অসম

assam

ETV Bharat / sukhibhava

বয়স অনুপাতে মহিলাসকলে কোনবোৰ আহাৰ গ্ৰহণ কৰিব লাগে ?

এগৰাকী মহিলাই কিশোৰী অৱস্থাৰ পৰা বৃদ্ধাৱস্থালৈ প্ৰতিটো সময়তে নিজকে কেনেদৰে সুস্থ, সবল কৰি ৰাখিব পাৰে (How can women optimise their diet according to age )? সুস্থ হৈ থাকিবলৈ কোনোবোৰ আহাৰ গ্ৰহণ কৰিব লাগে ? বয়স হোৱাৰ লগে লগে কেনেদৰে আহাৰ নিয়ন্ত্ৰণ কৰিব লাগে তাৰ কেইটামান পৰামৰ্শ তলত উল্লেখ কৰা হ'ল ।

How can women optimise their diet according to age
বয়স অনুপাতে মহিলাসকলে কোনবোৰ আহাৰ গ্ৰহণ কৰিব লাগে

By

Published : Mar 17, 2022, 5:34 PM IST

আপুনি অনলাইন শ্ৰেণীত (Online class) অংশগ্ৰহণ কৰা এগৰাকী শিক্ষাৰ্থী হ'ব পাৰে বা আজিকালি ঘৰৰ পৰা কাম কৰা কৰ্পোৰেট কৰ্মচাৰী হ'ব পাৰে । এগৰাকী গৃহিণীও হ'ব পাৰে যি এক মুহূৰ্তৰ বাবেও বিশ্ৰাম নাপায় । হয়তো আপুনি ওপৰত উল্লেখ কোনো এটাও নহ'লেও এগৰাকী সাধাৰণ মহিলা হ'ব পাৰে । কিন্তু এগৰাকী মহিলা হিচাপে আপুনি জনাটো দৰকাৰ যে কোনবোৰ পুষ্টি আপোনাৰ বাবে অধিক গুৰুত্বপূৰ্ণ আৰু কেতিয়া কোনবোৰ আহাৰ গ্ৰহণ কৰিব লাগে (How can women optimise their diet according to age)।

কিশোৰী অৱস্থাৰ পৰাই আপুনি কোনবোৰ আহাৰ গ্ৰহণ কৰিব সেয়া জনাটো দৰকাৰ (Diet for teenage girls)। কিয়নো পৰৱৰ্তী বয়সবোৰত তাৰ প্ৰভাৱ নিশ্চিতভাৱে পৰা দেখা যায় । যিহেতু কিশোৰী অৱস্থাত শৰীৰৰ দ্ৰুত বিকাশ হয় সেয়ে এক পুষ্টিকৰ আৰু সন্তুলিত আহাৰ খোৱাটো অতি প্ৰয়োজন । সঠিক হৰমনৰ ভাৰসাম্যৰ বাবে স্বাস্থ্যকৰ খাদ্য অত্যাৱশ্যকীয় ।

মাছ, আভাকাডো (Avocado), বাদাম, জলফাই তেল (olive oil) আদি চৰ্বি জাতীয় আহাৰ গ্ৰহণ কৰি বহুতে সুস্থ হৈ থাকিব পাৰে । এই সময়ত ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ ফলত প্ৰায়ে দেহত হিমোগ্লোবিনৰ পৰিমাণ হ্ৰাস হয় । সেয়েহে আইৰণ (Iron), প্ৰ'টিনসমৃদ্ধ খাদ্যৰ ওপৰত বেছি গুৰুত্ব দিয়া প্ৰয়োজন ।

এবটৰ (Abott) পুষ্টি চিকিৎসা আৰু বৈজ্ঞানিক পৰিক্ৰমাৰ (Nutrition Medical and Scientific Affairs) সহযোগী সঞ্চালক ডাঃ গণেশ কাধে কোৱা মতে এই সময়ত অধিক শৰ্কৰাযুক্ত আহাৰ আৰু অত্যাধিক চৰ্বিজাতীয় জাংক ফুড পৰিহাৰ কৰা উচিত ।

তেওঁ লগতে কয় যদি আপোনাৰ বয়স ৩০ বছৰৰ তলত তেনেহ'লে কেলচিয়ামযুক্ত আহাৰ বেছিকৈ খোৱা দৰকাৰ । যদি মহামাৰীৰ সময়ত আপুনি বাহিৰলৈ ওলাই দেহত ৰ'দ লগাব নোৱাৰে তেনেহ'লে আপোনাৰ আহাৰত ভিটামিন ডি (Vitamin D) যোগ দিয়ক । যদি আপুনি গৰ্ভৱতী বা স্তন্যপান কৰাই আছে তেনেহ'লে কম প্ৰ'টিন, আইৰণ আৰু ভিটামিন চি (Vitamin C) আপোনাৰ বাবে আৱশ্যকীয় ।

