ম হয় ।

লগতে পঢ়ক: Health Tips: ফল-মূল, সতেজ শাক-পাচলি স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী ? ডায়েটিচিয়ান চিকিৎসক ডাঃ মেঘনা ডেকাৰ পৰা জানি লওক

লগতে পঢ়ক:Viral Fever: ভাইৰেল জ্বৰৰ লক্ষণ তথা ইয়াৰ প্ৰতিকাৰৰ বিধান জানো আহক জ্যেষ্ঠ চিকিৎসক ডাঃ জয়ন্ত প্ৰকাশ শৰ্মাৰ পৰা

ABOUT THE AUTHOR

...view details