দেশৰ লগতে বিশ্বত প্ৰদূষণৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাইছে । ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয় । বৰ্তমান সময়ত দেশখনে বায়ু প্ৰদূষণৰ সমস্যাৰ সৈতে যুঁজি আছে । কিন্তু বহু বছৰ ধৰি দূষিত পানীৰ সমস্যাৰ সৈতেও যুঁজি আহিছে ভাৰত । কম্পোজিট ৱাটাৰ মেনেজমেণ্ট ইনডেক্স (CWMI)ৰ এক প্ৰতিবেদন অনুসৰি দেশত বিশুদ্ধ পানীৰ পৰ্যাপ্ত সুবিধা নোহোৱাৰ বাবে প্ৰতি বছৰে দুই লাখ লোকৰ মৃত্যু হয় । প্ৰতিবেদন অনুসৰি ২০৩০ চনৰ ভিতৰত প্ৰায় ৬০ কোটি লোকে পানীৰ চাপৰ সন্মুখীন হ’ব পাৰে, যিটো দেশৰ আনুমানিক জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ ।
দূষিত পানীৰ সমস্যাত ৰাজধানী দিল্লী আৰু এনচিআৰ অঞ্চল বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে । দিল্লীৰ মাজেৰে পাৰ হৈ যোৱা মূল নদী অৰ্থাৎ যমুনাৰ অৱস্থা সম্প্ৰতি বহুত বেয়া । দিল্লী এন চি আৰত প্ৰদূষণৰ এটা প্ৰধান কাৰণ হৈছে আৱৰ্জনা পানীত এৰি দিয়া । যাৰ বাবে পানী প্ৰদূষিত হয় আৰু পানীজনিত ৰোগ মানুহৰ মাজত বিয়পি পৰে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যমুনা নদীৰ উপৰিও দিল্লী এন চি আৰৰ মাজৰে পাৰ হৈ যোৱা আন নদীসমূহৰো অৱস্থা বৰ ভাল নহয় ।
দূষিত পানীৰ বাবে হয় এনে ৰোগ