যদি আপুনি গৰ্ভধাৰণৰ পৰিকল্পনা কৰি আছে, ভিটামিন ডি, বি-১২, আইৰণ, কেলচিয়াম আৰু ফলিক এচিড পৰ্যাপ্ত পৰিমাণে থকা আহাৰ গ্ৰহণ কৰাটো অত্যাৱশ্যকীয় । এই বয়সৰ সকলো মহিলাৰ বাবে এক সন্তুলিত আহাৰৰ প্ৰয়োজন য'ত মাংস, দুগ্ধজাত খাদ্য, সাগৰীয় খাদ্য (seafood), সেউজীয়া শাক-পাচলি, মাহজাতীয় শস্য, শুকান ফল (Dry fruits) আৰু নেমু আদি থাকে ।

আহাৰত নিমখ, সংৰক্ষক(preservatives) আৰু চৰ্বিৰ পৰিমাণ অতি নিয়ন্ত্ৰিত পৰিমাণত থাকিব লাগে । ডাঃ গণেশ কাধে কোৱা মতে ৪০ আৰু ৫০ বছৰ বয়সৰ মহিলাসকলে অধিক কেলচিয়াম আৰু আইৰণ, বেৰী, কোকো (cocoa), গ্ৰীণ চাহ (Green tea) আৰু অধিক আঁহযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে । ভিটামিন ডি আৰু চি-ৰ উপৰিও বয়স বৃদ্ধি হোৱাৰ লগে লগে বি-12ৰ অতি প্ৰয়োজন হয় ।

শৰীৰৰ স্নায়ুৰ কাৰ্যকলাপ সঠিকভাৱে হোৱাত বি-১২ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । সেয়েহে যদি আপুনি প্ৰাকৃতিকভাৱে এই বি-১২ নাপায় তেন্তে ভিটামিন বি-১২ পৰ্যাপ্ত পৰিমাণে থকা আহাৰ গ্ৰহণ কৰিব লাগে । যিহেতু এই বয়সৰ লোকসকলৰ ক্ষেত্ৰত বিপাকীয় বিকাৰ (metabolic disorders) আৰু ভিটামিনৰ অভাৱ প্ৰায়ে দেখা যায়, সেয়ে নিয়মীয়া ব্যায়ামৰ সৈতে কম চৰ্বিযুক্ত, বেছি প্ৰ'টিনযুক্ত আহাৰ অতি অত্যাৱশ্যক ।

ডাঃ গণেশ কাধে উল্লেখ কৰা মতে ৬০ বছৰ বা তাৰ উৰ্ধৰ বয়সৰ মহিলাসকলে যদি নিজকে সুস্থ আৰু সক্ৰিয় কৰি ৰাখিব বিচাৰে তেনেহ'লে তেওঁলোকে অধিক পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো প্ৰয়োজন ।ইতিমধ্যে উল্লেখ কৰা পুষ্টিকৰ খাদ্যবোৰ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে । গতিকে কেলচিয়াম, আইৰণ, প্ৰ'টিন সমৃদ্ধ খাদ্যই কেৱল গুৰুত্বপূৰ্ণ নহয় সংসাধিত খাদ্য (Processed foods), সংপৃক্ত চৰ্বি (saturated fats) আৰু অতিৰিক্ত নিমখ ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগিব ।

এই বয়সত মচলাযুক্ত আহাৰ যিয়ে এচিডিটিৰ সমস্যা আনিব পাৰে, অত্যাধিক মিঠাই যাৰ ফলত ডায়েবেটিচ হ'ব পাৰে আদি ত্যাগ কৰিব লাগিব । 'Lactose intolerance'ৰ বাবে কোনোৱে হয়টো দুগ্ধজাত সামগ্ৰী পৰিহাৰ কৰিব পাৰে কিন্তু তেওঁলোকে কেলচিয়াম আৰু প্ৰ'টিনযুক্ত দুগ্ধজাত সামগ্ৰীবোৰ গ্ৰহণ কৰা উচিত ।

আপোনাৰ বয়স যিয়েই নহওঁক, আপোনাৰ শৰীৰ ভালদৰে হাইড্ৰেটেড কৰি ৰাখিবলৈ যথেষ্ট পৰিমাণে পানী খাব লাগিব । পুষ্টি ভাৰসাম্য কৰি ৰখাৰ বাবে আপোনাৰ আহাৰত 'Nutritional drink' যোগ দিয়ক । সতেজ হৈ থাকিবলৈ পৰ্যাপ্ত পৰিমাণে টোপনি যোৱাটো অতি দৰকাৰ । বয়স অনুপাতে উপযুক্ত ব্যায়ামৰ জৰিয়তে আপুনি সক্ৰিয় হৈ থাকিব আৰু আপোনাৰ মানসিক অৱস্থা উন্নত হ'ব । আপুনি প্ৰতিটো সময়তে নিজকে সুস্থ, সবল কৰি ৰাখিবলৈ সেয়ে এক সন্তুলিত আহাৰ গ্ৰহণ কৰাটো অতি প্ৰয়োজন ।

লগতে পঢ়ক :পোহৰ কোঠাত শোৱাৰ অভ্যাস স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

ABOUT THE AUTHOR

...view details