অসম

assam

সুস্বাস্থ্য অটুট ৰখাত পিস্তা বাদামৰ ভূমিকা কি ?

By

Published : Apr 17, 2022, 1:55 PM IST

সাধাৰণতে খাদ্য প্ৰস্তুত কৰি পৰিৱেশন কৰাৰ পূৰ্বে ব্যৱহাৰ কৰা এবিধ শুকান ফল(Dry Fruits) হৈছে পিস্তা বাদাম ৷ পিস্তা বাদামে কেৱল খাদ্যৰ সৌন্দৰ্য বৃদ্ধি কৰাই নহয়, স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰতো অৰিহণা আগবঢ়ায় ৷ পিস্তা বাদাম গ্ৰহণৰ লাভালাভ সম্পৰ্কে আজিৰ এই প্ৰতিবেদনত উল্লেখ কৰা হ’ল ৷

How are pistachios good for health
সুস্বাস্থ্য অটুট ৰখাত পিস্তা বাদামৰ ভূমিকা কি

পিস্তা হৈছে এক শুকান ফল ৷ যি কেৱল মিঠাইৰ সোৱাদ আৰু ৰং বৃদ্ধি নকৰে, বৰং খাদ্যৰ পুষ্টিগত মানদণ্ড বৃদ্ধি কৰে ৷ আয়ুৰ্বেদেও পিস্তাৰ গুণাগুণবোৰক স্বীকৃতি প্ৰদান কৰিছে ৷ মহাৰাষ্ট্ৰৰ পুনেস্থিত আয়ুৰ্বেদিক চিকিৎসক ডাঃ কালাকান্তই এই সন্দৰ্ভত মতামত প্ৰকাশ কৰি কয় যে, আয়ুৰ্বেদত পিস্তাক 'কফ' আৰু 'পিত্ত' বৰ্ধক বুলি গণ্য কৰা হয় ৷ যি 'বাত' ৰ পৰা সকাহ দিয়াৰ লগতে শক্তি প্ৰদান কৰে ৷ পুৰুষৰ যৌন স্বাস্থ্যৰ বাবে ইয়াৰ ব্যৱহাৰ অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ কেৱল পিস্তাই নহয়, ইয়াৰ বাকলি, পাত আৰু ইয়াৰ পৰা নিৰ্গত হোৱা তেলক ঔষধি চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় ৷

ফটো উৎস : ইণ্টাৰনেট

পিস্তাত থকা উপাদানসমূহ(Nutrients found in pistachio)

পিস্তাত ভিটামিন এ, কে, চি, ডি, ই আৰু বি-6, খনিজ, মেগনেছিয়াম, লো, আঁহ, প্ৰ'টিন, কাৰ্ব’ হাইড্ৰেট, কেলছিয়াম, এমিন’ এচিড, ফ’লেট, মেংগানিজ, পটাছিয়াম, থিয়ামিন, অসংপৃক্ত চৰ্বি, অলিক আৰু লিন’লিক এচিড আৰু ফাইট’ কেমিকেল সন্নিৱিষ্ট থাকে ৷ ইয়াৰোপৰি পিস্তাত ডায়েবেটিচ অথবা মধুমেহ প্ৰতিৰোধী পদাৰ্থ আৰু এণ্টি অক্সিডেণ্ট জাতীয় গুণাগুণো পোৱা যায় ৷

পিস্তাৰ ঔষধি গুণাগুণ(Medicinal properties of pistachio)

