অসম

assam

ETV Bharat / sukhibhava

Covid আক্ৰান্তৰ মাজত স্মৃতিশক্তিৰ সমস্যাই দেখা দিব পাৰে - European Archives of Psychiatry and Clinical Neuroscience

Covidৰ প্ৰাৰম্ভিক পৰ্যায়ত আক্ৰান্ত ব্যক্তিৰ সোৱাদ আৰু গোন্ধ হেৰুওৱা সকলৰ মাজত স্মৃতিশক্তি বা জ্ঞানশক্তিৰ সমস্যাই দেখা দিব পাৰে(Post Covid loss of smell or taste affects cognition) । এই সন্দৰ্ভত গৱেষণাই কি কয় সবিশেষ পঢ়ক

how-post-covid-loss-of-smell-or-taste-affects-cognition
Covidত আক্ৰান্ত ব্যক্তিৰ মাজত স্মৃতিশক্তিৰ সমস্যাই দেখা দিব পাৰে

By

Published : Aug 19, 2022, 10:49 AM IST

Covidৰ প্ৰাৰম্ভিক পৰ্যায়ত যিসকল লোক আক্ৰান্ত হৈছিল তেওঁলোকৰ মাজত সোৱাদ আৰু গোন্ধৰ সমস্যাই দেখা দিছিল(Post Covid loss of smell or taste affects cognition) । অৰ্থাৎ তেওঁলোকে গোন্ধ আৰু সোৱাদ ল'ব পৰা নাছিল(Post Covid smell and taste disorders) । এই সমস্যাসমূহৰ সন্দৰ্ভত এটা উদ্দেগজনক তথ্য পোহৰলৈ আহিছে ।

এক অধ্যয়নত দেখা গৈছে যে, এই সমস্যাবোৰ এলঝেইমাৰ ৰোগৰ প্ৰাৰম্ভিক লক্ষণ(Distortion of olfactory Perception) । কিন্তু এলঝেইমাৰ হৈছে মগজুৰ এক ৰোগ যিয়ে ক্ৰমান্বয়ে স্মৃতিশক্তি আৰু আৱেগিক সমস্যাৰ সৃষ্টি কৰে । ব্ৰাজিলৰ এটা গৱেষকৰ দলে মধ্যমীয়া বা গুৰুতৰ ক'ভিড সংক্ৰমণ থকা ৭০১ জন ৰোগীৰ ক্লিনিকেল ডাটা বিশ্লেষণ কৰি এয়া আৱিষ্কাৰ কৰে ।

ইউৰোপীয় আৰ্কাইভছ অৱ চাইকিয়াট্ৰি এণ্ড ক্লিনিকেল নিউৰ'ছায়েন্সত(European Archives of Psychiatry and Clinical Neuroscience) প্ৰকাশিত ফলাফল অনুসৰি, গুৰুতৰভাৱে সোৱাদ হেৰুওৱা (২০ শতাংশ), মধ্যমীয়া বা গুৰুতৰভাৱে গোন্ধ হেৰুওৱা (১৮ শতাংশ), মধ্যমীয়া বা গুৰুতৰভাৱে গোন্ধ আৰু সোৱাদ দুয়োটা হেৰুৱাই পেলোৱা (১১ শতাংশ) লগতে পেৰ'মিয়াত আক্ৰান্ত আছিল (৯ শতাংশ)। এক গৱেষণাত জানিব পৰা গৈছে যে, ১২ জনৰ ঘ্ৰাণশক্তিৰ ভ্ৰম আৰু ৯ জনৰ গোষ্টেটৰী ভ্ৰম হৈছিল ।

দুয়োটা ক্ষেত্ৰতে অধিকাংশ লোকেই কয় যে, Covid-19ৰ পিছতহে এই ভ্ৰম সংঘটিত হৈছিল । মধ্যমীয়া বা সম্পূৰ্ণ ৰুচি হেৰুৱাই পেলোৱা সকলৰ মাজত পেৰ'ছমিয়াৰ স্মৃতিশক্তিৰ সমস্যা অধিক হোৱা দেখা গৈছিল । যিসকল লোকৰ গোন্ধ আৰু সোৱাদ দুয়োটাৰে মধ্যমীয়া বা গুৰুতৰ সমস্যা আছিল তেওঁলোকৰো এপিচ'ডিক মেম'ৰী লছ হোৱা বুলি কোৱা হয় ।

গৱেষণাত কোৱা হৈছে যে, "আমি গোন্ধ আৰু সোৱাদ হেৰুৱাৰ সৈতে জড়িত কোনো মানসিক লক্ষণ (যেনে উদ্বেগ বা হতাশা) বিচাৰি পোৱা নাছিলো, কিন্তু আশা কৰা মতে, আমি অধিক হোৱা দেখিলোঁ "কেমোচেন্সৰী (important sites of information processing) পৰিৱৰ্তন থকা ৰোগীৰ মনোযোগ আৰু এপিচ'ডিক স্মৃতিশক্তি অধিক বিকল হয় এনে সমস্যা স্থায়ী হয় নে নহয় এতিয়াও জানিব পৰা হোৱা নাই । Covid-19ত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত এই সমস্যাৰ সমাধান হয় নে নহয় জানিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি ডাঃ ডামিয়ানোৱে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :ক'ভিডত আক্ৰান্ত লোকৰ স্নায়ুজনিত,মানসিক ৰোগৰ আশংকা অধিক

ABOUT THE AUTHOR

...view details