হৃদৰোগ আৰু মেদবহুলতাত ভোগা লোকসকলে প্ৰায়ে চেনিৰ সলনি কৃত্ৰিমভাৱে প্ৰস্তুত কৰা চেনি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে ৷ ফিটনেছৰ প্ৰতি সচেতন থকা লোকসকলেও প্ৰায়ে ডায়েট ড্ৰিংকছ আৰু কৃত্ৰিম চেনিৰে তৈয়াৰী বস্তু সেৱন কৰা দেখা যায় ৷ কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়ন অনুসৰি কৃত্ৰিম চেনিৰ পৰা তৈয়াৰী বস্তু বৃহৎ পৰিমাণে সেৱন কৰিলে হৃদৰোগীৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷
ব্ৰিটিছ মেডিকেল জাৰ্নেলত প্ৰকাশিত এই অধ্যয়ন অনুসৰি কেৱল পানীয়ত অন্তৰ্ভুক্ত কৃত্ৰিম চেনিৰ বাবেই নহয়, কৃত্ৰিম মিঠাই থকা বেকাৰী সামগ্ৰী, দুগ্ধজাত সামগ্ৰী আদিৰ বাবেও হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷
এই সন্দৰ্ভত সমগ্ৰ বিশ্বৰ স্বাস্থ্য সম্পৰ্কীয় সংস্থাসমূহে উদ্বেগ প্ৰকাশ কৰিছে ৷ অৱশ্যে বিশেষজ্ঞসকলৰ মতে সাৱধানে সামান্য পৰিমাণে সেৱন কৰাটো ঠিকেই আছে যদিও কৃত্ৰিম মিঠাই অধিক পৰিমাণে সেৱন কৰিলে নিশ্চিতভাৱে ক্ষতি হ’ব পাৰে ৷ কৃত্ৰিম চেনিয়ে ওজন বৃদ্ধি নকৰে বুলি কোৱা কথাও সঁচা নহয় ৷ কিন্তু ৰিফাইন চেনিৰ তুলনাত ইয়াৰ ক্ষতিৰ সম্ভাৱনা যথেষ্ট কম ৷ কিন্তু, দুয়োবিধ চেনিয়েই কমকৈ সেৱন কৰাটো ভাল বুলি কোৱা হয় ৷
কৃত্ৰিম চেনি অত্যধিক সেৱনৰ ফলত হোৱা ক্ষতি
টাইপ ২ ডায়েবেটিছ:কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে কৃত্ৰিম চেনিয়ে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