  • পিস্তাৰ ঔষধি গুণাগুণৰ সন্দৰ্ভত নেশ্যনেল চেণ্টাৰ ফৰ বায়’টেকন'লজী ইনফৰ্মেচন (NCBI) ত প্ৰকাশিত এক গৱেষণাত উল্লেখ কৰা হৈছে যে, পিস্তা গ্ৰহণৰ ফলত নিম্ন ঘনত্বৰ লাইপ’ প্ৰ’টিনৰ স্তৰ(LDL) হ্ৰাস হোৱাৰ বিপৰীতে উচ্চ ঘনত্বৰ লাইপ’ প্ৰ'টিনৰ (HDL) স্তৰ বৃদ্ধি হয় ৷ যাৰ ফলত কৰ’নেৰী আৰু ইস্কিমিক হৃদৰোগৰ আশংকা হ্ৰাস পায় ৷
  • এনচিবিআয়ে প্ৰকাশ কৰা অনুসৰি, সীমিত পৰিমাণৰ পিস্তা গ্ৰহণে ওজন নিয়ন্ত্ৰণত সহায় কৰে ৷ এইক্ষেত্ৰত ওজন হ্ৰাস কৰিবলৈ চেষ্টা চলাই থকা এদল ব্যক্তিক সামৰি এক অধ্যয়ন চলোৱা হৈছিল ৷ অধ্যয়নৰ ফলাফলত আইচ'কেল’ৰিক প্ৰেটজেল স্নেক গ্ৰহণ কৰা লোকসকলৰ তুলনাত পিস্তা গ্ৰহণ কৰা লোকসকলৰ ওজন আৰু ট্ৰাইগ্লিচাৰাইডৰ স্তৰ হ্ৰাস হোৱাতো পৰিলক্ষিত হৈছিল ৷
    ফটো উৎস : ইণ্টাৰনেট
  • ইয়াৰ মেদবহুলতা হ্ৰাস কৰিব পৰা গুণ আছে ৷ যি শ্বেতসাৰৰ ফলত সৃষ্টি হোৱা চৰ্বিৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে ৷
  • আন এক গৱেষণাত দেখা গৈছে যে, পিস্তাৰ কৰ্কট ৰোধ প্ৰতিৰোধী ক্ষমতা আছে ৷ পিস্তাত থকা পি-টোক’ফেৰল আৰু অন্যান্য এণ্টি অক্সিডেণ্টে শৰীৰত কৰ্কট ৰোগ সৃষ্টিকাৰী কোষবোৰৰ সৈতে যুঁজ দিয়াত সহায় কৰে ৷
  • পিস্তা হৈছে ফাইট’ নিউট্ৰিয়েণ্ট, লুটিন আৰু জেক্সান্থিনৰ এক উৎকৃষ্ট উৎস ৷ যি আমাৰ দৃষ্টি শক্তি অটুট ৰখাত সহায় কৰে ৷ বিশেষকৈ চকুৰ ছানি পৰা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত পিস্তাৰ ভূমিকা গুৰুত্বপূৰ্ণ ৷
  • আমেৰিকান হাৰ্ট এছ'চিয়েশ্যনৰ আলোচনীত প্ৰকাশিত তথা ২০১৪ চনত পেন ষ্টেট ইউনিভাৰ্চিটিৰ দ্বাৰা কৰা এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে যে, দিনত দুবাৰকৈ পিস্তা খাদ্য হিচাপে গ্ৰহণ কৰিলে টাইপ 2 ডায়েবেটিছৰ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে ৷ তদুপৰি ই মানসিক চাপ হ্ৰাস কৰাৰ লগতে হৃদযন্ত্ৰ সঠিককৈ ৰখাত সহায় কৰে ৷
    ফটো উৎস : ইণ্টাৰনেট

বিশেষজ্ঞই কি কয় ?(What does the expert say?)

খাদ্য আৰু পৰিপুষ্টি বিশেষজ্ঞা ডাঃ দিব্যা শৰ্মাই এই বিষয়ত সদৰি কৰা অনুসৰি, যদি নিয়মিতভাৱে পিস্তা গ্ৰহণ কৰা হয়, তেন্তে ইয়ে শৰীৰক যথেষ্ট লাভালাভ প্ৰদান কৰে ৷ তদুপৰি ইয়ে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত আৰু আইৰণৰ অভাৱ প্ৰতিৰোধ কৰাত সহায় কৰে ৷ ই হাড় মজবুত কৰাৰ লগতে দাঁত শক্তিশালী কৰি ৰাখে ৷ গৰ্ভৱতী মহিলাসকলক অন্যান্য শুকান ফলৰ লগতে নিয়মিত এক নিৰ্ধাৰিত পৰিমাণত পিস্তা গ্ৰহণ কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে ৷ কিয়নো পিস্তাত অ’মেগা-3 ফেটি এচিড সন্নিৱিষ্ট থাকে, যিয়ে গৰ্ভধাৰণৰ সময়ত প্ৰসূতিগৰাকীক বহু পৰিমাণে সহায় কৰে ৷

লগতে চাওক:Mental health tips: সামান্য পৰিমাণে দ্ৰুত গতিত খোজ কঢ়াই হতাশাৰ সৈতে যুঁজ দিয়াত সহায় কৰে

ABOUT THE AUTHOR

...view details