প্ৰদূষণ, চাপ, ধূমপান আৰু অপৰ্যাপ্ত আহাৰৰ ফলত ছালৰ বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে ৷ এই সমস্যাৰ ফলত ছালৰ ক্ষেত্ৰত সোনকালে বয়সৰ চাপে দেখা দিয়ে ৷ ছালৰ সমস্যা বুলি ক’লে শালমইনা, দাগ, অসমান ছালৰ ৰং, অনুজ্জ্বলতা আদিৰ সৈতে যুঁজি থকাটো আমাৰ দৈনিক ৰুটিনৰে এটা অংশ ৷ কিন্তু এই সমস্যাবোৰৰ সৈতে যুঁজিবলৈ ছালৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি আগতে প্ৰসাধন সামগ্ৰী বাছনি কৰি লোৱা উচিত ৷
ছালৰ বিভিন্ন প্ৰকাৰ থাকিলেও কিন্তু এনে এবিধ উপাদান আমাৰ মাজত আছে যি যিকোনো প্ৰকাৰৰ ছালৰ বাবেই উপকাৰী ৷ সেইয়া হৈছে ভিটামিন E (Vitamin E benefit)। ই ছালৰ সকলো সমস্যাৰে সৈতে মোকাবিলা কৰে ৷ গতিকে ভিটামিন E সমৃদ্ধ ফেচৱাছ, ময়েশ্চাৰাইজাৰ, ক্ৰীম, চিৰাম আদি গ্ৰহণ কৰাটো ভাল ৷ এক আগশাৰীৰ প্ৰসাধন ব্ৰেণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু এমডি ৰচিত গুপ্তাই IANSlife ক কৈছিল যে ভিটামিন E ছালৰ বাবে কিয় আৰু কেনেকৈ সঁচাকৈয়ে ভাল (Skin care routine) । জানো আঁহক-
1.ভিটামিন E য়ে বয়স বৃদ্ধিৰ লক্ষণ প্ৰতিহত কৰাত সহায় কৰে- প্ৰদূষণ, ধোঁৱা আৰু অশুদ্ধিয়ে আমাৰ ছালৰ কোলাজেন ধ্বংস কৰে আৰু ইয়াৰ ফলত কোঁচ, আগতীয়াকৈ বয়সৰ চাপ আৰু অনুজ্জ্বলতা দেখা দিয়ে । গতিকে ছাল সুৰক্ষিত কৰি ৰাখিবলৈ এটা ভাল ভিটামিন E যুক্ত ক্ৰীম বিচৰাতো গুৰুত্বপূৰ্ণ । ভিটামিন E য়ে ছালক বাহ্যিক কাৰকৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰে ।
2.ভিটামিন E য়ে ইউভিবি পোহৰ শোষণ কৰে-ভিটামিন E য়ে ছালত এক সুৰক্ষামূলক স্তৰ সৃষ্টি কৰে, যাৰ ফলত বয়সৰ চাপ পেলোৱা ইউভিবি পোহৰৰ পৰা ছাল সুৰক্ষিত হৈ থাকে । ভিটামিন C আৰু E ৰ সংমিশ্ৰণে এছপিএফ(SPF)ৰ সৈতে আশ্চৰ্যকৰ কাম কৰে আৰু ই ছালত এক উৎকৃষ্ট প্ৰভাৱ পেলায় ।
3.ভিটামিন E য়ে ছাল ময়েশ্চাৰাইজ কৰে- ভিটামিন E হৈছে এক উৎকৃষ্ট ময়েশ্চাৰাইজাৰ ৷ ই ছাল মেৰামতি আৰু পুনৰুজ্জীৱিত কৰি ইয়াৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে । ভিটামিন E যুক্ত ময়েশ্চাৰাইজাৰত এণ্টিঅক্সিডেণ্ট থাকে আৰু ই প্ৰদাহৰ সৈতে যুঁজিবলৈ সহায় কৰে ।