ছালত দাগ আৰু শালমনে প্ৰায়েই আমাৰ সৌন্দৰ্য্যতা হ্ৰাস কৰাই নহয় আত্মবিশ্বাসো হ্ৰাস কৰে ৷ ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰত বহু দামী প্ৰসাধন সামগ্ৰী উপলব্ধ যদিও কেতিয়াবা ব্যৱহাৰ কৰিলেও আকাংক্ষিত ফল পোৱা নাযায় ৷ বহুবাৰ মুখত পৰা ক’লাদাগ হৰম’নৰ পৰিৱৰ্তনৰ বাবেও হ’ব পাৰে আৰু কেতিয়াবা শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবেও এনে হোৱা দেখা যায় ৷
কিন্তু আপুনি প্ৰাকৃতিক পদ্ধতিৰেও মুখৰ পৰা ক’লা দাগ আঁতৰাব পাৰে ৷ বিশেষ কথাটো হ’ল যে এই সকলোবোৰ পদ্ধতি খুবেই বাজেট ফ্ৰেণ্ডলী ৷ ইয়াৰ বাবে আপুনি দামী বিউটি প্ৰডাক্ট ক্ৰয় কৰাৰ প্ৰয়োজন নাই আৰু পাৰ্লাৰলৈ গৈ দামী ফেচিয়েল লোৱাৰো প্ৰয়োজন নাই ৷ গতিকে এই সামগ্ৰীসমূহ নো কি আৰু কোনবোৰ পদ্ধতি অনুসৰণ কৰি এখন উজ্বল আৰু দাগবিহীন ছাল পাব পাৰি জানি লওক ৷
তিয়ঁহ
তিয়ঁহ ছালৰ বাবে অতি উত্তম এয়া আমি সকলোৱে জানো ৷ ই আপোনাৰ ছালৰ টেনিংৰ পৰা মুক্তি দিয়াই নহয় ছালৰ ক’লা দাগো দূৰ হয় ৷ ছালৰ ক’লা ৰং আঁতৰাবলৈ তিয়ঁহৰ ৰসত নেমুৰ ৰস কেইটোপালমান মিহলাই লওক ৷ কপাহৰ সহায়ত কপালকে ধৰি গোটেই মুখত লগাব লাগে ৷ ইয়াৰ পিছত অলপ মালিচ কৰি মুখখন ধুব ৷