অসম

assam

ETV Bharat / sukhibhava

বৰ্ধিত ওজনক নকৰিব উপেক্ষা; হ’ব পাৰে ডাঙৰ লোকচান - বৃদ্ধি পোৱা ওজন

শেহতীয়া এক গৱেষণাত প্ৰমাণ পোৱা মতে, যদি আপোনাৰ বয়স প্ৰায় ৪০-৫০ বছৰ আৰু আপোনাৰ পেট ওলাই আহিছে অৰ্থাৎ পেটত চৰ্বি বাঢ়িছে, তেন্তে আপুনি আলঝাইমাৰ ৰোগত আক্ৰান্ত হ'ব পাৰে ৷ জানি লওক ইয়াৰ লক্ষণ...

Don't ignore the increased fat, otherwise you will suffer from incurable diseases
বৰ্ধিত ওজনক নকৰিব উপেক্ষা; হ’ব পাৰে ডাঙৰ লোকচান

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 5:12 PM IST

Updated : Dec 13, 2023, 5:29 PM IST

পৰিৱৰ্তনশীল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে এতিয়া অধিকাংশ লোকেই মেদবহুলতাৰ চিকাৰ হৈছে ৷ মেদবহুলতাই উচ্চ ৰক্তচাপ, মধুমেহ, হৃদৰোগ, আদিৰ দৰে ৰোগৰ আশংকা বহুগুণে বৃদ্ধি কৰে ৷ কিন্তু শেহতীয়া এক গৱেষণাত প্ৰমাণ পোৱা মতে, যদি আপোনাৰ বয়স প্ৰায় ৪০-৫০ বছৰ আৰু আপোনাৰ পেট ওলাই আহিছে অৰ্থাৎ পেটত চৰ্বি বাঢ়িছে, তেন্তে আপুনি আলঝাইমাৰ ৰোগত আক্ৰান্ত হ'ব পাৰে ৷

এইডছ এণ্ড ডিজিজ জাৰ্নেলত প্ৰকাশিত এই গৱেষণা অনুসৰি, ৪০-৫০ বছৰ বয়সত পেট ডাঙৰ হোৱাৰ ফলত আলঝাইমাৰৰ আশংকা বৃদ্ধি হয় ৷ আলঝাইমাৰ হৈছে স্মৃতিভ্ৰমৰ এক ৰোগ য'ত এজন ব্যক্তিৰ দৈনন্দিন বস্তুবোৰ মনত ৰখাত অসুবিধা হয় ৷ ইয়াত, ব্যক্তিজনে তেওঁৰ দৈনন্দিন কাম কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ৷ আলঝাইমাৰ ৰোগত মুখ্যতঃ ৬০ বছৰ বয়সৰ উৰ্ধৰ লোক আক্ৰান্ত হয় আৰু সকলো কথা পাহৰি যায় ৷

এই গৱেষণা অনুসৰি, মস্তিষ্কৰ কাৰ্যকলাপ আৰু পেটত চৰ্বি বৃদ্ধি হোৱাৰ মাজত এক গভীৰ সম্পৰ্ক পোৱা গৈছে ৷ গৱেষণাই কৈছে যে পাকস্থলীৰ আকাৰ বৃদ্ধি হোৱাৰ লগে লগে মগজুত থকা স্মৃতি কেন্দ্ৰ সৰু হয় ৷ অৰ্থাৎ, পেটৰ চৰ্বি বৃদ্ধি য়ে মস্তিষ্কৰ কাৰ্যক্ষমতা প্ৰভাৱিত কৰি স্নায়বিক সমস্যাৰ সৃষ্টি কৰে, যাৰ ফলত আলঝাইমাৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব পাৰে ৷

সেয়েহে, যদি আপোনাৰ বয়স ৪০-৫০ বছৰৰ ভিতৰত আৰু পাকস্থলীত চৰ্বি বৃদ্ধি হৈ আছে, ইয়াক সহজভাৱে নল'ব ৷আনহাতে, যদি আপুনি আলঝাইমাৰৰ লক্ষণ অনুভৱ কৰি আছে, লগে লগে স্নায়ুবিশেষজ্ঞ চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷ এই ক্ষেত্ৰত অসাৱধান নহ'ব ৷

আলঝাইমাৰৰ লক্ষণ

  • আপোনাৰ কথা বুজাবলৈ সঠিক শব্দ বিচাৰি পোৱাত সমস্যা হোৱা ৷
  • আপোনাৰ বস্তুবোৰ ক’ৰবাত ৰাখি পাহৰি যোৱা বা হেৰুওৱা ৷
  • কিবা পৰিকল্পনা বা চিন্তা কৰাত সমস্যা হোৱা ৷
  • সমস্যা সমাধান কৰাত সমস্যা হোৱা ৷
  • আপোনাৰ নিয়মীয়া কামবোৰ সম্পূৰ্ণ কৰিবলৈ সময় লোৱা ৷
  • আনকি এজন চিনাকি ব্যক্তিক চিনাক্ত কৰাত কঠিন হোৱা ৷

লগতে পঢ়ক:Diet for women: ৪০ৰ উৰ্ধৰ মহিলাসকলে মাৰাত্মক ৰোগৰ পৰা হাত সাৰিবলৈ কৰক এই কাম

Last Updated : Dec 13, 2023, 5:29 PM IST

ABOUT THE AUTHOR

...view details