অসম

assam

ETV Bharat / sukhibhava

Anshula Kapoor Weight Loss: অৰ্জুন কাপুৰৰ ভগ্নী অংশুলা কাপুৰে কেনেকৈ হ্ৰাস কৰিলে ওজন ? আপুনিও অনুসৰণ কৰিব পাৰে এই ডায়েট টিপছ - বনী কাপুৰৰ কন্যা অংশুলা কাপুৰ

আমি প্ৰায়ে বলীউডৰ চেলিব্ৰিটিৰ ওজন হ্ৰাসৰ আঁৰৰ ৰহস্যৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ কিন্তু অৰ্জুন কাপুৰৰ ভগ্নী আৰু বনী কাপুৰৰ কন্যা অংশুলা কাপুৰৰ শৰীৰৰ ৰূপান্তৰৰ বিষয়ে জানেনে ?

How did Arjun Kapoor's sister Anshula Kapoor lose weight? You can also try easy tips for body transformation
অৰ্জুন কাপুৰৰ ভগ্নী অংশুলা কাপুৰে কেনেকৈ হ্ৰাস কৰিলে ওজন ? আপুনিও অনুসৰণ কৰিব পাৰে এই ডায়েট টিপছ

By

Published : May 18, 2023, 11:02 AM IST

Updated : May 18, 2023, 1:22 PM IST

বলীউডৰ অভিনেতা অৰ্জুন কাপুৰৰ ওজন হ্ৰাসৰ যাত্ৰাৰ বিষয়ে আপুনি নিশ্চয় বহুবাৰ পঢ়িছে বা শুনিছে, তেওঁ নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ অগ্ৰগতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল, কিন্তু আপুনি জানেনে যে তেওঁৰ সৰু ভগ্নী অংশুলা কাপুৰেও ফিটনেছৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল । যদি কোনো ব্যক্তিয়ে ওজন কমাব বিচাৰে তেন্তে তেওঁ সুস্থ জীৱনশৈলী আৰু কঠোৰ খাদ্যাভ্যাস গ্ৰহণ কৰিব লাগিব (Anshula Kapoor Weight Loss)। বিখ্যাত প্ৰযোজক বনী কাপুৰৰ কন্যা অংশুলাই ওজন কমাবলৈ সম্ভৱপৰ সকলো চেষ্টা কৰি অৱশেষত সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷ (Anshula Kapoor)।

অংশুলাই ক’লে কেনেকৈ ওজন কমাব পাৰি

সংবাদ মাধ্যমৰ সৈতে এক সাক্ষাৎকাৰত নিজৰ শৰীৰৰ ৰূপান্তৰৰ কথা কওঁতে অংশুলা কাপুৰে এইদৰে উল্লেখ কৰে । তেওঁৰ প্ৰিয় খাদ্যৰ বিষয়ে সোধাত তেওঁ কয় যে আইতাকৰ ঘৰৰ খাদ্য তেওঁৰ বৰ ভাল লাগে, তেওঁ যিয়েই ৰান্ধে সেয়া সদায় সুস্বাদু হয় । ৱৰ্কআউট ৰুটিনৰ বিষয়ে কওঁতে অংশুলাই কয় যে, তেওঁ সপ্তাহত ৪ দিন ব্যায়াম কৰে, য’ত কাৰ্ডিঅ’ আৰু শক্তি প্ৰশিক্ষণ অন্তৰ্ভুক্ত থাকে (Anshula Kapoor Exercise And Diet Plan)। জনাই দিও যে অংশুলাৰ উচ্চতা ৫ ফুট ১০ ইঞ্চি (Anshula Kapoor Weight Loss Journey)।

অংশুলাৰ খাদ্যাভ্যাস

পুৱাৰ আহাৰ

অংশুলা কাপুৰে ব্ৰেকফাষ্টত কণী আৰু আধা এভোকেডো ফলৰ সৈতে টোষ্ট খায়, তাৰ পিছত তেওঁ ব্লেক কফি খোৱাটো পচন্দ কৰে ।

দুপৰীয়াৰ আহাৰ

দুপৰীয়াৰ আহাৰ গ্ৰহণৰ কথা ক’বলৈ গ’লে তেওঁ ১ৰ পৰা ২খন ৰাগী আটাৰ ৰুটি, এবাটি শাক-পাচলি, ১০০-১৫০ গ্ৰাম হাড় নথকা চিকেন, কেতিয়াবা চালাড গ্ৰীল কৰা চিকেন বা চিকেন উইংছ আৰু কুইনোয়া খাই ভাল পায় ।

আবেলিৰ জলপান

আবেলিৰ জলপান হিচাপে অংশুলাই ভেজ চেণ্ডুইচ, কণী চেণ্ডুইচ আৰু আখৰোট খাই ভাল পায় । ইয়াৰ উপৰিও অৰ্জুন কাপুৰৰ ভগ্নীয়ে বাদাম, ভেজ কাবাব, থেপ্লাছ আৰু প্ৰ’টিন শ্বেক খোৱাৰ প্ৰতি আকৰ্ষিত ।

নৈশ আহাৰ

ৰাতিৰ আহাৰত অংশুলা কাপুৰে গ্ৰীল কৰা শাক-পাচলিৰ সৈতে ৰোষ্টেড চিকেন বা তন্দুৰী চিকেন, বা ৰুটি আৰু এবাটি শাক-পাচলিৰ সৈতে হাড়বিহীন চিকেন খায় ।

গভীৰ নিশাৰ ক্ৰেভিং

অংশুলা কাপুৰে কয় যে, তেওঁ নিশা পলমকৈ টোপনি গ্ৰহণ কৰে, গতিকে তেওঁ গভীৰ নিশাত লগা ভোকৰ সন্মুখীন হ’বলগীয়া হয় । এই সময়ছোৱাত তেওঁ চকলেট কেক, চক’ লাভা কেক, ৰাবৰি গুলাব জামুন আৰু চকলেট ট্ৰাফেল আইচক্ৰীম খাই ভাল পায় (Arjun Kapoor Sister Body Transformation)।

লগতে পঢ়ক:Madhuri Dixit Birthday: ৫৬ বছৰ বয়সতো ফিট দেখা যায় মাধুৰী দীক্ষিতক; এয়া হৈছে তেওঁৰ ফিটনেছৰ ৰহস্য

Last Updated : May 18, 2023, 1:22 PM IST

ABOUT THE AUTHOR

...view details