অসম

assam

ETV Bharat / sukhibhava

Women Health Tips: গৰ্ভাৱস্থাৰ সময়ত চুলিত ৰং কৰাটো নিৰাপদ নে ? কি কয় চিকিৎসকে

গৰ্ভাৱস্থাত চিকিৎসকে খাদ্যৰ পৰা আৰম্ভ কৰি দৈনন্দিন কাম-কাজলৈকে বিভিন্ন ক্ষেত্ৰত যত্ন ল’বলৈ বহু উপদেশ দিয়ে । একে সময়তে মহিলাসকলক এই সময়ছোৱাত ৰাসায়নিক বস্তুৰ পৰা আঁতৰি থাকিবলৈ কোৱা হয় । এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে গৰ্ভাৱস্থাত চুলিৰ ৰং কৰিব পাৰি নে নাই ।

By

Published : Aug 22, 2023, 5:40 PM IST

How safe is hair coloring during pregnancy? Know what the study says
গৰ্ভাৱস্থাৰ সময়ত চুলিত ৰং কৰাটো নিৰাপদ নে ? কি কয় চিকিৎসকে

প্ৰতিগৰাকী মহিলাৰ বাবে গৰ্ভাৱস্থাৰ সময় যিমানেই বিশেষ হয়, সিমানেই এই ক্ষেত্ৰত সকলো কথাতে সাৱধান হোৱাটোও প্ৰয়োজন ৷ গৰ্ভাৱস্থাৰ সময়ত শৰীৰত হৰম’নৰ বহু পৰিৱৰ্তন ঘটে ৷ যাৰ কাৰণে শাৰীৰিক লগতে মানসিক ক্ষেত্ৰতো বহু পৰিৱৰ্তন ঘটে, গতিকে এই সময়ছোৱাত খাদ্য-পানীয়ৰ পৰা আৰম্ভ কৰি দৈনন্দিন কাম-কাজলৈকে বহু কথাৰ যত্ন ল’বলৈ চিকিৎসকে পৰামৰ্শ দিয়ে ৷ গৰ্ভাৱস্থাৰ পৰ্যায়ত কিছুমান খাদ্য, ঔষধ, সুৰা, ধূমপান আদি বস্তু পৰিহাৰ কৰাটোৱেই উত্তম বুলি বিবেচিত কৰা হয় ৷ আজিকালি চুলিৰ ৰং কৰাটো বহুত ট্ৰেণ্ডত আছে ৷ এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে গৰ্ভাৱস্থাত চুলিৰ ৰং কৰাটো নিৰাপদ নে ?

গৰ্ভাৱস্থাত মহিলাৰ দৈনন্দিন জীৱনত বহু পৰিৱৰ্তন ঘটে ৷ একে সময়তে নাৰীক এনেবোৰ কথাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হয়, য’ত মাক আৰু সন্তানৰ যিকোনো ধৰণৰ ক্ষতিৰ আশংকা থাকে ৷ আনহাতে চুলিৰ ৰঙত বহু ধৰণৰ ৰাসায়নিক পদাৰ্থ থাকে, গতিকে গৰ্ভাৱস্থাত চুলিত ৰং কৰাটো নিৰাপদ হয় নে নহয় সেই বিষয়ে বিতংভাৱে জনাটো অতি প্ৰয়োজনীয় ৷

গৰ্ভাৱস্থাত চুলিত ৰং কৰা

চুলিৰ ৰঙত বহু ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় আৰু এই কাৰণেই শেহতীয়া অধ্যয়নত এই প্ৰশ্ন উত্থাপন হয় যে গৰ্ভাৱস্থাত চুলিত ৰং কৰা উচিত নে নহয় ৷ চিকিৎসকে কয় যে, গৰ্ভাৱস্থাত চুলিৰ ৰং কৰাটো নিৰাপদ নে নহয় সেই সম্পৰ্কে বিশেষ তথ্য নাই যদিও চুলিৰ ৰঙত থকা ৰাসায়নিক পদাৰ্থৰ নূন্যতম (নূন্যতম) অংশ আপোনাৰ মূৰৰ ছালৰ জৰিয়তে আপোনাৰ শৰীৰত শোষিত হয় ৷

আচলতে গৰ্ভাৱস্থাত চুলিত ৰং কৰাটো নিৰাপদ হয় নে নহয় সেই সম্পৰ্কে বিশেষ গৱেষণা হোৱা নাই কাৰণ গৰ্ভাৱস্থাত কোনো মহিলাৰ ওপৰত ক্লিনিকেল ট্ৰায়েল কৰিব নোৱাৰি ৷ তথাপিও গৰ্ভাৱস্থাত চুলিৰ ৰং কৰিব পৰাৰ বহু প্ৰমাণ পোৱা গৈছে যদিও কিছুমান কথা মনত ৰখাটো অতি প্ৰয়োজনীয় ৷

ৰং কেতিয়া কৰিব পাৰি

গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহ অত্যন্ত গুৰুত্বপূৰ্ণ পৰ্যায় ৷ দৰাচলতে এই সময় গৰ্ভত ভ্ৰুণৰ বৃদ্ধি আৰু বিকাশৰ সময় ৷ প্ৰথম ত্ৰিমাসিকত মগজু আৰু মেৰুদণ্ডৰ দৰে গুৰুত্বপূৰ্ণ অংগ গঠন হ’বলৈ আৰম্ভ কৰে ৷ সেইবাবেই এই সময়ছোৱাত সাৱধানতা অৱলম্বন কৰাটো খুবেই প্ৰয়োজনীয় ৷ গতিকে যদি আপুনি চুলিৰ ৰং কৰিব লাগে তেন্তে প্ৰথম ত্ৰিমাসিক সম্পূৰ্ণ হোৱালৈকে অপেক্ষা কৰক ৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি গৰ্ভাৱস্থাৰ ১৩ সপ্তাহৰ পিছতহে চুলিৰ ৰং কৰাটো নিৰাপদ ৷

এই কথাটোও মনত ৰাখিব

যদি আপুনি গৰ্ভাৱস্থাত চুলিৰ ৰং লগোৱাৰ কথা ভাবিছে, তেন্তে কেৱল কিছুমান বনৌষধিযুক্ত ৰঙহে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক ৷ ইয়াৰ বাবে আপুনি এজন ভাল হেয়াৰ ষ্টাইলিষ্টৰ পৰাও পৰামৰ্শ ল’ব পাৰে ৷

অস্থায়ী ৰং ব্যৱহাৰ কৰক

আমেৰিকান কেন্সাৰ ছ’চাইটিৰ মতে, অৰ্ধস্থায়ী আৰু স্থায়ী চুলিৰ ৰঙত অধিক পৰিমাণৰ ৰাসায়নিক পদাৰ্থ থাকে, যাৰ ফলত কেন্সাৰ হ’ব পাৰে ৷ যদি আপুনি গৰ্ভাৱস্থাৰ যিকোনো সময়তে চুলিত ৰং কৰাব বিচাৰে, তেন্তে আপোনাৰ বাবে অস্থায়ী ৰং ব্যৱহাৰ কৰাটোৱেই উত্তম হ’ব ৷

লগতে পঢ়ক:Hair Transplant: হেয়াৰ ট্ৰান্সপ্লান্ট চিকিৎসাৰ পিছতো সৰে নেকি চুলি ? এই সন্দৰ্ভত কি কয় বিশেষজ্ঞই

ABOUT THE AUTHOR

...view details